জল্পনা-কল্পনাৰ অন্তত তামিলনাডুত চৰকাৰ গঠনৰ দিশে বিজয়

জল্পনা-কল্পনাৰ অন্তত তামিলনাডুত চৰকাৰ গঠনৰ দিশে বিজয়

ৰঙিলী বাৰ্ত্তাসেৱা-  জল্পনা-কল্পনাৰ অন্তত অৱশেষত তামিলনাডুত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পৰিছে । দেওবাৰে  তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব টিভিকেৰ মুৰব্বী বিজয় থালাপতিয়ে । তেওঁৰ লগতে আন ৯ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে, চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় মেজিক নম্বৰ লাভ কৰিবলৈ ১০খন আসন কমকৈ পোৱা বাবে থালাপতি বিজয়ৰ দল তামিলাগা ভেট্টি কাজাগাম চমুকৈ টিভিকেই আন দলৰ নির্বাচিত প্ৰতিনিধিৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ আগবঢ়াৰ পিছতো পুনৰ জটিলতাই দেখা দিয়ে। কংগ্ৰেছে প্ৰথমতেই সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল। শুকুৰবাৰে দুই বাঁওপন্থী দলেও সমর্থন নিশ্চিত কৰাত বিজয়ৰ চৰকাৰ গঠনৰ সম্ভাৱনা গঢ়ি উঠিছিল। ৰাজ্যপালে বিজয়ক শপত গ্ৰহণৰ বাবে আহ্বানো জনাইছিল। কিন্তু শুকুৰবাৰে নিশা হঠাৎ সমর্থন প্ৰত্যাহাৰ কৰে আইইউএমএল আৰু এএমএমকেয়ে। ফলত ৰাজ্যপালে সংখ্যাগৰিষ্ঠতা সন্দৰ্ভত নিশ্চিত হ’ব নোৱাৰি দুপৰ নিশা শনিবাৰৰ শপতগ্ৰহণ অনুষ্ঠান বাতিল কৰে। অৱশেষত তামিলনাডুৰ আঞ্চলিক দল ভিচিকেয়ে বিজয়ৰ প্ৰতি সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই সমৰ্থনৰ ফলতেই বিজয়ে লাভ কৰে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ। ২৩৪খন আসনৰ তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্রয়োজন ১১৮খন আসনৰ। চিত্ৰতাৰকা বিজয়ৰ টিভিকে দলটোৱে ১০৮খন আসনত জয়ী হৈ একক সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হয়। মেজিক নম্বৰৰ বাবে তেওঁলোকক দৰকাৰ হয় ১১জন বিধায়কৰ সমৰ্থন। প্রথমতে তামিলনাডু কংগ্রেছে সমর্থন আগবঢ়ায়। শুকুৰবাৰে দুই বাঁওপন্থী দল চিপিআই(এম) আৰু চিপিআয়ে সমর্থন দিয়াৰ কথা জনায়। বিধানসভাত তেওঁলোকৰ আসনৰ সংখ্যা ৪। তাৰ পিছত আৰু দুজন বিধায়কৰ সমৰ্থনৰ প্রয়োজন হয়। শনিবাৰে ভিচিকেৰ মুৰব্বী থিৰুমালাভানে জনায় যে তেওঁ চৰকাৰ গঠনৰ বাবে বিজয়ৰ দলক চৰ্তহীনভাৱে সমৰ্থন জনাব। সূত্ৰৰ খবৰ মতে এই সমৰ্থন পোৱাৰ পিছত তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকৰৰ ওচৰত চৰকাৰ গঠনৰ আবেদন জনোৱাত দেওবাৰে শপত গ্ৰহণৰ দিন ধার্য কৰে। যোৱা চাৰি দিনে কমেও তিনিবাৰ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায় তেওঁ। কিন্তু ৰাজ্যপাল বিশ্বনাথে জনাই দিয়ে যে ১১৮জন বিধায়কৰ সমর্থন-পত্র নাপালে টিভিকেক চৰকাৰ গঠনৰ আমন্ত্ৰণ নজনায় তেওঁ। এতিয়া ভিচিকেৰ সমৰ্থন পোৱাৰ পিছত বিজয়ৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত সমস্যা আঁতৰিল।