চেকনি
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও, ডিব্ৰুগড়
সময়ৰ সোঁতে উটুৱাই নিলে
তই এতিয়া ক’ত?
আজি তোলৈ বৰকৈ মনত পৰিছে
তই বাৰু ভালে আছনে?
খবৰ ল’বলৈ সময়ে নাই
শুনিছোঁ আজিকালি তোৰ খবৰ
কোনোৱে নলয়।
দেউতা,ককাহঁতৰ মুখত
তোৰ কথা বৰকৈ শুনিছিলোঁ
ককাই কৈছিল
তোৰ শাসনতে বৰ মানুহ হয় বুলি
তই নহ’লে কামেই নহৈছিল
ঘৰত,বিদ্যালয়ত তোৰেই বাহাদুৰি।
মুখ বাগৰি আহিছিল
চেকনিৰ আগত বিদ্যা।
গধূলি খেলপথাৰত পলম হ’লে
ভয়ত হয় দৌৰাদৌৰি
পঢ়া টেবুলত খেলিমেলি কৰিলেও
তোৰেই বৰ বৰ শাসন।
এতিয়া তোৰ কামেই নোহোৱা হ’ল
তোৰ নাম লৈ ভয় দেখুৱালে
কি হয় সুধিব?
ভয় নাখায়
তোৰ শাসনৰ কথা ক’লে
সাধু যেনহে লগা হ’ব।
