গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী – আয়শা ছিদ্দিকা

Pc NDTV

গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

অসমৰ বুকুৰ মাজত অৱস্থিত গুৱাহাটী মহানগৰ। কংক্ৰিটৰ আৱৰণৰ দ্বাৰা আবৃত আধুনিকতাৰ স্পৰ্শত জাকত জিলিকা আৰু পাহাৰেৰে আগুৰা এটি মহানগৰ।

ইমান সুনাম ইমান ঐশ্বৰ্য্যৰে পৰিপূৰ্ণ মহানগৰী এটা ৰাতিৰ বৰষুণৰ পানীত ডুব যোৱাৰ উপক্ৰম হৈছে। নালা, নৰ্দমাবোৰ বৰষুণৰ পানীৰে উপচি নৰ্দমাৰ লেতেৰাবোৰ ৰাস্তা ঘাট ভৰি পৰিছে।

প্ৰতি বছৰে বৰ্ষাৰ প্ৰথম ধাৰাসাৰ বৰষুণেই গুৱাহাটীবাসীৰ বুকু কঁপাই তোলে।স্মাৰ্ট চিটি নামে পৰিচিত গুৱাহাটী মহানগৰী অতি কম সময়ৰ বৰষুণতেই জলমগ্ন হয়। বৰ্তমান এনে এক কৃত্ৰিম বানপানীৰ ঘটনাই স্পষ্ট কৰে যে এই সমস্যাৰ মূল কাৰণ মানৱসৃষ্ট হে। মানুহৰ গাফিলতিৰ বাবেই এনে কৃত্ৰিম বানৰ সৃষ্টি হয়। য’ত মাত্ৰ তিনিঘণ্টা ধাৰাষাৰ বৰষুণতে মহানগৰীৰ জীৱন স্থবিৰ হৈ পৰে আৰু কেইবাজনো কৃত্ৰিম বানৰ পানীত পৰি প্ৰাণ হেৰুৱাবলগীয়া হয়।

আচলতে চহৰখনৰ দ্ৰুতগতিত সম্প্ৰসাৰণ আৰু নিৰ্মাণ কাৰ্য্যই প্ৰাকৃতিক জলাধাৰসমূহৰ গতিৰোধ কৰিছে। বৃদ্ধি পোৱা অট্টালিকা, পকী ৰাস্তা, আৰু অন্যান্য পৃষ্ঠই বৰষুণৰ পানী শোষণ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে। ফলত অতি সামান্য বৰষুণেই  চহৰখন প্লাৱিত কৰিবলৈ সক্ষম হৈ পৰিছে। এই সমস্যাৰ লগত জড়িত হৈ আছে অদক্ষ নলা আৰু পানী নিষ্কাশন ব্যৱস্থা। গুৱাহাটীৰ প্ৰাকৃতিক জল নিষ্কাশন ব্যৱস্থা অৱৰুদ্ধ হৈ পৰিছে, য’ত নৈসমূহে মাত্ৰ আৱৰ্জনা বহনৰ মাধ্যম হিচাপে কাম কৰিছে। চৰকাৰী পৃষ্ঠপোষকতাতো নিয়মিতভাৱে নলা পৰিষ্কাৰ আৰু খনন কাৰ্য অগ্ৰাধিকাৰত পৰা নাই।

নিৰ্বাচনৰ আগত বানমুক্ত গুৱাহাটী কৰাৰ প্ৰতিশ্ৰুতি দিয়া আৰু ডাঙৰ ডাঙৰ পুখুৰী খান্দি বান নিবাৰণ কৰাৰ দৰে টেটোফলা কথাৰে সাধাৰণ ৰাইজক ক্ষণিকৰ বাবে সপোন দেখুৱাই যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ এটাও হৈ নুঠে ওলোটাহে দেখা যায়। চলাচল যাতায়ত আদিত অসুবিধাৰ সন্মুখীন হোৱাৰ ওপৰিও বিদ্যালয় অনুষ্ঠান বন্ধ ঘোষণা কৰাৰ দৰে পৰিস্থিতি হয়।

 চহৰখনৰ জলগ্ৰহণ অঞ্চল হিচাপে কাম কৰা জলাহ পথাৰ আৰু বনাঞ্চলযুক্ত পাহাৰসমূহৰ প্ৰাকৃতিক পানী ধৰি ৰখাৰ ক্ষমতা দিনক দিনে হ্ৰাস পাইছে, কাৰণ ইয়াত বেদখল আৰু অবৈধ দখল বৃদ্ধি পাইছে।বাণিজ্যিক প্ৰতিষ্ঠান স্থাপনৰ বাবে নালীৰ অংশ বন্ধ কৰাৰ বাবেও পৰিৱেশ ধ্বংসৰ বাবে এক বিপজ্জনক হৈ পৰিছে।পাহাৰ কাটা কাৰ্য্যও এই পৰিস্থিতিক অধিক জটিল কৰি তুলিছে।

