দেশখনক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিব নোৱাৰোঁঃ মুখ্যমন্ত্ৰী শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ সমাপ্ত হোৱাৰ লগে লগে কলকাতাত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে পশ্চিমবংগত এতিয়া কেৱল পৰিৱৰ্তনৰ ঢৌৱেই নহয়, বৰঞ্চ বিজেপিৰ সমর্থনত এক প্রবল ছুনামি বৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যন্ত আত্মবিশ্বাসেৰে ঘোষণা কৰে যে প্ৰথম পর্যায়ৰ ভোটগ্রহণৰ বিশ্লেষণ অনুসৰি বিজেপিয়ে ইতিমধ্যে ১১০ খন আসনত বিজয় সাব্যস্ত কৰাটো নিশ্চিত হৈ পৰিছে। দ্ৰুতগতিত সলনি হোৱা জনগাঁথনিৰ ওপৰত আলোকপাত কৰি ড° শৰ্মাই এক উদ্বেগজনক ভৱিষ্যদ্বাণী কৰি কয় যে যি হাৰত অনুপ্ৰৱেশ চলিছে, তাৰ ফলস্বৰূপে আগন্তুক ২০ বছৰৰ ভিতৰত অসম আৰু পশ্চিমবংগত হিন্দুসকল সংখ্যাত কমি যাব আৰু সংখ্যাগৰিষ্ঠতা হেৰুৱাব।সংবাদমেলত চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবাধ অনুপ্ৰৱেশক লৈ শংকা প্ৰকাশ কৰাৰ লগতে এইক্ষেত্রত পশ্চিমবংগ সীমান্তৰে হৈ থকা অনুপ্রবেশক লৈও উদ্বেগ প্রকাশ কৰে। বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছ (টিএমচি) ৰ মুৰব্বী মমতা বেনাৰ্জীৰ বাংলাদেশীপ্ৰীতিৰ ফলতে এতিয়া সমগ্র বংগ অনুপ্রৱেশকাৰীৰে ভৰি পৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্রী ড° শর্মাই এক সংবাদ মেলত কয়- বাংলাদেশ সীমান্তক স্পৰ্শ কৰি থকা একমাত্র পশ্চিমবংগই সীমান্তত ফেঞ্চিং নিৰ্মাণৰ বাবে কেন্দ্রীয় চৰকাৰক সহযোগ কৰা নাই। পশ্চিমবংগৰ টিএমচি চৰকাৰে সীমান্তত ফেঞ্চিং নিৰ্মাণৰ বাবে বিএছএফক ভূমি আবণ্টন নকৰি তেওঁলোকৰ বাংলাদেশীপ্রীতি স্পষ্ট কৰি দিছে। তেওঁ কয়- কলকাতা উচ্চ ন্যয়ালয়ে এই বিষয়টোক লৈ টিএমচি চৰকাৰক ভূমি আবণ্টনৰ বাবে নিৰ্দেশ দিয়াৰ লগতে ২৭ জানুৱাৰীত কলকাতা উচ্চ ন্যায়ালয়ে বিএছএফক ভূমি আবণ্টনৰ বাবে এক নির্দেশ জাৰি কৰাৰ পাছতো বিষয়টোত গুৰুত্ব নিদিয়াত ন্যায়ালয়ে পুনৰ চৰকাৰৰ ওপৰত জৰিমনাও বিহিছিল। এই চৰকাৰখনৰ কাৰ্যকালত ন্যায়পালিকাৰ পৰা প্ৰশাসনিক স্তৰলৈ যি হাৰত উলংঘন চলিছে, সেয়া অতি দুর্ভাগ্যজনক। ভাৰত চৰকাৰে বাংলাদেশত অস্থিৰ হোৱা পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি সীমান্ত ছীল কৰাৰ যি পদক্ষেপ গ্রহণ কৰিছে, এই পদক্ষেপকো টিএমচি চৰকাৰে নস্যাৎ কৰি আহিছে। দৰাচলতে টিএমচি চৰকাৰখনে এক দেশদ্রোহী কাম কৰি আছে। আমি কেতিয়াও দেশখনক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিব নোৱাৰোঁ। বাংলাদেশী মুছলমান যিধৰণে পশ্চিমবংগৰে অনুপ্ৰৱেশ কৰি আছে, এই সমস্যাটো বংগৰ সমস্যা নহয়। বংগক অনুপ্ৰৱেশৰ কৰিড’ৰ কৰিছে বাংলাদেশীয়ে। এই কৰিড’ৰৰ জৰিয়তে বাংলাদেশীয়ে অসমকে ধৰি অন্য ৰাজ্যত প্ৰৱেশ কৰে। অসমৰ পৰা বাংলাদেশীক বিতাড়ন কৰাৰ পাছতো এই লোকসকল আহি পুনৰ পশ্চিমবংগত থিতাপি লয়। পৰিস্থিতি এনে পর্যায়ত থাকিলে অহা ২০ বছৰত অসম আৰু পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিব। মুখ্যমন্ত্রী