১৮ সংখ্যালঘু বিধায়ককলৈ লাঞ্চ পাটী ৰকিবুল হুছেইনৰ

১৮ সংখ্যালঘু বিধায়ককলৈ লাঞ্চ পাটী ৰকিবুল হুছেইনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি আৰু মিত্ৰদলৰ হাতত একপ্ৰকাৰ বিধ্বস্ত হোৱা কংগ্ৰেছে পৰাজয়ৰ কাৰণ বিচাৰি অনুষ্ঠিত কৰে এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ পূৰ্বেই কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ বাসগৃহত চলিল এক লাঞ্চ পাটী। কংগ্ৰেছৰ নিৰ্বাচিত বিধায়কসকলক লৈ অনুষ্ঠিত এই লাঞ্চ পাৰ্টীৰ বাবেই আৰম্ভ হৈছে তীব্র প্রতিক্ৰিয়াৰ। কংগ্ৰেছৰ নিৰ্বাচিত বিধায়কসকলক গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বাসগৃহলৈ নিমন্ত্ৰণ কৰি ৰকিবুল হুছেইনে ১৮ গৰাকীকৈ বিধায়কক আজি এসাঁজ খুৱালে। ৰকিবুল হুছেইনৰ লাঞ্চ পার্টীত কংগ্ৰেছৰ ১৮জনকৈ সংখ্যালঘু বিধায়ক উপস্থিত থকাৰ বিপৰীতে ৰহস্যজনকভাৱে এই পাৰ্টীৰ পৰা আঁতৰি থাকিল নাওবৈচাৰ বিধায়ক জয়প্রকাশ দাস। নির্বাচনী ধুমুহাত বিধ্বস্ত হোৱাৰ পাছতো কংগ্রেছত যে লবীকেন্দ্ৰিক ৰাজনীতিৰ ওৰ পৰা নাই তাৰ নিদৰ্শন ৰকিবুল হুছেইনৰ বাসগৃহত হোৱা লাঞ্চ পার্টীয়ে পুনৰ প্ৰমাণ কৰিলে। তিনিটাকৈ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতো হতাশ কংগ্রেছ শীর্ষ নেতৃত্বই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত নির্বাচনী বিপৰ্যয়ৰ কাৰণ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে দলৰ বিধায়কসকলৰ লগত বাসগৃহত ৰকিবুল হুছেইনে আয়োজন কৰা এই লাঞ্চ পার্টীয়ে দলৰ ভিতৰত যে ৰকিবুল হুছেইনৰ প্ৰভাৱ পুনৰ বৃদ্ধি হ’ব সেয়া স্পষ্ট কৰি তুলিলে।  উল্লেখ্য যে ৰকিবুল হুছেইনৰ বাসগৃহত তেওঁৰ কাষত থিয় দিলে কংগ্ৰেছৰ বিধায়ক ক্ৰমে ৱাজেদ আলী চৌধুৰী, আফতাব উদ্দিন মোল্লা, বেবী বেগম, মহিবুৰ ৰহমান, নুৰুল ইছলাম, নুৰুল হুদা, তাঞ্জিল হুছেইন, আমিনুল হক লস্কৰ, জাকাৰিয়া আহমেদ, আশ্রাফুল ইছলাম শ্বেইখ, আব্দুছ ছোবাহান আলী সৰকাৰ, আব্দুল কালাম ৰছিদ, জুবেইৰ আনম মজুমদাৰ, আব্দুল ৰহিম আহমেদ, জাকিৰ হুছেইন শিকদাৰ, ৰেকিবুদ্দিন আহমেদ আৰু আমিনুৰ ৰছিদ চৌধুৰী। উপস্থিত নাথাকিল বিধায়ক ডাঃ জয় প্রকাশ দাস।