মই মুখ্যমন্ত্রী পদ ত্যাগ নকৰোঁঃমমতা বেনাৰ্জী

Pc Rediff

মই মুখ্যমন্ত্রী পদ ত্যাগ নকৰোঁঃমমতা বেনাৰ্জী

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগৰ ভৱনীপুৰ বিধানসভা সমষ্টিত পৰাজিত হৈছে মমতা বেনাৰ্জী। বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত ১৫,১১৪টা ভোটত পৰাস্ত হয় মমতা। সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণ পৰাজয়ৰ সন্মুখীন হৈছে তৃণমূল কংগ্ৰেছ। পশ্চিমবংগৰ ২৯৩খন বিধানসভা আসনৰ ভিতৰত ২০৭খন আসনতে বিজেপিয়ে জয়লাভ কৰিছে। তৃণমূলে লাভ কৰিছে ৮০খন আসন। এই নিৰ্বাচনী ফলাফলৰ পিছত মঙলবাৰে বিয়লি  সংবাদ মাধ্যমক সম্বোধন কৰে বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে। কলকতাত অনুষ্ঠিত এখন সংবাদমেলত মমতা বেনাৰ্জীয়ে কয়, ‘মই মুখ্যমন্ত্রী পদ ত্যাগ নকৰোঁ। আমি জনাদেশৰ দ্বাৰা নহয়, চক্ৰান্তৰ জৰিয়তেহে পৰাজিত হৈছোঁ। সেয়েহে পদত্যাগ কৰাৰ বাবে মই লোকভৱনলৈ নাযাওঁ।’ তেওঁ সংবাদমেলত নির্বাচন আয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘নির্বাচন আয়োগ প্রকৃত খলনায়ক। তেওঁলোকে বিজেপিৰ সৈতে মিলি ১০০খন আসন লুট কৰিলে। এতিয়া মোৰ কোনো গাদী নাই। এতিয়া মই মুক্ত পক্ষী। যিকোনো স্থানৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিম, পথতে থাকিম।’ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱা মমতাই কয়, ‘যদি বিজেপি নিৰপেক্ষ নির্বাচনত জয়ী হ’লহেঁতেন তেতিয়া মোৰ ক’বলগীয়া একো নাছিল, কিন্তু আমি পৰাজিত হোৱা নাই, আমাক পৰাজিত কৰোৱা হৈছে। বিজেপিয়ে জয় চুৰ কৰি নিলে। তেওঁলোকে এছ আই আৰৰ জৰিয়তে ৯০ লাখ লোকৰ নাম কৰ্তন কৰিলে। আমি যেতিয়া আদালতলৈ গ’লোঁ তেতিয়া ৩২ লাখ লোকৰ নাম পুনৰ অন্তৰ্ভূক্ত কৰা হ’ল আৰু পাছত সাত লাখ লোকৰ নাম অন্তর্ভুক্ত কৰা হয়।’  মমতাই কয়, ‘মই জীৱনত এনেধৰণৰ নিৰ্বাচন দেখা নাই। মই ২০০৪ চনৰ পাছত এনেধৰণৰ উৎপীড়নো দেখা পোৱা নাই। ই ভয়াৱহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহে মিলি আমাক পৰাজিত কৰিলে। আমাক পৰাজিত কৰাৰ বাবে বিজেপিয়ে সকলোধৰণৰ কূট-কৌশল অবলম্বন কৰিলে। বিজেপিৰ কৰ্মীয়ে আমাৰ দলৰ নেতা-কর্মীক মাৰপিট কৰিলে। তেওঁ পদত্যাগ কৰিব নে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মমতাই কয়, ‘মই পদত্যাগ কৰাৰ প্ৰশ্নই নুঠে।’ তেওঁ ৰাজভৱনলৈ যাবনে বুলি সোধা প্ৰশ্নৰ উত্তৰত মমতাই কয়, ‘নৈতিকভাৱে আমাৰ জয় হৈছে। মই লোকভৱনলৈ গৈ পদত্যাগ নকৰোঁ। দলৰ সদস্যসকলৰ সৈতে পৰৱৰ্তী কৌশল সম্পর্কে আলোচনা কৰা হ’ব। এতিয়া আৰু মই বিজেপিৰ অত্যাচাৰ সহ্য নকৰোঁ। মই পথলৈ উভতি আহিম।’ তেওঁ লগতে কয়, ‘আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ সৈতে নাছিল, নির্বাচন আয়োগৰ সৈতেহে আছিল। নির্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰিলে।’ মমতাই কয়, ‘ইণ্ডিয়া ব্লক মোৰ লগত আছে। ছোনিয়া গান্ধীয়ে মোলৈ ফ’ন কৰিছে। অৰবিন্দ কেজৰিৱাল, উদ্ধৱ থাকৰে, হেমন্ত ছোৰেন আৰু তেজস্বী যাদবে মোলৈ ফ’ন কৰিছে। ইণ্ডিয়া ব্লক মোৰ লগত আছেবুলি তেওঁলোকে কয়। কাইলৈ অখিলেশ যাদবো আহিব।’ তেওঁ যুঁজ দি যাব বুলি উল্লেখ কৰি কয় যে বিজেপিয়ে তেওঁৰ দলৰ লোকক অত্যাচৰ কৰিবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে অনসূচিত জাতি আৰু জনজাতিৰ লোককো আক্ৰমণ কৰা বুলি মমতাই অভিযোগ কৰে। ‘বিজেপিৰ লোকে তেওঁলোকক এইবুলি ভাবুকি দিছে যে আমি তোমালোকক বলাৎকাৰ কৰিম।’-মমতাই এনেদৰে কয়। বিজেপিৰ গুণ্ডাই আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে হাত সাবটি বহি থকা বুলি অভিযোগ কৰি মমতাই কয়, ‘বিজেপিৰ গুণ্ডাই মোকো আক্রমণ কৰে। মোৰ পিঠি আৰু পেটত গোৰ মাৰে।’ বিজেপিয়ে ভোটগণনা কেন্দ্ৰ নিজৰ দখলত ৰখা বুলি অভিযোগ কৰি মমতাই কয়, ‘মোকো অশালীন ব্যৱহাৰ কৰিছিল। প্রার্থী আৰু দলীয় নেতা-কর্মীকো অত্যাচাৰ কৰে।’ তেওঁ উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলিও কয়। ইফালে মমতাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাত বিজেপিয়ে তেওঁক সমালোচনা কৰিছে। বিজেপিৰ মুখপাত্র গৌৰৱ ভাটিয়াই কয় যে ক্ষমতা নিজৰ হাতত ৰখাৰ চেষ্টা কৰি মমতাই কেৱল অৰাজকতাবাদী মনোভাব প্রকাশ কৰাই নহয়, ভোটাৰৰ আৱেগ আৰু জনাদেশৰ পবিত্ৰতাক চূড়ান্তভাৱে অপমান কৰিছে। ই সাংবিধানিক ব্যৱস্থাৰো চূড়ান্ত অৱমাননা।’ উল্লেখযোগ্য যে নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত মমতাই পদত্যাগ নকৰিলে ৰাজ্যপালে তেওঁক বৰ্খাস্ত কৰিব পাৰে। সংবিধানৰ ১২৬ নম্বৰ অনুচ্ছেদত স্পষ্টভাবে উল্লেখ কৰা আছে যে ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। যদি মুখ্যমন্ত্ৰী নিৰ্বাচনত পৰাজিত হয় বা সদনত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পাছতো পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেতিয়া ৰাজ্যপালে তেওঁক বৰ্খাস্ত কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। ৰাজ্যপালে এক নির্দেশযোগে বৰ্তমানৰ চৰকাৰ তৎক্ষণাৎ ভংগ কৰিব পাৰে।