ড° শর্মাই কয়- পশ্চিমবংগৰ নিৰ্বাচনৰ প্রতি সমগ্র দেশে লক্ষ্য ৰাখিছে। নির্বাচন পশ্চিমবংগত যদিও ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰিব। ইয়াৰ প্ৰভাৱ পৰিব পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতত। গতিকে ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই নিৰ্বাচনত ভোটদান কৰিব লাগিব। মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰি দিয়ে- পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হ’লে সীমান্তত ফেঞ্চিং দিয়াৰ বাবে বিএছএফক ভূমি আবণ্টন দিয়াৰ লগতে বাংলাদেশীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰিব। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ যাৰ ক্ষমতা আছে, তেনে এখন চৰকাৰকহে এইবাৰ বংগত প্রতিষ্ঠিত কৰাৰ প্ৰয়োজন আছে। পশ্চিমবংগ, অসম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম এই পাঁচ ৰাজ্যৰ সীমান্তসমূহৰ এটাও যদি খোলা থাকে, ইয়াৰ প্ৰভাৱ দেশৰ আন ৰাজ্যসমূহত পৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই এই প্রসংগত আঙুলিয়াই দিয় কয়- মালদাহ, মুর্চিদাবাদ হৈ যদি বাংলাদেশীৰ অনুপ্রবেশ ঘটে, ইয়াৰ প্ৰভাৱ পশ্চিমবংগত সীমিত হৈ নাথাকে। বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহ প্ৰভাৱিত হ’ব। বর্তমান অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত যি জনগাঁথনিৰ পৰিৱৰ্তন হৈছে সেয়া যথেষ্ট ক্ষিপ্রগতিত হৈছে। অসমত প্রায় ৪০ শতাংশলৈ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা। পশ্চিমবংগই ইতিমধ্যে ৩০ শতাংশ যি বেঞ্চমার্ক সেয়া অতিক্রম কৰিছে মুছলমান জনসংখ্যাৰ ক্ষেত্ৰত। তেওঁ কয়- সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত অসম আৰু ত্ৰিপুৰা চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সমান্তত বেৰ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰক প্ৰয়োজনীয় ভূমি প্রদান কৰিছে। একমাত্র পশ্চিমবংগৰ বাবে সীমান্তত এশ শতাংশ বেৰ নিৰ্মাণ হোৱা নাই। মমতা বেনাৰ্জীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য- ৰাজনৈতিক দৃষ্টিৰে কেন্দ্ৰীয় চৰকাৰৰ লগত মমতা বেনার্জীয়ে প্রতিটো ইছ্যুত যুদ্ধ কৰক, কিন্তু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰক সহযোগ কৰিব লাগে। মমতা বেনাৰ্জীয়ে সীমান্ত খোলা ৰখাৰ ক্ষেত্ৰত একপ্ৰকাৰ পাপ কৰিছে। পশ্চিমবংগই ৪৫৬ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তক চুই আছে। কিন্তু পশ্চিমবংগৰ টিএমচি চৰকাৰে ৭৭ কিলোমিটাৰ সীমান্ততহে বেৰ নিৰ্মাণৰ বাবে বিএছএফক ভূমিৰ আবণ্টন দিছে। গতিকে ইয়াৰ পৰা স্পষ্ট হয় পশ্চিমবংগৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত কিদৰে উন্মুক্ত হৈ আছে। