বাজপেয়ী ভৱনত দিলীপ শইকীয়াৰ সভাপতিত্বত এক গুৰুত্বপূৰ্ণ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধীক বিধ্বস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰা বিজেপিয়ে তৃতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰ ল’বলৈ সাজু হৈছে ।ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰ গঠনৰ পূৰ্বে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতত নিজৰ পদত্যাগ পত্র দাখিল কৰিছে । অহা ১২ মে’ৰ দুপৰীয়া বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিব । তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ গঠনৰ যুদ্ধকালীন গতিৰে চলিছে প্রস্তুতি ৰাজ্যিক বিজেপিৰ।উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী উপস্থিত থাকিবলগা এই শপতগ্রহণ অনুষ্ঠানক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিজেপিৰ লগতে প্রশাসন। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশাল ৰভা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ৰাজ্য প্ৰশাসনেও আৰম্ভ কৰিছে বিভিন্ন সুৰক্ষাৰ ব্যৱস্থা। সমান্তৰালভাৱে নতুন চৰকাৰক আদৰিবলৈ গুৱাহাটীক সজাই-পৰাই তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰিয়েই সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ল এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত নৱ-নিৰ্বাচিত বিধায়ক পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা কৌশিক ৰায়, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল । ১২ মে’ৰ পুৱা ১০.১৫ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিবলগা প্রধানমন্ত্রী মোদীয়ে বিমানবন্দৰৰ পৰাই হেলিকপ্টাৰযোগে অৱতৰণ কৰিব নাৰেংগীস্থিত সেনা বাহিনীৰ হেলিপেডত আৰু তাৰ পৰাই পোনে পোনে উপস্থিত হ’ব খানাপাৰাৰ শপতগ্রহণ অনুষ্ঠানত। সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ লগতে শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিজেপিৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয় নেতাই। ইতিমধ্যে এনডিএশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখমন্ত্রীসকলক শপতগ্রহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিমন্ত্রণী-পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য প্ৰশাসনে। ইয়াৰ পূৰ্বে ৯ মে’ত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়াব সিং ছাইনী। পর্যবেক্ষক হিচাপে নিযুক্তি লাভ কৰা এই দুয়োগৰাকী নেতাৰ উপস্থিতিত ১০ মে’ত বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত কৰা হ’ব ড° হিমন্ত বিশ্ব শর্মাক। আনহাতে ১০ মে’ৰ বিয়লি অনুষ্ঠিত হ’ব এনডিএৰ বৈঠক। এই দুয়োখন বৈঠকৰ পাছতে ১১ মে’ত সম্পূৰ্ণ কৰি তোলা হ’ব শপতগ্ৰহণৰ সকলো প্ৰস্তুতি।

ইফালে শপতগ্ৰহণ সমাৰোহৰ প্ৰস্তুতিৰ বুজ ল’বলৈ সন্ধিয়া ভাগত খানাপাৰাত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পূৰ্বে অনুষ্ঠানৰ সকলো দিশ তদাৰক কৰাৰ লগতে সুৰক্ষাৰ দিশ পৰ্যৱেক্ষণ কৰাৰ বাবে খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত উপস্থিত হয় মুখ্য সচিব ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিট সিঙৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ প্রশাসনিক বিষয়াই। মন কৰিবলগীয়া যে ড° হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপতগ্রহণ কৰিবলগা এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক লোক উপস্থিত থকাৰ সমান্তৰালকৈ দেশৰ কেইবাখনো ৰাজ্যৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা দিবলৈ উপস্থিত থাকিব বহুসংখ্যক দলীয় কার্যকর্তা। উল্লেখ্য যে ২০২৬ ৰ নিৰ্বাচনত এক ঐতিহাসিক জনমত লাভ কৰি পূৰ্বৰ চৰকাৰৰ বা ৰাজনৈতিক দলৰ অভিলেখ ভংগ কৰে এনডিএই । অসম আন্দোলনৰ পাছত এনডিএই সৰ্বাধিক আসন দখল কৰাৰ অভিলেখ সৃষ্টি কৰিছে । মুঠ ১২৬ খন আসনৰ ভিতৰত এনডিএই লাভ কৰে ১০২ খন আসন । বিজেপিয়ে ৮২ খন আসন লাভ কৰাৰ বিপৰীতে দুই মিত্ৰদল ক্ৰমে অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰে । এতিয়া ১২ মে’ৰ দুপৰীয়া শপত ল’বলৈ সাজু হৈছে এনডিএ বাহিনী ৷
