দৰং জিলা বিষয় শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

দৰং জিলা বিষয় শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

ঘৰে-ঘৰে গৈ সম্বৰ্ধনা জনালে প্ৰতিখন উঃ মাঃ বিদ্যালয়ৰ “টপাৰ’’ক

কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলা বিষয় শিক্ষক আৰু কৰ্মচাৰী সন্থাই এইবেলি পোনপ্ৰথমবাৰৰ বাৰৰ বাবে ৰূপায়ণ কৰিলে এটি প্ৰশংসনীয় পদক্ষেপ ৷ নৈমিত্তিক পাঠদানত বিঘিনি নঘটোৱাকৈ আজি বন্ধৰ দিনত জিলাখনৰ প্ৰতিখন বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰপ্ৰাপক সকলৰ ঘৰে-ঘৰে গৈ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনাই তেওঁলোকৰ ভৱিষ্যতৰ উত্তৰোত্তৰ কামনা কৰে ৷ সন্থাৰ বিষয়ববীয়া দীপক নাথ, ড° সুৰজিত বৰুৱা, ৰিদীপ বৰুৱা, মুকুল বৰুৱা, লক্ষী নাথ আৰু নিলোৎপল হাজৰিকাৰ নেতৃত্বত চলা এই সোণসেৰীয়া অভিযান পুৱা আঠ বজাৰ পৰা আৰম্ভ হয় ৷ এই অভিযানত প্ৰথমে দলগাঁৱৰ বেচিমাৰী উঃ মাঃ বিদ্যালয়ৰ “টপাৰ’’ আলটাফ আলীক ( ৮০’২০%) সম্বৰ্ধনা জনায় ৷ তাৰ পাছত ক্ৰমে কৌপাটীৰ বল্লবভাই পেটেল উঃ মাঃ বিদ্যালয়ৰ একে সমান নম্বৰ প্ৰাপক ( ৮৪%) মিনাৰা বেগম, ফৰিদা জান্নাত আৰু বিপ্লৱ মিস্ত্ৰীক, দলগাঁও উঃ মাঃ বিদ্যালয়ৰ ফাৰুক আব্দুল্লা ( ৭১’৬০) ক, খাৰুপেটীয়া উঃ মাঃ বিঃৰ সুমিত দেৱ (৮৮%)ক, ভকতপাৰা উঃ মাঃ বিঃৰ ৰেজিয়া বেগম (৮৮’৪০%) ক, পিএমশ্ৰী মঙলদৈ নগৰ বালিকা উঃ মাঃ বিঃৰ ৰেহেনা খাটুন (৯১%) ক আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চালমা তবাচুম (৮৭%) ক সম্বৰ্ধনা জনায় ৷ ইয়াৰ পাছত পশ্চিম দৰঙৰ ক্ৰমে ৰাজঘাট উঃ মাঃ বিঃৰ ভাৱনা ডেকা (৭৫’২০%), ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টপাৰ ফুলপাহী বেগম ( ৮৭%)ক, ডাঁহী উঃ মাঃ বিঃ জ্যোতিষ্মা ডেকা ( ৯০%)ক, বিজ্ঞান শাখাৰ দেওমৰনৈ উঃ মাঃ বিঃৰ সীমা ডেকা ( ৮২’৬০%) ক, দেওমৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰিমলী কলিতা ( ৮৬’৬৭%) ক, বুঢ়ীনগৰ ছিঃ ছেকেণ্ডাৰীৰ চন্দনা চহৰীয়া (৮৯’৫০%) ক, বৰমপুৰ উঃ মাঃ বিঃৰ চাবিহা চবনম ( ৭৬%)ক , পাথৰিঘাট উঃ মাঃ বিঃৰ চাবিনা চুলটান খানম ( ৮২’৮০%) ক আৰু দুনী উঃ মাঃ বিঃৰ মৈত্ৰেয়ী মহন্ত ( ৮৬’৮০%) ক, কুৰুৱা উঃ মাঃ বিঃৰ বিশাল দাস (৮৩’২০%) ক, গৰুখুঁটি উঃ মাঃ বিঃৰ নাজমা বেগম ( ৭৯%)ক , গান্ধীস্মৃতি উঃ মাঃ বিঃৰ জনাৰ্দন ডেকা ( ৯১%) ক, ছিপাঝাৰ বহুমুখী উঃ মাঃ বিঃৰ বৰষাৰাণী বৰুৱা (৮৯’৮০%) আৰু পশ্চিম ৰঙামাটি উঃ মাঃ বিঃৰ আবু চামা আলী ( ৯০%) একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে ভৱিষ্যত জীৱন উজ্বলতৰ হোৱাৰ আশীৰ্বাদ প্ৰদান কৰে ৷ উল্লেখ্য যে অভিভাৱক আৰু শৈক্ষিক সমাজে উক্ত কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰিছে ৷ জিলা সন্থাৰ সভাপতি দীপক নাথে আৰু জনোৱা মতে অহা দেওবাৰে বন্ধৰ দিনত অৱশিষ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সৰ্বোচ্চ নম্বৰ প্ৰাপকৰ প্ৰতি গৰাকীৰ ঘৰে-ঘৰে গৈ আশীৰ্বাদ তথা সম্বৰ্ধনা জনোৱা হব ৷