সাগৰৰ বুকুত উত্তোলন সৰ্ববৃহৎ ত্ৰিৰংগা

Pc Onmanorama

সাগৰৰ বুকুত উত্তোলন সৰ্ববৃহৎ ত্ৰিৰংগা

ৰঙিলী বাৰ্ত্তাসেৱা- সাগৰৰ বুকুত ৰচিত হ’ল এক নতুন ইতিহাস। সাগৰৰ বুকুত তিনিবৰণীয়া জাতীয় পতাকা প্ৰদৰ্শন কৰি ‘গিনিজ বুক অফ ৱল্ড ৰেকৰ্ডত’ নাম পঞ্জীয়ন কৰিলে ভাৰতে ৷ দেওবাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাধানগৰ বীচ্চত ভাৰতে এই অভিলেখ গঢ়িলে ৷ ৬০ মিটাৰ দীঘল, ৪০ মিটাৰ বহল পতাকা উন্মোচন কৰি ২০০ৰো অধিক ডুবাৰুৰ প্ৰচেষ্টাত প্ৰদৰ্শন কৰা হয় ৰাষ্ট্ৰীয় পতাকা।এই পদক্ষেপত ভাৰতীয় নৌসেনা, আন্দামান আৰু নিকোবৰ আৰক্ষী, বন বিভাগৰ লগতে বিভিন্ন সাঁতোৰ কেন্দ্ৰৰ সদস্যৰ প্ৰচেষ্টাত এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয় ৷ উপ-ৰাজ্যপাল ডি কে যোশী, মুখ্য সচিব চন্দ্রভূষণ কুমাৰ আৰু আৰক্ষী সঞ্চালকপ্রধান এইচ এছ ধালিৱালৰ সৈতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।   এই অনুষ্ঠানত অংশগ্রহণ কৰা ২০০ৰো অধিক ডুবাৰুৰ ভিতৰত তিনিগৰাকী স্কুলীয়া ছাত্র ক্রমে-ফতেহ জাহান সিং (১৬), লাৱণ্য ইৰা (১৫) আৰু ৰণবিজয় সিং (১৪) আছিল আটাইতকৈ কম বয়সীয়া অংশগ্রহণকাৰী। পুৱা ১০.৩৫ বজাত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিচাৰক ঋষি নাথে আনুষ্ঠানিকভাৱে এই কৃতিত্ব নিশ্চিত কৰি যোশীক প্রমাণ-পত্র প্রদান কৰে বুলি বিষয়াসকলে জনায়। সভাত ভাষণ দি যোশীয়ে এইক্ষেত্রত জড়িত দলসমূহক তেওঁলোকৰ সমন্বয় আৰু দায়বদ্ধতাৰ বাবে প্রশংসা কৰি এই কৃতিত্বক দ্বীপপুঞ্জটোৰ অন্যান্য সাফল্যৰ অভিলেখৰ মাজত এক উল্লেখযোগ্য সংযোজন বুলি অভিহিত কৰে। এই কৃতিত্বই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দুঃসাহসিক পৰ্যটন, সাগৰীয় কার্যকলাপ আৰু বিশ্বজুৰি স্বীকৃতিপ্রাপ্ত অনুষ্ঠানৰ গন্তব্যস্থান হিচাপে ক্রমবর্ধমান উচ্চতালৈ আৰোহণৰ পথ উজ্জ্বল কৰি তুলিছে বুলি বিষয়াসকলে জনায়।