এটি অনুভৱ
উথলি উঠা মৰম
মেৰী বৰদলৈ
নগাঁও৷
দুচকুৰ একোণত
এখৰাহি জোনাক উথলি
উঠিছে আজি..
জানো মই
সেই জোনাকৰ
আঁৰত যে
তুমি নামৰেই
চিকমিকনি….
বুকুত বৰষিছে
এসোপা
প্ৰণয়ৰ বৃষ্টি আজি..
জানো মই
সেই বৃষ্টিৰ
আঁৰতেই যে
তুমি নামৰ প্ৰবাল সুঁতি….
মোৰ স্পন্দিত
হৃদয়ত
ঘন উশাহটিয়ে আজি
ঘনাই ধিপধিপনিৰ
ঢৌ তুলিছে…
জানো মই
সেই ঘন উশাহৰ
ধিপধিপনি ঢৌৰ নামেই যে
তুমি…!
