আকৌ এবাৰ এজনী কণমানিৰ নাম অন্তৰ্ভুক্ত হ’ল ইন্ডিয়া বুক অফ ৰেকৰ্ডছত

আকৌ এবাৰ এজনী কণমানিৰ নাম অন্তৰ্ভুক্ত হ’ল ইন্ডিয়া বুক অফ ৰেকৰ্ডছত

অনলাইন বাৰ্ত্তাসেৱা – কোনোবা মহান ব্যক্তিয়ে কৈছিল যে, “প্ৰকৃত প্ৰতিভাক কোনোৱেই বেছিদিনলৈ লুকাই ৰাখিব নোৱাৰে, সেই প্ৰতিভা এদিন নহয় এদিন হ’লেও পোহৰলৈ আহিবয়েই।” আকৌ এবাৰ টিহুৰ হাতিপৰাৰ সৌৰভ শৰ্মা আৰু কাকলি কাশ্যপৰ একমাত্র ছোৱালী হৰ্ষিতা শৰ্মাই তাইৰ নাম নাম অন্তর্ভুক্ত কৰিলে ইন্ডিয়া বুক অফ ৰেকৰ্ডছত। হৰ্ষিতাৰ বয়স ২ বছৰ ১০ মাহ। দেউতাক সৌৰভ শৰ্মাই বৰমাত বিজুলি বিভাগত চাকৰি কৰে আৰু মাতৃ কাকলি কাশ্যপ এজনী শিক্ষয়িত্ৰী । কণমানি হৰ্ষিতাক এতিয়াও স্কুলত নামভৰ্তিয়ে কৰোৱা নাই কিন্তু হৰ্ষিতাই ঘৰতে কিতাপ তথা মোবাইলত চাই চাই স্কুলত নাযাওঁতেই নাৰ্চাৰি শ্ৰেণীৰ পাঠ্যক্রম প্ৰায় শেষ কৰি পেলাইছে। হৰ্ষিতাই সুন্দৰ ক’ব পাৰে মানুহৰ শৰীৰৰ প্ৰায় ১১ টা অংগৰ নাম, বহুতো জীৱ-জন্ত, চৰাই-চিৰিকতিৰ লগতে বিভিন্ন শাক-পাচলি, ফল-মূল আদি বহুতৰে নাম। এজনী কণমানি শিশু যাক এতিয়ালৈ স্কুলত নামভৰ্তিয়ে কৰোৱা নাই তেনে এজনী শিশুৰ ইমানখিনি জ্ঞান থকাটো সঁচাকৈয়ে আচৰিত তুলিছে সকলোকে। সেইবাবে হৰ্ষিতাই ইন্ডিয়া বুক অফ ৰেকৰ্ডছতো নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

(By Sahil Mallick)