অপেক্ষা – শিল্পা প্ৰিয়ম কুণ্ডিণ্য

Pc Shutterstock

অপেক্ষা

শিল্পা প্ৰিয়ম কুণ্ডিণ্য
গুৱাহাটী, সাতগাঁও

বিহুৰ আগদিনা। ৰঙালী বিহুৰ ঢোল-পাতৰ শব্দই গোটে গাঁওখন গমগমাই তুলিছে। ৰিমি ঘৰৰ বাৰান্দাত বহি আছে—হাতত পুৰণি মোবাইলটো। বহুদিন ধৰি এটা নম্বৰলৈ বাৰ্তা লিখি ৰাখে, পঠিয়াব নোৱাৰে।
“তই আহিবি নেকি এইবাৰ?”—এইটোহে বাক্য থাকে প্ৰতিটো বাৰ্তাত।
পিছৰ বছৰৰ বিহুত ৰাহুলে কৈছিল, “আগন্তুক বছৰত নিশ্চয় আহিম।” তাৰপিছত একো খবৰ নাই। নম্বৰটো এতিয়া “Not reachable”।
ঢোলৰ তালে তালে গাঁৱৰ ল’ৰা-ছোৱালীয়ে নাচিবলৈ ওলাইছে। ৰিমিৰ মাকে ডাবি দি উঠিলে—“আহ, নাচটো চাবি।”
ৰিমিয়ে মোবাইলটোত শেষবাৰলৈ বাৰ্তাটো খুলি চাই, অলপ সময় থমকি থাকিল। তাৰপিছত “Delete draft” টিপি দিলে।
বাহিৰত ঢোলৰ শব্দ বেছি জোৰ-দাৰ হৈ উঠিল।
সেই সময়তে নতুন মেছেজ এটা আহিল— “মই আহিছোঁ। গাঁৱৰ পথত আছোঁ… তই অপেক্ষা কৰিছ নেকি?”
ৰিমিয়ে মূৰটো উঠালে। ঢোলৰ মাজেৰে কোনোবাই হাঁহি হাঁহি আগবাঢ়ি আহিছে।