পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ শুভেন্দু অধিকাৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহসহ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত কলকাতাৰ ব্রিগেড পেৰেড গ্রাউণ্ডত পশ্চিম বংগৰ বিজেপি চৰকাৰৰ প্ৰথমজন মুখ্যমন্ত্রীৰূপে শপতগ্রহণ কৰে শুভেন্দু অধিকাৰীয়ে। শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰাৰ লগে লগে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পার্টী (বিজেপি)ৰ চৰকাৰ গঠন হ’ল । সদ্যসমাপ্ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰে পৰা সকলোৰে দৃষ্টি নিবদ্ধ আছিল পশ্চিমবংগৰ ওপৰত। সুদীর্ঘ দিন ধৰি কংগ্ৰেছ, বাঁওপন্থী আৰু তৃণমূল কংগ্ৰেছৰ শাসনৰ পিছত ৰাজ্যখনত বিজেপিৰ চমকপ্রদ উত্থানে স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে দলটোৰ নেতা-কর্মীসকলকো। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ ব্যাপক জল্পনা-কল্পনা চলিছিল। এইক্ষেত্রত ৰাজ্যিক বিজেপিৰ নেতা শুভেন্দু অধিকাৰীৰ নামটো আছিল সকলোৰে আগত। অৱশেষত শুকুৰবাৰে শুভেন্দু অধিকাৰীক বিধায়িনী দলপতি হিচাপে বাছনি কৰা হয়। দলৰ সকলোৰে সমর্থনত তেওঁক মুখ্যমন্ত্রী হিচাপে ঘোষণা কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। বিধায়িনী দলৰ বৈঠকৰ পিছত গৃহমন্ত্রী শ্বাহে কয়, ‘বিধায়িনী দলপতি নিৰ্বাচনৰ প্রক্রিয়া সম্পন্ন হৈছে। ৮টা প্রস্তাৱ আহিছিল। এই সকলো প্রস্তাৱতে এটাই নাম আছিল। দ্বিতীয়টো নামৰ বাবে পর্যাপ্ত সময়ো দিয়া হৈছিল। কিন্তু কোনো দ্বিতীয় নামৰ প্ৰস্তাৱ নাহিল। সেইবাবে শুভেন্দু অধিকাৰীকে পশ্চিমবংগৰ মুখ্যমন্ত্রী হিচাপে ঘোষণা কৰিলোঁ।’

মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিয়েই শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ সর্বাংগীণ বিকাশ আৰু আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ সংকল্প গ্ৰহণ কৰিলে। সোণৰ বাংলা গঢ়িবলৈ শূন্য সহনশীলতা নীতি গ্রহণ কৰাৰ প্ৰতিশ্রুতি দিলে নতুন মুখ্যমন্ত্রীয়ে। ব্রিগেড পেৰেড গ্রাউণ্ডত শুভেন্দু অধিকাৰীৰ লগতে তেওঁৰ মন্ত্রীসভাৰ পাঁচজন সতীর্থয়ো শপতগ্ৰহণ কৰে। ইয়াৰ ভিতৰত উত্তৰ বংগৰ পৰা দুজন আৰু দক্ষিণ বংগৰ পৰা তিনিজনক মন্ত্রীসভাত স্থান দিয়া হৈছে। এই পাঁচগৰাকী মন্ত্ৰী হ’ল- দিলীপ ঘোষ, অগ্নিমিত্রা পাল, অশোক কীর্তনীয়া, নিশিথ প্রামাণিক আৰু ক্ষুদিৰাম টুডু। মুখ্যমন্ত্ৰী হোৱাৰ পিছতে শুভেন্দু অধিকাৰীয়ে ‘মই নহয়, আমি’ হৈ একেলগে কাম কৰাৰ বাৰ্তা দিছিল। তাৰ ঠিক ২৪ ঘণ্টাৰ ভিতৰতে ব্রিগেড পেৰেড গ্রাউণ্ডত অনুষ্ঠিত প্রথমখন বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানতো সেই একেই অখণ্ডতাৰ ছবি দেখিবলৈ পোৱা গ’ল। প্রথমখন বিজেপি চৰকাৰৰ মন্ত্রীসভাত যেন ‘এক ভাৰত’ৰ বাৰ্তা। শনিবাৰে মুখ্যমন্ত্ৰীৰ পিছতে শপতগ্ৰহণ কৰে দিলীপ ঘোষে। তাৰ পিছত অগ্নিমিত্রা পাল, মতুৱা বিধায়ক অশোক কীর্তনীয়া, আদিবাসী বিধায়ক ক্ষুদিৰাম টুডু আৰু শেষত ৰাজবংশী অধ্যুষিত এলেকাৰ পৰা নিৰ্বাচিত নিশিথ প্রামাণিকে শপতগ্রহণ কৰে। এই মন্ত্রীসভাখনৰ বাকী সদস্যসকল কোন হ’ব, সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। বিজেপি সূত্ৰৰ খবৰ মতে, মন্ত্রীসভাৰ বাকী সদস্যসকলে অহা সোমবাৰে শপতগ্ৰহণ কৰিব। সেইদিনাই দপ্তৰসমূহ বিতৰণ কৰাৰো সম্ভাৱনা আছে। অহা সোমবাৰে লোকভৱনত ৰাজ্যপাল আৰএন ৰবিয়ে নতুন মন্ত্রীসভাৰ সদস্যসকলক শপতবাক্য পাঠ কৰাব। তাৰ পিছতে মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত হ’ব। মঙলবাৰে প্ৰ’টেম স্পীকাৰৰ শপতগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ৰাজভৱনলৈ যাব। বিধানসভাৰ অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে তাপস ৰায়। তাৰ পিছত অহা বুধবাৰে আৰু বৃহস্পতিবাৰে বিজেপি বিধায়কসকলে শপতগ্ৰহণ কৰিব।

শপতগ্রহণ অনুষ্ঠানলৈ আহোঁতে পশ্চিমবংগৰ জনসাধাৰণৰ সন্মুখত নতজানু হৈ প্রণাম কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত সুকীয়াকৈ তেওঁ কোনো ভাষণ দিয়া নাছিল। প্রণামেৰে তেওঁ পশ্চিমবংগবাসীক শ্রদ্ধা জনায়। ব্রিগেডৰ মঞ্চত উঠিয়েই প্রথমে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহৰ লগতে বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় শীর্ষ নেতৃত্বৰো বহুতেই উপস্থিত থাকে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীন, কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্ৰবাবু নাইডু, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা এনচিপি নেতা প্রফুল্ল পেটেল, বিহাৰৰ মুখ্যমন্ত্ৰী সম্রাট চৌধুৰী, ছিৰাগ পাছোৱান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা, স্মৃতি ইৰাণী, শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নাৱিছ, অগ্নিমিত্রা পাল আৰু মিথুন চক্ৰৱৰ্তী।
