জাগ্ৰত প্ৰহৰী – সত্যজিৎ গগৈ

Pc Shutterstock

জাগ্ৰত প্ৰহৰী

সত্যজিৎ গগৈ
বামুণী গাওঁ,নগাঁও

এজাক বতাহত জাগি উঠে প্ৰতিটো চুবুৰী
চহৰৰ পদপথত শুনা যায় সুৰীয়া বাঁহী
আকাশ ৰাঙলী কৰি উৰে কত নিচান
প্ৰতিটো কণ্ঠত থাকে প্ৰতিশ্ৰুতিৰ সোপান
জনতাই বিচাৰে এখন জীয়া ছবি
চাহৰ দোকানৰ আড্ডাও জমি উঠে ৰাতি
নীৰৱে আহে আৰু গুছি যায় সকলো দিন
কেতিয়াবা মনত জাগি উঠে অকণমান পোহৰ ক্ষীণ
আপুনি সলনি কৰিব পাৰে দেশ
আপুনি সলনি কৰিব পাৰে সমাজ
মনৰ মাজৰ জুইকুৰাক সন্তৰ্পণে নুমাবলৈ দি
সলাই পেলাব পাৰে সকলো বেশ
তৰিব পাৰে এখন নতুন দেশ।