চেন্নাইক  ৮ উইকেটত পৰাস্ত গুজৰাটৰ

Pc The pioneer

চেন্নাইক  ৮ উইকেটত পৰাস্ত গুজৰাটৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএলৰ দেওবাৰে অনুষ্ঠিত প্রথমখন মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয় লাভ গুজৰাট টাইটানছ। প্রথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৮ ৰান কৰে। অ’পেনাৰ সঞ্জু ছেমছন ব্যর্থ হ’লেও অধিনায়ক ঋতুৰাজ গাইকোৱাডে দলটোক আগুৱাই নিয়াৰ চেষ্টা কৰে। অৱশ্যে এই খেলখনত টপ অৰ্ডাৰ বেটছমেনসকলৰ ব্যৰ্থতাৰ বাবে চেন্নায়ে অধিক ৰান কৰিবলৈ সক্ষম নহ’ল। অধিনায়ক ঋতুৰাজ গাইকোৱাডৰ ৭৪ ৰান আৰু অলৰাউণ্ডাৰ শিৱম ডুবেৰ বাদে চেন্নাইৰ কোনো এগৰাকী খেলুৱৈয়ে ২০ ৰানৰ দেওনা পাৰ হ’বলৈ সক্ষম নহ’ল। গুজৰাটৰ হৈ ৰাবাডাই তিনিটা আৰু অৰ্ছাদ খানে দুটা উইকেট দখল কৰে। ইফালে, ১৫৯ ৰানৰ লক্ষ্য লৈ ইনিংছ আৰম্ভ কৰা গুজৰাটে দুয়োগৰাকী অ’পেনাৰ সাই সুদৰ্শন আৰু অধিনায়ক শুভমন গীলে প্রথমৰ পৰা চেন্নাইৰ বলাৰক প্ৰহাৰ কৰা পৰিলক্ষিত হয়। সুদৰ্শনে ৪৬টা বলত ৪টা চাৰি আৰু ৭টা ছয়েৰে ৮৭ ৰানৰ ইনিংছ খেলে। অধিনায়ক গীলে ৩৩ ৰান আৰু বাটলাৰে ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। দলটোৱে দুটা উইকেট হেৰুৱাই ১৬.৪ অভাৰতে বিজয় লক্ষ্যত উপনীত হয়। তিনিটা উইকেট দখল কৰা কাগিছো ৰাবাডাক প্লেয়াৰ অৱ দ্য মেচ সন্মান প্রদান কৰা হয়।