দৰং জিলাৰ চাৰিটাকৈ নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত ৩ মে’ ত অনুষ্ঠিত হ’ব NEET-UG

Pc Telegraph India

দৰং জিলাৰ চাৰিটাকৈ নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত ৩ মে’ ত অনুষ্ঠিত হ’ব NEET-UG

কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (NEET-UG) ২০২৬ অহা ৩ মে’ ২০২৬ তাৰিখে দেশৰ অন্যান্য প্ৰান্তৰ লগতে আমাৰ ৰাজ্যতো অনুষ্ঠিত হ’ব আৰু ইয়াৰ পাৰিপ্ৰেক্ষিতত দৰং জিলাতো চাৰিটাকৈ নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণ আৰু সুশৃংখল পৰিৱেশত অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰসমূহ হৈছে মঙলদৈ কমাৰ্চ কলেজ, ছিপাঝাৰ কলেজ, পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয় মঙলদৈ আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

চৰকাৰী সূত্রই প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ NEET-UG পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া জিলাখনৰ সৰ্বমুঠ পৰীক্ষাৰ্থী হৈছে ১,২৯১ গৰাকী। ইয়াৰে ভিতৰত ৬৬৬ গৰাকী পুৰুষ আৰু ৬২৫ গৰাকী মহিলা পৰীক্ষাৰ্থ। তদুপৰি, ৪ গৰাকী বিশেষ সক্ষমতা সম্পন্ন (PWD) পৰীক্ষাৰ্থীয়েও পৰীক্ষাত অংশগ্ৰহণ কৰিব। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰ পৰা ২১১ গৰাকীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বাকী তিনিটা পৰীক্ষাকেন্দ্ৰৰ প্ৰত্যেকটোতে ৩৬০ গৰাকীকৈ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

এই পৰীক্ষা সুচাৰুৰূপে, স্বচ্ছতা আৰু নিৰপেক্ষতা বজাই ৰাখি সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বিস্তৃত প্ৰস্তুতি গ্ৰহণ কৰিছে। সকলো পৰীক্ষা কেন্দ্ৰত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় সংখ্যক পৰ্যবেক্ষণ কৰ্মচাৰী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে সকলো প্ৰয়োজনীয় পৰিকাঠামো আৰু আনুষঙ্গিক সুবিধাসমূহ নিশ্চিত কৰা হৈছে। বিশেষ সক্ষমতা সম্পন্ন (PWD) পৰীক্ষাৰ্থীসকলৰ বাবে বিধিসম্মত নিৰ্দেশনা অনুসৰি উপযুক্ত আৰু সহায়ক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো পৰীক্ষাৰ্থীকে তেওঁলোকৰ নিজ নিজ পৰীক্ষা কেন্দ্ৰত নিৰ্ধাৰিত সময়তকৈ আগতেই উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)-ই জাৰি কৰা সকলো নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। বিশেষকৈ, বৈধ এডমিট কাৰ্ড লগত লৈ আনিবলৈ আৰু ইলেক্ট্ৰনিক ডিভাইচ আদি নিষিদ্ধ সামগ্ৰী নানিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে। জিলা প্ৰশাসনে এই পৰীক্ষা প্ৰক্ৰিয়া সাফল্যতাৰে সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্য সকলো পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজৰ পৰা পূৰ্ণ সহযোগিতা কামনা কৰিছে।