শিৱসাগৰত আৰক্ষীৰ জালত আলফা স্বাধীনৰ কেডাৰ ৰণ্টু অসম

শিৱসাগৰত আৰক্ষীৰ জালত আলফা স্বাধীনৰ কেডাৰ ৰণ্টু অসম

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰক্ষীৰ জালত পৰিল দুর্ধর্ষ আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ ছার্জেন্ট ৰণ্টু অসম ওৰফে বীৰেন চেতিয়া। দীর্ঘদিন ধৰি অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ৰন্টু অসমক এক গোপন সূত্ৰৰ পম খেদি ডিমৌৰ পালেঙী ধ্যানপথাৰত আত্মগোপন কৰি থকা অৱস্থাত শিৱসাগৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু ডিমৌ থানাৰ এটা বৃহৎ আৰক্ষীৰ দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।শিৱসাগৰ আৰু ডিমৌ আৰক্ষীৰ বৃহৎ অভিযানকাৰী দলটোৱে ডিমৌ থানাৰ অন্তৰ্গত পালেঙী ধ্যানপথাৰ গাঁৱৰ বিপুল শেনচোৱাৰ বাসগৃহত আত্মগোপন কৰা দুৰ্ধৰ্ষ আলফাৰ ছাৰ্জেণ্ট মেজৰ ৰন্টু অসমৰ পৰা বৃহৎসংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আলফা (স্বাধীন) ৰ ছাৰ্জেণ্ট মেজৰ ৰন্টু অসম ওৰফে বীৰেন চেতিয়াৰ পৰা এটা বটল গ্রেনেড, ৭টা হেণ্ড গ্রেনেড, এটা ৯ এম এম পিস্টল, ১০জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে নগদ ১৩,৫০০ টকাৰ উপৰি বহুতো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পৰেশ বৰুৱাপন্থীৰ আলফা কেডাৰ ৰণ্ট অসম ওৰফে বীৰেন চেতিয়াৰ ঘৰ ডিমৌৰ কাষৰীয়া মৰাণ আৰক্ষী চকীৰ অন্তৰ্গত বেজপথাৰ গাঁৱৰ প্ৰয়াত পুতু চেতিয়াৰ পুত্ৰ। শিৱসাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি আলফা (স্বাধীন)ৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত উজনি অসমত কূটাঘাতৰ পৰিকল্পনাৰে প্ৰৱেশ কৰিছিল ৰন্টু অসম। বিগত দিনকেইটা বিভিন্ন স্থানত আত্মগোপন কৰি যোৱানিশা ডিমৌ থানাৰ অন্তৰ্গত পালেঙী ধ্যানপথাৰত বাহৰ পাতিছিল ছার্জেন্ট মেজৰ ৰন্টু অসমে। নাগালেণ্ডৰ দিশেৰে অসমত প্ৰৱেশ কৰা ধৃত বীৰেন চেতিয়া ওৰফে ৰণ্টু অসমে ৮টাকৈ হেণ্ড গ্রেনেড, এটা ৯ এম এম পিষ্টল আন এটা আলফা (স্বাধীন)ৰ দলক গতাই দিয়াৰ কথা আছিল। ৰন্টু অসমে এই মাৰণাস্ত্ৰসমূহ আন গোটক চমজাই দি বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা কৰিছিল বুলি জানিবলৈ দিয়ে। তদন্তৰ খাতিৰত আৰু কিছু তথ্য দিয়াৰ পৰা বিৰত থাকে শীর্ষ আৰক্ষী বিষয়াগৰাকী।