মমতাৰ ১৫ বছৰীয়া দুৰ্গ তচনচ কৰি পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়

Pc the Statesman

মমতাৰ ১৫ বছৰীয়া দুৰ্গ তচনচ কৰি পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়

ৰঙিলী বাৰ্ত্তাসেৱা- মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ বাঘজৰী ওফৰাই বংগত ঐতিহাসিক বিজয়ধ্বজা উৰুৱালে বিজেপি নেতৃত্বাধীন এনডিএই। ভৱানীপুৰ সমষ্টিত এনডিএ প্রার্থী শুভেন্দু অধিকাৰীৰ হাতত ১৫,১১৪টা ভোটৰ ব্যৱধানত পৰাজিত হয় মুখ্যমন্ত্রী মমতা বেনার্জী।তথ্য অনুসৰি, পশ্চিবংগত এনডিএই ২০৬খন, তৃণমূলে ৮১খন, অন্যান্যই ৪খন আৰু নিৰ্দলীয়ই ২খন আসনত অগ্রগতি লাভ কৰিছে। নিশা ১১ বজালৈকে এনডিএৰ ২০১খনত বিজয় নিশ্চিত হৈছে। কেৱল মমতা বেনাৰ্জীয়েই নহয়, ২২৬খন আসন দখলৰ সপোন দেখা তৃণমূল কংগ্ৰেছৰ বহু ৰথী-মহাৰথী এইবাৰ ৰণত পৰাত ১০০খন আসনৰ ডেওনাও পাৰ হ’বলৈ সক্ষম নহ’ল শাসনাধিষ্ঠিত দলটো। এইবাৰৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৰাজিত মন্ত্ৰী আৰু শীর্ষ নেতৃত্বৰ ভিতৰত বিত্তমন্ত্রী চন্দ্রিমা ভট্টাচার্য, দেৱাশিস কুমাৰ, অৰূপ বিশ্বাস, শশী বিশ্বাস, শিক্ষামন্ত্রী ব্রাত্য বসু, বেচেৰাম মান্না, ইন্দ্রনীল সেন, সুজিত বসু, উদয়ন গুহ আৰু মলয় ঘতক উল্লেখযোগ্য। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহৰ পৰা আদি কৰি বিজেপিৰ সকলো ৰাষ্ট্ৰীয় নেতৃবর্গই বিগত প্রায় এবছৰ ধৰি বংগৰ জনতাক মমতা বেনাৰ্জীৰ বিৰুদ্ধে জনমত গঠন কৰাত সফল হ’ল। বংগত বিজেপিৰ বৃহৎ জয়ৰ মূলতে ধর্মীয় মেৰুকৰণৰ প্রসংগ উত্থাপন হৈছে। বিশেষকৈ এনডিএ প্রার্থী শুভেন্দু অধিকাৰীয়ে আৰম্ভণিৰ পৰা চলোৱা হিন্দুত্বৰ প্ৰচাৰ, গৃহমন্ত্রী অমিত শ্বাহে প্রতিখন সভাত আওৰাই থকা নাগৰিক সংহিতাৰ প্ৰতিশ্রুতিৰ লগতে বাঙালী মধ্যবিত্ত হিন্দুসকলৰ মাজত বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু ৰোহিংগ্যাৰ প্ৰতি ভয় যোগাই তোলাটোৱে বিশেষভাৱে ক্ৰিয়া কৰা পৰিলক্ষিত হয়। একেদৰে হিন্দু আৰু মুছলমান ভোটাৰৰ মাজত বিভাজন আনিও বিজেপিয়ে এইবাৰ নিজৰ পক্ষত নিৰ্বাচনৰ ফলাফল আনিবলৈ সক্ষম হয়। বহু হিন্দু ভোটাৰে বাংলাদেশীপ্রীতি প্ৰদৰ্শন কৰা তৃণমূলৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধি বিজেপিক ভোটদান কৰে। তদুপৰি, তৃণমূলৰ ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত প্ৰতিষ্ঠানবিৰোধী টো স্পষ্ট ৰূপত প্রতিফলিত হয়। বিশেষকৈ ৰাজ্যখনত দেখা দিয়া নিবনুৱা সমস্যা, বৃহৎ উদ্যোগৰ অভাৱ, নিযুক্তিত হোৱা দুর্নীতি, বাট-পথৰ দুৰৱস্থাই সাধাৰণ জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰে। সমান্তৰালভাৱে ১৫ বছৰে শাসনত থকাৰ বাবেই তৃণমূলৰ নেতা-পালিনেতাৰ গুণ্ডামিয়েও সাধাৰণ জনতাক বিগত সময়ত অতিষ্ঠ কৰিছিল। ধন দাবী, উৎকোচ আৰু ছিণ্ডিকেটৰ সমস্যায়ো ভয়াৱহ ৰূপ লৈছিল পশ্চিমবংগত। ইয়াৰ পৰিত্ৰাণ বিচাৰি বংগৰ জনতাই বিজেপিক বিকল্প হিচাপে বাছনি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষণ কৰিছে। এইবাৰৰ নিৰ্বাচনত পশ্চিমবংগত বিজেপিয়ে পূৰ্বতে কৰি অহা ভুলৰ পৰা শিক্ষা লৈ সন্তর্পণে আগবঢ়া পৰিলক্ষিত হয়। পূর্বতে বিজেপিৰ নেতাসকলে সভাই-সমিতিয়ে কেৱল মুখ্যমন্ত্রী মমতা বেনাৰ্জীক সমালোচনা কৰি আহিছিল। এই কথাই বিতুষ্ট কৰিছিল বংগবাসীক। কিন্তু নিৰ্বাচনৰ পূৰ্বৰে পৰা গৃহমন্ত্রী অমিত শ্বাহে দলীয় কার্যকর্তাসকলক এইক্ষেত্রত সম্পূর্ণ নিয়ন্ত্ৰণ কৰে। নির্বাচনী প্ৰচাৰৰ সময়ত মমতা বেনার্জীক মূলতঃ আক্ৰমণ কৰাৰ পৰিৱৰ্তে বিজেপিয়ে তৃণমূল চৰকাৰৰ প্ৰশাসনিক ব্যৰ্থতাক ৰাইজৰ আগত তুলি ধৰিবলৈ উঠিপৰি লাগে। যাৰ বাবে মমতা বাহিনীয়েও বিজেপিক লক্ষ্য কৰি লোৱাত ব্যর্থ হয়।  উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে বংগত তিনিখন আসন লাভ কৰিছিল। ২০১৯ চনৰ লোকসভা নির্বাচনত ১৮খন আসন দখলেৰে ৰাজ্যখনত একপ্ৰকাৰ বিজেপিৰ শক্তি বৃদ্ধি পায়। ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছিল ৭৭খন আসন। বিগত সময়ত শক্তিশালী বিৰোধী শক্তি হৈ পৰা বিজেপিয়ে এইবাৰ দুই শতাধিক আসন দখল কৰি বংগৰ মছনদ দখল কৰাই নহয়, একপ্ৰকাৰ ইতিহাসো ৰচনা কৰে।