পশ্চিমবংগত দ্বিতীয় পর্যায়ত ৯২.৪৭ শতাংশৰ ভোটদান

Pc Rediff

পশ্চিমবংগত দ্বিতীয় পর্যায়ত ৯২.৪৭ শতাংশৰ ভোটদান

ৰঙিলী বাৰ্ত্তাসেৱা-শান্তিপূর্ণভাৱে  পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ সমাপ্ত হয়। পশ্চিমবংগৰ ৭খন জিলাৰ ১৪২টা বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হয়। বিপুলসংখ্যক ভোটাৰে উৎসাহেৰে ভোটদান কৰিবলৈ অহা দেখিবলৈ পোৱা যায়। ঠায়ে ঠায়ে দুই-এটা বিক্ষিপ্ত ঘটনা ঘটাৰ বাহিৰে সামগ্রিকভাৱে ভোটদানপর্ব আছিল শান্তিপূর্ণ। পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়া মনোজ আগৰৱালে জনোৱা মতে,  দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণত ৯২.৪৭ শতাংশ ভোটদান হয়। তেওঁ কয় যে কোনো কোনো ঠাইত দুই-এটা ঘটনা ঘটাৰ বাহিৰে নিৰ্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত হয়। জনসাধাৰণে ইয়াক উৎসৱৰ দৰে উদযাপন কৰে। এইবাৰ ঐতিহাসিক ভোটদান সম্পন্ন হয়। দেশৰ মুখ্য নির্বাচন আযুক্ত জ্ঞানেশ কুমাৰে কয়, ‘স্বাধীনতাৰ পিছত পশ্চিমবংগৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দুয়োটা ভোটগ্রহণপর্বতে সর্বাধিকসংখ্যক ভোটদান হয়। নির্বাচন আয়োগৰ তৰফৰ পৰা সকলো ভোটাৰকে শুভেচ্ছা জনালোঁ।’ ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত গণতন্ত্ৰৰ উৎসৱৰ এটা গুৰুত্বপূৰ্ণ দিন বুলি ব্যাখ্যা কৰে। তেওঁ ৰাজ্যখনৰ ভোটাৰসকলক কৃতজ্ঞতা জনায়। দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত নির্বাচনতো বিজেপিয়ে ‘ঐতিহাসিক জয়’ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে। বুধবাৰৰ ভোটদান পৰ্বক লৈ মোদীয়ে কয়, ‘পশ্চিমবংগত বিপুল ভোটদানৰ খবৰ আহিছে। প্রথম পৰ্যায়ৰ দৰেই দ্বিতীয় পর্যায়তো বহুসংখ্যক নাগৰিকে ভোটদানৰ বাবে ঘৰৰ পৰা ওলাই আহে। দীঘল দীঘল শাৰীৰ ছবি সামাজিক মাধ্যমত বিয়পি পৰিছে। যোৱা ৬-৭ দশকত যিটো হোৱা নাছিল, যাক কল্পনাও কৰিব পৰা নাছিল, এইবাৰ সেইটোৱেই হৈছে। ভয়মুক্ত পৰিৱেশত পশ্চিমবংগত ভোটগ্রহণ হৈছে। সাধাৰণ নাগৰিকে ভয়মুক্ত হৈ ভোটদান কৰিছে।’ বুধবাৰে উত্তৰ প্ৰদেশৰ হাৰদৈত গংগা এক্সপ্রেছবে’ উদ্বোধন কৰাৰ সময়ত ভাষণ প্রসংগত এই মন্তব্য কৰে প্রধানমন্ত্রী মোদীয়ে।