সবাতোকৈ ডাঙৰ কাৰণ হৈছে চৰকাৰী পৰ্যায়ত দীৰ্ঘম্যাদী আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ। গুৱাহাটীৰ বিকাশৰ কাৰ্যপন্থাত দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু দায়বদ্ধতা নথকাৰ বাবেই এই সমস্যাৰ মূলত সমাধান সম্ভৱ হৈ নুঠে।  আৰু ঘোষণা কৰা উচ্চাভিলাষী পৰিকল্পনাসমূহ সম্পাদনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আজিও ‘মিছন ফ্লাড-ফ্ৰী গুৱাহাটী’ৰ দৰে পদক্ষেপসমূহ কেৱল ভাষণতে সীমাবদ্ধ। চৰকাৰী প্ৰশাসনৰ ব্যৰ্থতাৰ লগতে আমাৰ নাগৰিক হিচাপে দায়িত্বহীনতাও এই সমস্যাৰ বাবে সমানভাৱে দায়ী। আমি নিজেই পলিথিনৰ দৰে বস্তু ৰাস্তাত দলিয়াই থৈ নলা অৱৰুদ্ধ কৰাত অৰিহণা যোগাই আছোঁ। চহৰখনৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত আমি কিমান সচেতন, সেই প্ৰশ্নটো আমাৰ বাবে অতি প্ৰাসংগিক। জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱেও এই সমস্যাক অধিক গভীৰ কৰি তুলিছে। বৰষুণৰ তীব্ৰতা আৰু অনিয়মীয়া প্ৰকৃতিয়ে চহৰখনৰ দুৰ্বল প্ৰতিৰোধ ব্যৱস্থা উদঙাই দিছে ।

এই সমস্যাৰ বাবে দায়ী কেইবাটাও পক্ষ বুলিও ক’ব পাৰি  চৰকাৰী বিভাগ যেনে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ  সৰ্বোচ্চ দায়বদ্ধ। পানী নিষ্কাশনৰ ব্যৱস্থা উন্নত কৰা, নিয়মিতভাৱে নলা পৰিষ্কাৰ কৰা, আৰু নিৰ্মাণৰ নিয়ম কঠোৰভাৱে মানি চলোৱাত এই বিভাগসমূহ ব্যৰ্থ হৈছে। ইয়াৰ লগতে, নিৰ্বাচিত প্ৰতিনিধি আৰু মন্ত্ৰী সকলেও যিকোনো কাৰ্যকৰী সিদ্ধান্ত লোৱাত পিছপৰা দেখা যায়, আৰু কিছুমান ক্ষেত্ৰত তেওঁলোক নিজেই অবৈধ দখলক পৃষ্ঠপোষকতা কৰা বুলি অভিযোগ উঠিছে। নাগৰিক সকলেও নিজৰ আৱৰ্জনা পৰিচালনাত অসহযোগিতা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি বেয়া আচৰণৰ বাবে এই সমস্যাৰ বাবে সমানেই দায়ী।

গুৱাহাটীৰ কৃত্ৰিম বানপানী এক গম্ভীৰ সমস্যা, যাৰ সমাধান কেৱলমাত্ৰ চৰকাৰৰ পৰাই সম্ভৱ নহয়। যদিও বানপানী নিয়ন্ত্ৰণ প্ৰকল্প তথা প্ৰধানমন্ত্ৰীৰ উন্নয়ন প্ৰকল্পৰ অধীনত বিভিন্ন পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰা হৈছে কিন্তু ইয়াৰ বাস্তৱায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো জৰুৰী। বিজ্ঞানসন্মত পদ্ধতিৰে চহৰখনৰ নিষ্কাশন ব্যৱস্থা উন্নত কৰা, নিয়মিতভাৱে নলা পৰিষ্কাৰ কৰা, প্ৰাকৃতিক জলাশয়সমূহ পুনৰুদ্ধাৰ কৰা, পাহাৰ কটা আৰু বেদখল সম্পূৰ্ণৰূপে বন্ধ কৰা, দায়িত্বজ্ঞান সম্পন্ন নাগৰিক সৃষ্টি কৰা, আৰু যিকোনো অবৈধ কাৰ্যৰ বাবে নিৰ্দিষ্ট জৰিমনাৰ ব্যৱস্থা কৰিলেহে গুৱাহাটীক সঁচা অৰ্থত বানমুক্ত কৰিব পৰা যাব। সেই সময়লৈকে বৰষুণৰ পানীয়ে গুৱাহাটীবাসীক এই কৃত্ৰিম বানৰ কবলত পৰি মৃত্যুৰ ভয়লৈ  জীয়াই থাকিব লাগিব।