দৰঙৰ ঔতলা বেছিমাৰীত দেউল ভেটি, মগৰ প্ৰতিষ্ঠা আৰু স্থায়ী দেউল গৃহৰ দ্বাৰ উন্মোচন
কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙী কোচ ৰজা চন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ষোল্লশ শতিকাত স্থাপিত ঐতিহ্যমণ্ডিত ঔতলা সত্ৰৰ পূৰ্বজ সত্ৰাধিকাৰ সকলৰ উদ্যোগত বেছিমাৰী শিল বুঢ়া গোসাঁই স্থানত ঔতলা সত্ৰৰে সৈতে সংযোজিত প্ৰায় দুশ বছৰ পূৰ্বে স্থাপিত বহাগ মাহত অনুষ্ঠিত দেউলৰ স্থায়ী গৃহ, দেউল ভেটি(বেদী ) উন্মোচন আৰু মগৰ প্ৰতিষ্ঠা অনু্ষ্ঠান আধ্যাত্মিক পৰিবেশত ৰবিবাৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আড়্ম্বৰ পূৰ্ণ ভাবে সম্পন্ন হয়। বৰ ঔতলা সত্ৰৰ সত্ৰাধিকাৰ তথা ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিনোদ কুমাৰ গোস্বামী আৰু পৰিয়ালবৰ্গৰ উদ্যোগত প্ৰয়াত সত্ৰাধিকাৰ পিতৃ হেমচন্দ্র গোস্বামী শাস্ত্ৰী (পাণিনি ব্যাকৰণ), প্ৰয়াত মাতৃ দুৰ্গেশ্বৰী গোস্বামী আৰু জ্যেষ্ঠ ভাতৃ শিক্ষাবিদ প্ৰয়াত ৰত্ন কান্ত গোস্বামীৰ পবিত্র স্মৃতিত দেউল ভেটি(বেদী ), মগৰ প্ৰতিষ্ঠা আৰু দেউল গৃহ স্থায়ীভাবে বেছিমাৰী গাওঁবাসী ৰাইজৰ সহযোগত নিৰ্মান কৰি ৰাইজৰ আশীষ ধন্য হয়।পুৰোহিতৰ মন্ত্ৰোচাৰণ, আয়তিৰ উৰুলি আৰু ভক্ত প্ৰাণ ৰাইজৰ হৰিধ্বনিৰে আমন্ত্রীত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত দেউল ভেটি(বেদী) আৰু মগৰ প্ৰতিষ্ঠা কৰা স্থায়ী দেউল গৃহৰ দ্বাৰ উন্মোচন কৰে ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই।অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ, ঔতলা ৰত্নৰে বিভূষিত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ,জ্ঞানম একাডেমী জুনিয়ৰ কলেজৰ অধ্যক্ষ ধনী ডেকাৰ সঞ্চালনাত অনুষ্ঠিত আধ্যাত্মিক সভাখনত কেবাজনো বিজ্ঞ ব্যক্তিয়ে দৰঙী দেউলৰ তাৎপর্য আৰু লোক সংস্কৃতিৰ ক্ষেত্র খনত প্ৰভাৱ সম্পর্কে আলোক পাত কৰে। বেছিমাৰী গাওঁ উন্নয়ন সমিতি তথা বেছিমাৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নলিনী কুমাৰ চহৰীয়াই আতধৰা সভাখনত টেঙাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্রী ভাৰতী দত্ত বৰুৱা, পূব মঙলদৈ আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি মিন্টু চহৰীয়া, অসমীয়া প্ৰতিদিন কাকতৰ কলাইগাওঁৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়া, ঔতলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰ্মেশ্বৰ ডেকা, বিশিষ্ট সমাজকৰ্মী, দণ্ডি ৰাম ডেকা, সত্য গোস্বামী, তৰুণ গোস্বামী, ৰীণা দেৱী, বিজেপিৰ দৰং জিলাৰ সভাপতি মকুণ্ড ডেকা, পশ্চিম মঙলদৈ মণ্ডল বিজেপিৰ সভাপতি জগদীশ ডেকা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে উদ্যোক্তা সকলে আমন্ত্ৰিত অতিথি সকলক আদৰণি জনোৱাৰ লগতে স্থায়ী দেউল গৃহৰ নিৰ্মাণ দাতা সত্ৰাধিকাৰ বিনোদ কুমাৰ গোস্বামীক এটি স্মাৰক, গামোচা, চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
আবেলি দলগাওঁৰ আমন্ত্রিত উন্মনা ডেকা আৰু সংগীবৃন্দই মন্দিৰ চৌহদত নাগৰা নাম প্ৰদৰ্শন কৰে।
অনুষ্ঠানটিৰ সফল সামৰণিত সত্ৰাধিকাৰ পৰিয়ালবৰ্গই বেছিমাৰী গাওঁ বাসী ৰাইজৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰে।
