শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগত বিধানসভাৰ নিৰ্বাচনৰ পাছত ৰাজনৈতিক হিংসাই ব্যাপক ৰূপ ধাৰণ কৰিছে। বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰে ৷এই ঘটনাৰ পাছতে পশ্চিমবংগত তীব্ৰ আতংক আৰু উত্তেজনাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্রামত পশ্চিম বংগ বিজেপিৰ নেতা তথা বিধায়ক শুভেন্দু অধিকাৰীৰ পি এ চন্দ্ৰনাথ ৰথৰ গাড়ীখন ৰখাই দুর্বৃত্তই চাৰিজাঁই গুলীচালনা কৰে।প্ৰাথমিক তথ্য অনুসৰি আক্ৰমণকাৰীয়ে ৰথৰ গাড়ীখনৰ পিছে পিছে গৈ হঠাৎ গাড়ীখন আগভেটি ধৰি খিৰিকীৰে গুলী চলায় আৰু আক্ৰমণ সংঘটিত কৰিয়েই পলায়ন কৰে । সেইসময়ত ড্ৰাইভাৰৰ কাষৰ সন্মুখৰ চিটত বহি আছিল চন্দ্ৰনাথ ৰথ । তেওঁৰ চালকজনো এই গুলীচালনাৰ ঘটনাত আহত হয় ৷ বৰ্তমান তেওঁ কলকাতাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।গুলীচালনাত ৰথ গুৰুতৰভাৱে আহত হয় আৰু তেওঁক ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ উল্লেখ কৰাৰ প্ৰয়োজন যে পশ্চিম বংগৰ মুখ্যমন্ত্রী পদৰ প্ৰবল দাবীদাৰ শুভেন্দু অধিকাৰীয়ে বৰ্তমানৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক ভৱানীপুৰ সমষ্টিত আৰু একালৰ তেওঁৰে ঘনিষ্ঠ সহযোগী পৱিত্ৰ কৰক নন্দীগ্ৰামত পৰাস্ত কৰি পশ্চিম বংগ বিধানসভালৈ নির্বাচিত হৈছে। উল্লেখযোগ্য যে, নিহত চন্দ্ৰনাথ ৰথ প্ৰায় ১২ বছৰ ধৰি শুভেন্দু অধিকাৰীৰ সৈতে জড়িত আছিল আৰু তেখেতৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত আছিল। শেহতীয়া নিৰ্বাচনী প্ৰচাৰ অভিযানতো তেওঁ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ইফালে, ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। লগতে, আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি দুষ্কৃতিকাৰীৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে। সমগ্ৰ ঘটনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
