দিছপুৰ সমষ্টিত বিজেপি প্রার্থী প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি
ৰঙিলী বাৰ্ত্তাসেৱা- সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা-কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা। প্ৰাৰম্ভিক তথ্য অনুসৰি, দিছপুৰ সমষ্টিত বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈয়ে অগ্রগতি লাভ কৰিছে। দিছপুৰ সমষ্টিত বিজেপি প্রার্থী প্ৰদ্যুৎ বৰদলৈয়ে ২৪০৫৬ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰে লাভ কৰিছে ৪৮৫১টা ভোট। তৃতীয় ৰাউণ্ডৰ ভোটগণনালৈ বিজেপি প্রার্থী প্রদ্যুত বৰদলৈ ২০,০৫৫টা ভোটত আগবাঢ়ি আছে। ইফালে, মধ্য গুৱাহাটীত তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই লাভ কৰিছে ১৬৮৯২টা ভোট আৰু অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে লাভ কৰিছে ৯৫২৪ টা ভোট । ৭৩৬৮ টা ভোটত আগবাঢ়ি আছে বিজয় গুপ্তা।আনহাতে, নিউ গুৱাহাটীত দিল্লুৰঞ্জন শৰ্মাই অগ্রগতি লাভ কৰিছে। ডিমৰীয়াত অগপ প্রার্থী তপন দাসে অগ্রগতি লাভ কৰি আছে।
