৬.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল জাপান
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ এক বৰ ভূইকঁপে কঁপাই গ’ল জাপান ৷ দেশখনৰ স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা ৫ বাজি ২৪ মিনিটত হোৱা এই ভূমিকম্পই জাপানৰ বিভিন্ন অঞ্চল কঁপাই তোলে। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ প্রাবল্য ৰিখটাৰ স্কেলত ৬.১ হিচাপে নথিভুক্ত কৰা হৈছে। বতৰ বিজ্ঞানী কেন্দ্ৰই জনোৱা মতে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল হকাইডৌ এলেকাত। ভূমিকম্পৰ পাছতেই সম্ভাব্য ছুনামিৰ আশংকাত উপকূলীয় অঞ্চলসমূহৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে। উল্লেখ্য যে, এসপ্তাহৰ পূৰ্বে জাপানত ৭.৫ প্ৰাবল্যৰ বৰ ভূইকঁপে জোকাৰি গৈছিল আৰু ইয়াৰ কেন্দ্ৰবিন্দু আছিল সমুদ্ৰপৃষ্ঠৰ প্ৰায় ১০ কিলোমিটাৰ (৬ মাইল) গভীৰতাত ৷ ২০ এপ্ৰিলত হোৱাত ৭.৫ প্ৰাবল্যৰ বৰ ভূইকঁপে জোকাৰি জোৱাৰ পাছত পুনৰ সৰু বৰ ভূমিকম্পৰ জোকাৰণি হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে দেশখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ৭ দিনৰ পাছত অৰ্থাৎ সোমবাৰে পুৱাৰ ভাগতে পুনৰ ৬.১ প্ৰাবল্যৰ বৰ ভূইকঁপে জোকাৰি গ’ল জাপানত ৷ সোমবাৰে পুৱাৰ ভাগত অহা ভূমিকম্পৰ পাছতে দেশখনৰ সাগৰীয় উপকূলীয় অঞ্চলত ছুনামিৰ আশংকা কৰিছে আৰু সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইফালে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্তৰ সন্দৰ্ভত বৰ্তমানো একো তথ্য প্ৰকাশ কৰা নাই দেশখনৰ প্ৰশাসনে ৷ ভূমিকম্পৰ সময়ত বা পাছত কোনো আতংকিত হ’ব নালাগে বুলি ৰাইজলৈ আহ্বান কৰিছে দেশখনৰ বতৰ বিজ্ঞানীসকলে ৷
