আদালতৰ ৰায়ক লৈ অসন্তুষ্ট অভি নীলৰ পিতৃ
ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ সদৰ ডকমকাত নৃশংসভাৱে হত্যা কৰা গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাৰীক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে দুই দুৰ্ভগীয়া পিতৃয়ে । এই সন্দৰ্ভত অভিৰ পিতৃ অজিত নাথ আৰু নীলৰ পিতৃ গোপাল চন্দ্র দাসে প্রতিক্রিয়া ব্যক্ত কৰিছে। বিশেষকৈ হত্যাকাণ্ডটোৰ মূল ষড়যন্ত্রকাৰীক মৃত্যুদণ্ড নিদিয়া আৰু গোচৰটো ৰেয়াৰেষ্ট অৱ দ্য ৰেয়াৰ হিচাপে গণ্য নকৰাত আক্ষেপ প্রকাশ কৰে অভিৰ পিতৃ অজিত নাথে।ৰায়ক লৈ অভিজিৎ নাথৰ পিতৃ অজিত নাথে কয়, “গোচৰটোৰ ৩০২ ধাৰাত দুটাই শাস্তি আছিল, এটা হ’ল যাৱজ্জীৱন কাৰাদণ্ড আৰু আনটো মৃত্যুদণ্ড । আমাৰ অধিবক্তাই আদালতত দুজনৰ মৃত্যুদণ্ড বিচাৰিছিল; কিন্তু ন্যায়ালয়ে গ্ৰাহ্য নকৰিলে । অলফাজুজ তিমুং আৰু ৰূপছিং ক্ৰৰ মৃত্যুদণ্ড হোৱাটো আমিও বিচাৰিছিলো। ইয়াৰে অলফাজুজ তিমুঙে সমগ্ৰ ঘটনা অৰ্থাৎ হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে সকলোকে সংঘবদ্ধ কৰিছিল আৰু ৰূপছিং ক্ৰ’ই প্ৰকাণ্ড পাথৰেৰে আঘাত কৰি অহা অভি -নীলক হত্যা কৰিছিল । হত্যাৰ নৃশংসতাৰ ওপৰত ভিত্তি কৰি এই দুজনক মৃত্যুদণ্ড দিব লাগিছিল । তথাপি ২০ জনক কাৰাদণ্ডৰ ৰায়ে দুখৰ মাজত সুখৰ ৰেঙনি আহিছে ।” অভি নীলৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিছিল বুলি উল্লেখ কৰি নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে কয়, “২০ জন দোষী আটাইকেইজনকে একেধৰণৰ শাস্তি প্ৰদান কৰিলে । সমগ্ৰ ঘটনাৰ ষড়যন্ত্ৰ কৰা দুই চাৰিজনক অন্তত মৃত্যুদণ্ড আমি আশা কৰিছিলো । মৃত্যুদণ্ডৰ ৰায় হ’লেহে দৃষ্টান্তমূলক শাস্তি বুলি আমি ক’ব পাৰিলো হয় । যাৱজ্জীৱন কাৰাদণ্ডৰ দৃষ্টান্তমূলক শাস্তি বুলি ক’ব নোৱাৰি । অন্তত যি কেইজনৰ ষড়যন্ত্ৰৰ বাবে সমগ্ৰ ঘটনাটো সংঘটিত হ’ল সেইকেইজনৰ ফাঁচী হোৱাটো প্ৰয়োজন আছিল । আদালতে কিয় গোচৰটো ৰেয়াৰ অৱ দ্য ৰেয়াৰ গোচৰ বুলি গণ্য নকৰিলে সেইটোহে বুজি নাপালো । বিচাৰ প্ৰক্ৰিয়াত পলম হৈছে যদিও উচিত বিচাৰ পোৱা বুলি আমি ভাৱিব নোৱাৰো । অৱশ্যে আদালতে এটা সুবিধা ৰাখিছে- দুয়োপক্ষই উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰিব। ইয়াৰ বাবে আমি আমাৰ অধিবক্তাৰ সৈতে আলোচনা কৰিম আৰু সোনকালে সিদ্ধান্ত ল’ম। ইফালে অভি-নীলৰ বন্ধু অংকুৰ শইকীয়াই আজি ৰায় সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোৰ অনুভৱ দুই ধৰণৰ- এটা হ’ল বিগত ৮ বছৰ ধৰি অভি-নীলৰ পিতৃৰ সৈতে ন্যায়ালয়লৈ অহা-যোৱা কৰিলোঁ। ৪৫জন অভিযুক্তক সপ্তাহে-সপ্তাহে, মাহে মাহে চাব লগা হৈছিল। সিহঁতে আমাক দেখি খুঁই পেলাই জোকায়। এই পৰিৱেশৰ পৰা আজি মুক্ত হ’লোঁ। দ্বিতীয়তে ন্যায়ালয়ে ২০জনক দোষী সাব্যস্ত কৰি শাস্তি বিহিছে যদিও আমাৰ ন্যায়ৰ যুদ্ধ শেষ হোৱা নাই। পুনৰ আন এখন ন্যায়ৰ যুদ্ধ আৰম্ভ হ’ব বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে।