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- এটা সময় আছিল সমগ্ৰ পূব ভাৰতত পশ্চিমবংগ সকলো ফালৰ পৰা এক মুখ্য ৰাজ্য হিচাপে বিবেচিত হৈছিল। কিন্তু অপশাসনৰ বশৱৰ্তী হৈ পশ্চিমবংগই সেই স্থান হেৰুৱাইছে, পৰিসংখ্যাই এই কথা স্পষ্টকৈ জনাইছে। অর্থনৈতিকভাৱে শক্তিশালী ৰাজ্য হিচাপে পশ্চিমবংগৰ যি নাম আছিল সেই চিনাকি এতিয়া ৰাজ্যখনে হেৰুৱাইছে। আনকি চুবুৰীয়া ওড়িশাই পশ্চিমবংগক পিছ পেলাই বহু আগবাঢ়ি গ’ল অর্থনৈতিকভাবে। এইধৰণে থাকিলে ২০২৭ বৰ্ষত অসমৰ জনমূৰি আয় পশ্চিমবংগতকৈ বৃদ্ধি হ’ব। ২০২৬ত যিদৰে ওড়িশাই পশ্চিমবংগক পিছলৈ ঠেলি দিছে, ২০২৭ বর্ষত অসমে পশ্চিমবংগক ঠেলি দিবলৈ সক্ষম হ’ব। অসমে প্রতিবছৰত ১৫-১৬ শতাংশকৈ বিকাশৰ হাৰত আগবঢ়াৰ পিছত পশ্চিমবংগক যে অহা দুবছৰত পিছ পেলাই দিব সেয়া স্পষ্ট। সংবাদ মেলত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- পশ্চিমবংগত এতিয়াও অভিষেক টেক্স চলি আছে। অসম আৰু পশ্চিমবংগত মালবাহী ট্রাকৰ যি অহা-যোৱা চলে এই ট্রাকসমূহৰ পৰা টেক্স সংগ্ৰহ কৰা হয়। যাৰ প্ৰভাৱ অসমৰ খাদ্য সামগ্ৰী তথা অন্য দ্ৰব্যৰ ওপৰত পৰে আৰু সামগ্ৰীৰ দাম বৃদ্ধি হয়। মই ট্রাকচালকৰ সৈতে এই বিষয়ত কথা পাতিছিলোঁ, তেওঁলোকে কোৱা মতে, শিলিগুৰিত কিবা অভিষেক টেক্স দিব লাগে। অসমলৈ যোৱা আৰু অসমৰ পৰা ওলাই অহা প্ৰতিখন ট্ৰাকৰ চালকৰ ভাষ্য অনুসৰি প্ৰতিবাৰে অহা-যোৱাত আমি অভিষেক টেক্স দিব লগা হয়। প্ৰতিখন ট্ৰাকৰ পৰা এই টেক্সৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা হয়। পশ্চিমবংগত বিজেপি চৰকাৰ হ’লে এই টেক্স নোহোৱা হ’ব আৰু অসমত সামগ্ৰীৰ দাম হ্রাস পাব। উল্লেখ্য যে অসমৰ ডিটেনচন কেম্পত বহু বাঙালী হিন্দু লোক বন্দী হৈ আছে বুলি টিএমচিয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি আজি মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মেলত কয়-মই অসমৰ মুখ্যমন্ত্রী হিচাপে ক’ব বিচাৰোঁ যে অসমৰ ডিটেনচন কেম্পত এজনো বাঙালী হিন্দু নাই। যদি এজনো বাঙালী হিন্দু ডিটেনচন কেম্পত থকাটো প্ৰমাণ কৰিব পাৰে, তেন্তে মই পদত্যাগ কৰিম। মই কেন্দ্ৰীয় গৃহমন্ত্ৰীক আবেদন কৰিম পশ্চিমবংগত চৰকাৰ গঠনৰ পাছতে ত্ৰিপুৰা, পশ্চিমবংগ, অসম, মিজোৰাম, মেঘালয়ৰ মুখ্যমন্ত্রীসকলক লৈ এখন টাক্স ফ’র্চ বনাওক। যিখনৰ অধ্যক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নিজেই থাকক। ইয়াৰ জৰিয়তে বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছবেক কৰা আৰু কঠোৰ স্থিতি গ্ৰহণ কৰা হয় যাতে তাৰ বাবে আইনগত ক্ষমতা ৰাজ্যকেইখনক প্ৰদান কৰা হওক। উচ্চতম ন্যায়ালয়ে অসমক অনুপ্ৰৱেশকাৰী বিতাড়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰিছে। ইলিগেল ইমিগ্রেন্ট এক্সপালচন এক্ট-১৯৪৮- এই আইনখনৰ জৰিয়তে জিলা আয়ুক্ত এগৰাকীয়ে যদি এজন লোকক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰে, ৪৮ ঘণ্টাৰ ভিতৰত এই লোকজনক তেওঁ অসম তথা ভাৰতৰ ভূমিৰ পৰা বহিষ্কাৰ কৰিব পাৰে। এই আইনখন গোটেই ৫খন ৰাজ্যতে বলবৎ হ’ব লাগে। সংবাদ মেলতে মুখ্যমন্ত্রীয়ে বিজেপিয়ে পশ্চিমবংগত ২০০খন আসন দখল কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে।
