ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা::২৭ জিলা সমিতিৰ প্ৰতিনিধি উপস্থিত

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ‘সংস্কৃতি সমন্বয়ৰ সোপান’ -এই মূলমন্ত্ৰকে সাৰোগত কৰি সাংস্কৃতিক মহাসভা,অসমে বিগত এঘাৰটা বছৰে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ মাজতে ডিব্ৰুগড়ত সাংস্কৃতিক সংগঠনৰ ষষ্ঠ বাৰ্ষিক পূৰ্ণাঙ্গ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হয়। সাংস্কৃতিক মহাসভা, অসমৰ প্ৰায় ২৭ খন জিলা সমিতিক প্ৰতিনিধিত্ব কৰা বিষয়ববীয়াকে ধৰি আৰু কেন্দ্ৰীয় সভাপতি,কাৰ্যকৰী সভাপতি, সম্পাদক প্ৰধানকে প্ৰমুখ্য কৰি প্ৰায় দ্বি-শতাধিক লোকৰ উপস্হিতিত ‘ডিব্ৰুগড় চৰকাৰী পেন্সনাৰ ভৱন’ আৰু ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন’ত দুটা পৰ্যায়ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি ২৫ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ পূৰ্বে, পুৱা ন বজাত সাংস্কৃতিক মহাসভা, অসমৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি পবিত্ৰ শৰ্মাই, পুষ্প বৃষ্টি- উৰুলিধ্বনি – পতাকা উত্তোলনী গীতেৰে আৰম্ভণী হোৱা অনুষ্ঠানৰ পিছতেই সাংস্কৃতিক মহাসভা, অসমৰ প্ৰয়াত প্ৰতিষ্ঠাপক সভাপতি শংকৰ দাস , প্ৰতিষ্ঠাপক সম্পাদক বদন শৰ্মা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, সংগীত সূৰ্য জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ডিব্ৰুগড় জিলা সভাপতি প্ৰমোদ দত্ত, বিনোদ কুমাৰ বড়া, প্ৰদীপ কুমাৰ বৰাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰা হয়। পৰিৱেশ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি পাঁচ গৰাকী বিশিষ্ট ব্যক্তি কৃষ্ণকান্ত বৰা,প্ৰাক্তন জিলা সভাপতি নোমল চন্দ্ৰ গগৈ, কেন্দ্ৰীয় উপ-সভাপতি নলবাৰীৰ উমেশ বৰ্মন, আদিৰদ্বাৰা পাঁচ জোপা গছ পুলি ৰোপন কাৰ্যসূচীও গ্ৰহণ কৰা হয়। অনাগত দিনবোৰত অসমীয়া সংস্কৃতিৰ উজ্জ্বল ভৱিষ্যত কামনাৰে পঞ্চমুখী বন্তি প্ৰজ্বলন কৰি উৰুলি ধ্বনিৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে শিক্ষাবিদ ডঃ দয়ানন্দ শ্বাহ, সঙ্গীত শিল্পী ডঃ ৰঞ্জু ভট্টাচাৰ্য্য, জ্যেষ্ঠশ্ৰী সন্মান প্ৰাপক ডাঃ বিপিন্দ্ৰ নাথ কাকতিয়ে। আদৰণি অনুষ্ঠান উদ্বোধন কৰে সাংস্কৃতিক মহাসভা, অসমৰ পৰম সন্মানীয় সদস্য ভূপেন শইকীয়াই আৰু ভাষণ পাঠ কৰে সমিতিৰ সভাপতি শব্দৰথী ৰুদ্ৰ গগৈয়ে। কাৰ্যনিৰ্বাহক সভাখনিৰ আৰম্ভণিতে সাংস্কৃতিক মহাসভা, অসমৰ আজীৱন সদস্য নৱনীতা কলিতাক চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কলৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হোৱা বাবে এটি স্মাৰক আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলে।সাংস্কৃতিক মহাসভা, অসমৰ সম্পাদক প্ৰধান প্ৰদীপ কুমাৰ বৰাই আঁত ধৰা সভাত সাংস্কৃতিক মহাসভা, অসমৰ আজীৱন সদস্য পদ গ্ৰহণ কৰা ডিব্ৰুগড় জিলাৰ সোতৰ গৰাকী আৰু পৰম সন্মানীয় সদস্য পদ গ্ৰহণ কৰা দুগৰাকীক মহাসভাৰ প্ৰমাণ পত্ৰ দিয়া হয়। অনুষ্ঠানতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজীক লৈ প্ৰকাশ কৰা ‘বৰণ্য’ শীৰ্ষক গ্ৰন্হখনি উন্মোচন কৰে কেন্দ্ৰীয় সভাপতি পবিত্ৰ শৰ্মাই বুলি জানিবলৈ দিছে সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতায়।