শ্বিলঙত উদ্ধাৰ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ভাৱনাক
ৰঙিলী বাৰ্ত্তাসেৱা-অৱশেষত শিক্ষয়িত্রী ভাৱনা শর্মাৰ সন্ধান ওলাল ৷ গুৱাহাটীত নিখোঁজ হোৱা ভাৱনাৰ সন্ধান ওলাল শ্বিলঙত। শুকুৰবাৰে গুৱাহাটীৰ পৰা সন্ধানহীন হৈছিল ভাৱনা শৰ্মা নামৰ এগৰাকী যুৱতী। শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ২৭ বছৰীয়া ভাৱনা শৰ্মাৰ নিৰুদ্দেশৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। গুৱাহাটীত সন্ধানহীন হোৱা ভাৱনাক শ্বিলঙত উদ্ধাৰ কৰা ঘটনাই এতিয়া সমগ্ৰ বিষয়টো ৰহস্যঘন কৰি তুলিছে। উল্লেখ্য যে বৰঝাৰৰ মাইলছ ব্রনছন আৱাসিক বিদ্যালয়ৰ দিবা শাখাৰ মনোবিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা ভাৱনা শর্মাই যোৱা ২৮ মাৰ্চতে চাকৰিৰ পৰা ইস্তফা দিছিল। বিদ্যালয় কর্তৃপক্ষই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে। জানিব পৰা মতে, চাকৰি এৰাৰ পিছতো মাৰ্চ মাহৰ দৰমহা তেওঁ পাবলৈ বাকী আছিল আৰু সেইখিনি অনাৰ বাবেই বিদ্যালয়লৈ যোৱা বুলি পৰিয়ালক কৈ আহিছিল। দিনৰ ঠিক প্রায় ১১ বজাত নিজৰ মাতৃলৈ এটা মেছেজ কৰি ভাৱনাই লিখিছিল- ‘I am in danger’। তাৰ পিছৰ পৰাই ভাৱনাৰ ম’বাইল ছুইচ অফ পোৱা যায়। এই বার্তা পোৱাৰ পিছতেই পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে। ভাৱনা নিৰুদ্দেশ হোৱাৰ খবৰে ব্যাপক চর্চা লাভ কৰে। সামাজিক মাধ্যমতো তেওঁক ক’ৰবাত দেখা পালে খবৰ দিবলৈ প’ষ্ট শ্বেয়াৰ কৰে বিভিন্নজনে। তাৰ পিছতেই শনিবাৰে পুৱা ভাৱনাৰ সন্ধান ওলাল শ্বিলঙৰ প’ল’ গ্রাউণ্ডৰ সমীপত। যুৱতীগৰাকীক সুস্থ শৰীৰে উদ্ধাৰ কৰাৰ পাছতে সকলোৰে মনত নতুন নতুন প্রশ্ন উদয় হৈছে। পশ্চিম আৰক্ষী জিলাৰ ডিচিপি বলীন দেউৰীয়ে আজি এই সন্দৰ্ভত সদৰী কৰা মতে, যুৱতীগৰাকীৰ নিৰুদ্দিষ্টৰ ঘটনাটো কোনো কাৰণতে অপহৰণৰ সৈতে জড়িত নহয়। ঘৰৰ পৰা পুৱাৰ ভাগতে বৰঝাৰৰ কৰ্তব্যস্থলী মাইলছ ব্রনছন আৱাসিক বিদ্যালয়লৈ যাম বুলি ওলাই আহিছিল ভাৱনা শৰ্মা। তাৰ পাছতে ভাৱনাই তেতেলীয়াৰ পৰা বিদ্যালয়খনলৈকে উবেৰত অটো এখন বুকিং কৰিছিল। কিন্তু কিছু সময় পিছত সেইখন বাতিল কৰি আন এখন অটো উবেৰত বুকিং কৰিছিল। পৰৱৰ্তী সময়ত সেইখনো বাতিল কৰি এইবাৰ ৭০ টকা ভাৰাত এখন ৰেপিড’ মটৰচাইকেল বুক কৰিছিল ভাৱনা শৰ্মাই। ৰেপিড’ চালক ছাদ্দামে আৰক্ষীৰ আগত সদৰী কৰা মতে, তেতেলীয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ তেওঁৰ মটৰচাইকেলখন যুৱতীগৰীয়ে বুক কৰিছিল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়লৈ নগৈ ভাৰা আদায় দি অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ বিপৰীতে পথত তেওঁ নামিছিল। মটৰচাইকেলত অহাৰ সময়তো ফোনত কাৰোবাৰ সৈতে যুৱতীগৰাকীয়ে কথাও পাতিছিল। কিন্তু কিধৰণৰ কথা ফোনত তেওঁ পাতিছিল সেই সম্পর্কত চালক ছাদ্দাম অৱগত নহয় বুলি আৰক্ষীৰ আগত সদৰী কৰে। উল্লেখ্য যে যুৱতীগৰাকী সন্ধানহীন হোৱাৰ পাছতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিশাই উবেৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ভাৱনাই বুকিং কৰা গাড়ী দুখনৰ চালকক মাতিও সোধা-পোছা কৰে। দুয়োজন চালকে বুকিং বাতিল কৰা বুলি কোৱাৰ পাছতে তেওঁলোকক যাবলৈ দিয়া হয়। ডিচিপি দেউৰীয়ে সদৰী কৰা মতে, জালুকবাৰীৰ এটা এটিএমৰ পৰা ভাৱনা শৰ্মাই প্রায় ৭ হাজাৰ টকা উলিয়াইছিল। তাৰ পাছতে তেওঁ জালুকবাৰীৰ পৰা গ্ৰীন বাছেৰে পল্টনবজাৰলৈ ৰাওনা হৈছিল। যুৱতীগৰাকীৰ ম’বাইলৰ অন্তিম লোকেচন আৰক্ষীয়ে শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত লাভ কৰিছিল। তাৰ পিছৰে পৰা তেওঁৰ ম’বাইল বন্ধ হৈ আছিল। শনিবাৰে শ্বিলঙৰ হোটেল প’ল’ টাৱাৰৰ সমীপৰ পৰা পুৱা প্ৰায় ৭.৪০ বজাত এগৰাকী স্থানীয় মহিলাৰ ফোনৰ পৰা নিজ মাতৃক শ্বিলঙত থকাৰ কথা সদৰী কৰাৰ পাছতে তেওঁৰ উপস্থিতি আৰক্ষীয়ে লাভ কৰে। তাৎপৰ্যপূৰ্ণভাৱে সুস্থ শৰীৰে যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ পাছত ম’বাইল ফোনটো তেওঁৰ লগতে আছিল যদিও ৰহস্যজনকভাৱে ছিম কার্ডখন নাছিল। ডিচিপি দেউৰীয়ে সদৰী কৰা মতে, ছিম কাৰ্ডখন হয়তো ম’বাইলৰ পৰা বাহিৰত যুৱতীগৰাকীয়ে দলিয়াই দিছিল। অকল মাতৃকেই নহয়, একে সময়তে নিজৰ প্ৰেমিককো বিপদত পৰা বুলি হোৱাটছএপত বার্তা দিছিল ভাৱনা শৰ্মাই। আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰি গুৱাহাটীলৈ আনে। বর্তমানে তেওঁক জালুকবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ঘটনাটো অপহৰণ কাণ্ড নহয় যদিও ইয়াৰ আঁৰত ব্লেকমেইলিং অথবা আন কিবা কাৰক জড়িত আছে নেকি সেই সন্দর্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পৰিয়ালৰ লোকক চিন্তাত পেলাই কি কাৰণত এগৰাকী প্ৰাপ্তবয়স্ক যুৱতীয়ে এনেদৰে বিপদত পৰাৰ নাটক ৰচি আত্মগোপন কৰিলে তাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তত হয়তো সকলো শীঘ্ৰে পোহৰলৈ আহিব।
