ভিডিঅ’ কনফাৰেঞ্চযোগেপর্যালোচনা বৈঠক মুখ্যমন্ত্রী ড° শৰ্মাৰ

ভিডিঅ’ কনফাৰেঞ্চযোগেপর্যালোচনা বৈঠক মুখ্যমন্ত্রী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ ১২৬ আসনৰ ভোটগণনা তথা নির্বাচনী ফলাফল ওলোৱাৰ এদিন পূর্বে দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিজ দলৰ নিৰ্বাচনী ফলাফল সন্দর্ভত দলৰ প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, দলীয় সাংসদ, জিলা সভাপতি, ৰাজ্যিক বিষয়ববীয়া আদিৰ সৈতে এক পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। দলীয় প্রার্থী, সাংসদ তথা বিষয়ববীয়াসকলৰ লগত মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চিংযোগে নিৰ্বাচনৰ সম্ভাব্য ফলাফল সন্দর্ভত আলোচনা কৰাৰ লগতে তেওঁলোকৰ মতামতো বিচাৰে। এই বৈঠকত আজি যাতে ৰাজ্যৰ প্ৰতিটো ভোটগণনা কেন্দ্রত শান্তিপূর্ণভাবে ভোটগণনা সম্পন্ন হয় সেই সন্দর্ভতো আলোচনা কৰা হয়।পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমত এইখন নির্বাচন সংক্রান্তীয় প্রথমখন দলীয় পর্যালোচনা বৈঠক। অসমত ভোটগ্রহণ সম্পন্ন হৈ যোৱাৰ পিছতে কেন্দ্রীয় নেতৃত্বৰ নিৰ্দেশত মুখ্যমন্ত্ৰীগৰাকী পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলায় আৰু পশ্চিমবংগত নির্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে তেওঁ পোনে পোনে জাপান ভ্রমণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে পুৱা জাপানৰ পৰা অসমত আহি উপস্থিত হয় আৰু বিয়লি তিনি বজাৰ পৰা দলীয় প্ৰাৰ্থীসকলৰ সৈতে ভার্চুৱেল বৈঠকত ভাগ লয়। এই ভার্চুৱেল বৈঠকত দলৰ প্রার্থীসকলৰ লগতে সাংসদ, ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সভাপতিসকলৰ লগত বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। এই ভার্চুৱেল বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে দলৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী পীযূষ হাজৰিকা, সাংসদ প্রদান বৰুৱা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, ৰংখাং সমষ্টিৰ প্ৰাৰ্থী তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং উপস্থিত আছিল। এই পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰা দলীয় প্রার্থীসকলে নির্বাচনী ফলাফলত নিশ্চিত বিজয়ী হ’ব বুলি দোহাৰে।