এই সময় দুঃসময়
শৰৎ দাস,গহপুৰ
ৰঙীন ফুলনি খনৰ এপাহ
ফুল কুমলীয়া পাহি খহি পৰিল হঠাতে
বুকুৰ শিৰলোৰে শিৰলোৰে
ৰঙৰ আস্বাদন বিলাই বিলাই
ৰঙীন দলিচা এৰি
অকালতেই গ’ল গৈ
ৰাঙঢালী জনী
জোনবাই দেশলৈ
এতিয়া এজাক আবতৰীয়া
অশ্ৰুৰ বৰষুণ চৌদিশে
অকালতেই ৰঙচুৱা জোনটো
হেৰাই গ’ল আকাশৰ পৰা
চিৰদিনলৈ।
