সফলতাৰে ভোটগণনা সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচন আয়োগ

সফলতাৰে ভোটগণনা সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচন আয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা- ৯ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ । অহা ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা ।বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্রক্রিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে শনিবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত জিলা নির্বাচনী বিষয়া, ৰিটার্নিং বিষয়া আৰু নির্বাচনী বিষয়াসকলৰ এক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়।অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি গণনা প্ৰক্ৰিয়াৰ সকলো দিশৰ সূক্ষ্ম পৰিকল্পনা আৰু ইয়াৰ বাস্তৱায়নৰ বিভিন্ন দিশ সামৰি লোৱা হয় । প্রশিক্ষণত অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল, অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া আৰু যুটীয়া মুখ্য নির্বাচনী বিষয়াসকল সমল ব্যক্তি হিচাপে উপস্থিত থাকে। নির্বাচন আয়োগৰ নিৰ্দেশনা যথাযথভাৱে পালন কৰি নিয়াৰিকৈ ভোটগণনা সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট সকলোকে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে নিৰ্দেশ দিয়ে।তেওঁ লগতে ভোটগণনা কক্ষত ল’বলগীয়া ব্যৱস্থাৰাজি সম্পৰ্কতো আলোকপাত কৰে। ভোটগণনাৰ সময়ত ইভিএম আৰু ভিভিপেট ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ সতর্কতা অৱলম্বন কৰাৰ বাবেও বিষয়াসকলক নির্দেশ দিয়ে। এই প্ৰশিক্ষণত পোষ্টেল বেলট আৰু ইভিএম গণনা, ষ্ট্ৰংৰূম খোলা আৰু গণনা কক্ষলৈ অনা, কাউণ্টিং বিষয়া-কৰ্মচাৰী নিয়োগ আৰু প্ৰশিক্ষণ, কাউণ্টিং এজেণ্টক পৰিচয় পত্ৰ প্ৰদান, অগ্নিনিৰ্বাপন ব্যৱস্থা, মিডিয়া ব্যবস্থাপনা তথা ভোটগণনাৰ অন্তত নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পাদন কৰিবলগীয়া কাৰ্যসমূহকে ধৰি সকলো বিষয় সামৰি লোৱা হয় ।প্ৰশিক্ষণৰ সময়ত উপস্থিত সকলোৱে ভোটগণনা প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়সমূহ সম্পৰ্কত থকা সকলো দিশ অৱগত হয় । প্ৰশিক্ষণত সকলো জিলাৰ সংশ্লিষ্ট বিষয়াসকলে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণৰ অন্তত সকলোৰে নিষ্ঠা আৰু পূৰ্ণ সহযোগিতাত ভোটগণনা সুকলমে সম্পন্ন হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দৃঢ়তা প্ৰকাশ কৰে ।উল্লেখ্য যে ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা সমষ্টিত একেদিনাই ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছিল । এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৭২২ গৰাকী । অহা ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব আৰু লগতে নিৰ্ণয় হ’ব প্ৰ‍াৰ্থীৰ ভাগ্য । লক্ষণীয় বিষয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ সৰ্বকালৰ অভিলেখ ভংগ হয় । এইবাৰৰ নিৰ্বাচনত অসমৰ ৮৫.৯১ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । আনহাতে এইবাৰৰ বিধানসভা নিৰ্বাচনত মহিলাৰ ভোটদানৰ হাৰ হৈছে ৮৬.৫০ শতাংশ আৰু পুৰুষৰ হৈছে ৮৫.৩৩ শতাংশ । নিৰ্বাচনত ৰাজ্যৰ মুঠ ২৫০,৫৪,৪৬৩ গৰাকী ভোটাৰৰ ভিতৰত ১,২৫,৩১,৫৫২ জন পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।