ডিব্ৰুগড়ৰ বৰবৰুৱা ছোৱালী হাইস্কুলত কানৈ কমাৰ্চৰ এন এছ এছৰ বিশেষ শিবিৰ

ডিব্ৰুগড়ৰ বৰবৰুৱা ছোৱালী হাইস্কুলত কানৈ কমাৰ্চৰ এন এছ এছৰ বিশেষ শিবিৰ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ হনুমান বক্স সূৰজমল কানৈ কমাৰ্চ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ডিব্ৰুগড়ৰ বৰবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত এন এছ এছৰ বিশেষ শিবিৰত ২৮ এপ্ৰিল পৰা ৪ মে’ লৈকে সাত দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হয়।শিবিৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেব গগৈয়ে। পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে এন এছ এছৰ স্বেচ্ছাসেৱকসকলে এন এছ এছ সংগীত পৰিবেশন কৰে।আদৰণি ভাষণত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গগৈয়ে এন্এছএছৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি সমাজৰ দায়িত্বশীল আৰু শৃংখলাবদ্ধ যুৱ প্ৰজন্ম গঢ়ি তোলাত ইয়াৰ ভূমিকা সম্পৰ্কত ব্যক্তব্য দাঙি ধৰে।মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ সহকাৰী কাৰ্য্যক্ৰম সমন্বয়ক ড° হিমাদ্ৰি বৰ্মণে স্বেচ্ছাসেৱকসকলক নিষ্ঠা আৰু আন্তৰিকতাৰ সৈতে সমাজ সেৱাত জড়িত হ’বলৈ উৎসাহিত কৰে। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহযোগী অধ্যাপিকা ড° স্বপ্না নাথে “মহিলা সৱলীকৰণ” বিষয়ত ভাষণ প্ৰদান কৰি শিক্ষা আৰু সচেতনতাৰ ভূমিকা বৰ্ণনা কৰে। কানৈ কমাৰ্ছৰ সহকাৰী অধ্যাপক কেশবানন্দ হালৈয়ে এন এছ এছৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমন্বয়ক ড° লুকু মৰাঙে উপস্থিত সকলোকে এনে কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। শিবিৰৰ কাৰ্যসূচী আৰু বিভিন্ন কাৰ্যকলাপৰ বিষয়ে এন এছ এছ গোটৰ কাৰ্য্যক্ৰম বিষয়া ৰিয়া দাসে বিস্তৃতভাৱে ব্যাখ্যা কৰে।‌ অনুষ্ঠানত উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিত মালাকাৰেও ভাষণ আগবঢ়ায়। এন এছ এছৰ স্বেচ্ছাসেৱিকা জয়শ্ৰী বৰকাকতীয়ে সংগীত পৰিবেশন কৰে। স্বেচ্ছাসেৱক ৰিকি লালুং আৰু ঈশা পলে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষকবৃন্দ তথা ভালেসংখ্যক ছাত্ৰী আৰু এন এছ এছৰ স্বেচ্ছাসেৱক সকল।উদ্বোধনী অনুষ্ঠানৰ পিছতেই স্বেচ্ছাসেৱক সকলে বিদ্যালয় চৌহদ আৰু দাঁতি কাষৰীয়া অঞ্চলত এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি পৰিবেশ পৰিষ্কাৰ, আবৰ্জনা সংগ্ৰহ আৰু স্থানীয় লোকসকলৰ মাজত পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধিৰ প্ৰতি সজাগতা বৃদ্ধি কৰে।