পশ্চিমবংগত শপতগ্ৰহণ অনুষ্ঠানত ৯৮ বছৰীয়া মাখনলাল সৰকাৰৰ চৰণ স্পৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ ব্রিগেড পেৰেড গ্রাউণ্ডত অনুষ্ঠিত বিজেপি চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থকা এজন বিশেষ ব্যক্তিক প্রণিপাত জনালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। তেওঁ বিজেপিৰ প্রতিষ্ঠাকালৰ নেতা শিলিগুৰিৰ দাগ গাঁৱৰ বাসিন্দা ৯৮ বছৰীয়া মাখনলাল সৰকাৰ। বিজেপিৰ পূৰ্বৱৰ্তী সংগঠন জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্রসাদ মুখার্জীৰ তেওঁ আছিল ৰাজনৈতিক সংগী। এই মাখনলাল সৰকাৰকে ব্রিগেডৰ মঞ্চত শ্বল পিন্ধাই আদৰণি জনায় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। অকল সেয়াই নহয়, প্রধানমন্ত্রী মোদীয়ে হাতেৰে চৰণ স্পৰ্শ কৰি মাখনলাল সৰকাৰক শ্ৰদ্ধাপূর্বক প্রণাম কৰে।ইয়াৰ পিছতে সামাজিক মাধ্যমত পোষ্টত কৰি প্রধানমন্ত্রী মোদীয়ে লিখিছে- ‘শপত গ্রহণ অনুষ্ঠানত মাখনলাল সৰকাৰৰ সৈতে সাক্ষাতৰ সুযোগ পালোঁ। তেওঁ জাতীয়তাবাদী মানুহ। শ্যামাপ্রসাদ মুখাৰ্জীৰ সৈতে কাম কৰিছিল আৰু জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ হৈছিল। তেওঁ আমাৰ দলৰ কাৰণে জীৱন উৎসৰ্গা কৰিছে। পশ্চিমবংগত আমাৰ দলক প্ৰসাৰিত কৰাৰ লগতে মানুহক উদ্বুদ্ধ কৰিছে।’

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাজ্যখনৰ নৱনিৰ্বাচিত মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়েও মাখনলাল সৰকাৰক প্ৰণাম জনায়। শপতগ্ৰহণৰ মঞ্চতে মাখনলাল সৰকাৰৰ বিষয়ে বৰ্ণনা কৰে পশ্চিমবংগ বিজেপিৰ সভাপতি সমিক ভট্টাচার্যই। তেওঁ প্রকাশ কৰা মতে, দেশাত্মবোধক গান গোৱাৰ বাবে কংগ্ৰেছৰ আমোলত মাখনলাল সৰকাৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মাখনলাল সৰকাৰক আদালতলৈ নি ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল। কিন্তু সেই কথাত মাখনলাল সৰকাৰ মান্তি নহ’ল। কোনোধৰণৰ অন্যায় নকৰাৰ কথা মাখনলাল সৰকাৰে আদালতত স্পষ্টভাৱে কয়। মাত্র এটা গান গোৱা বুলিহে আদালতক জানিবলৈ দিয়ে। বিচাৰকে গানটো আদালতত গাবলৈ মাখনলাল সৰকাৰক নির্দেশ দিয়ে। লগে লগে মাখনলাল সৰকাৰে আদালতত গানটো গাই শুনায়। তাৰ পাছতে বিচাৰকে ৰে’লৰ এটা ফাৰ্ষ্ট ক্লাছ টিকটত ঘৰলৈ পঠিয়াই দিবলৈ আৰু যাতায়াতৰ বাবদ ১০০ টকা দিয়াৰ বাবে আৰক্ষীক নির্দেশ দিয়ে। সমিক ভট্টাচার্যই কয় যে মাখনলাল সৰকাৰ এনে এজন ব্যক্তি, যিয়ে ১৯৫২ চনত শ্যামাপ্রসাদ মুখার্জীৰ ঐতিহাসিক জম্মু-কাশ্মীৰ যাত্ৰাৰ সংগী আছিল। সেই যাত্রাত আন যিসকল গৈছিল, তেওঁলোক আজি জীয়াই থকা নাই। সেয়েহে শ্যামাপ্রসাদ মুখার্জীৰ ভূমিত শ্যামাপ্রসাদ মুখার্জীৰ আদৰ্শৰ চৰকাৰ গঠন হোৱাৰ দিনটোত মাখনলাল সৰকাৰক মঞ্চত ৰখা হৈছে।

উল্লেখ্য যে ৯৮ বছৰীয়া মাখনলাল সৰকাৰ ১৯৪৫ চনৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত। ১৯৫২ চনত তেওঁক জম্মু-কাশ্মীৰত শ্যামাপ্রসাদ মুখার্জীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক বিজেপিয়ে শিলিগুৰিৰ প্ৰথম সাংগঠনিক সভাপতিৰ দায়িত্ব অর্পণ কৰিছিল। ১৯৮০ চনত বিজেপি গঠন হোৱাৰ পাছত তেওঁক পশ্চিম দিনাজপুৰ (বৰ্তমানৰ উত্তৰ আৰু দক্ষিণ দিনাজপুৰ), জলপাইগুৰি আৰু দার্জিলিঙৰ সাংগঠনিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হয়। ১৯৮১ চনৰ পৰা মাখনলাল সৰকাৰ একেৰাহে সাতবাৰ জিলা সভাপতি আছিল। শপতগ্ৰহণ অনুষ্ঠানৰ মঞ্চত উপস্থিত থকাৰ বাবে শুকুৰবাৰে মাখনলাল সৰকাৰক আমন্ত্রণ জনোৱা হৈছিল।
