আপ এৰি বিজেপিত যোগদান আপ নেতা ৰাঘৱ চাড্ডাৰ

Pc ThePrint

আপ এৰি বিজেপিত যোগদান আপ নেতা ৰাঘৱ চাড্ডাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমি পার্টী ত্যাগ কৰিলে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। সদনত প্ৰায়ে দপদপাই থকা সাংসদ ৰাঘৱ চাড্ডাৰ দলত্যাগে দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে। কেৱল ৰাঘৱ চাড্ডাই নহয় আপৰ আন ৬ সাংসদ ক্ৰমে ডঃ অশোক মিট্টল, সন্দীপ পাঠক, হৰভজন সিং, ৰাজিন্দৰ গুপ্তা, বিক্ৰম সাহানী আৰু স্বাতী মালিৱালেও দলত্যাগৰ ঘোষণা কৰিছে । ৰাঘৱ চাড্ডাই দল ত্যাগ কৰাৰ কাৰণ বৰ্ণনা কৰিবলৈ গৈ কয়, ‘আমাৰ তেজ ঘাম দি আপক লালন-পালন কৰিছোঁ, আমাৰ যৌৱনৰ ১৫টা বছৰ দলটোক দিলোঁ। কিন্তু এই আপ এতিয়া আদর্শচ্যুত হৈছে। দলটোৱে এতিয়া আৰু দেশৰ বাবে কাম নকৰে, কেৱল ব্যক্তিগত লাভৰ বাবেহে কাম কৰে। আমাৰ ধাৰণা হৈছে যে আমি ভুল দলত আছোঁ। সেইবাবেই আজি আমি আপৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত ঘোষণা কৰিলোঁ আৰু মানুহৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ।’ নতুন দিল্লীত সন্দীপ পাঠক আৰু অশোক মিট্টলৰ সৈতে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি চাড্ডাই কয়, ৰাজ্যসভাত আপৰ ১০ গৰাকী সাংসদ আছে । ইয়াৰে দুই তৃতীয়াংশতকৈও অধিক আমাৰ লগত আছে । তেওঁলোকে স্বাক্ষৰ কৰিছে আৰু আজি পুৱা আমি স্বাক্ষৰিত পত্ৰ আৰু নথি-পত্ৰ ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত জমা দিছো ৷ ৩ জন আপোনাৰ সন্মুখত আছোঁ । আমাৰ বাহিৰেও হৰভজন সিং, ৰাজিন্দৰ গুপ্তা, বিক্ৰম সাহানী আৰু স্বাতী মালিৱাল আছে । দলটোৱে মূল নৈতিক মূল্যবোধৰ পৰা আঁতৰি গৈ এতিয়া জাতিটোৰ বাবে কাম নকৰে বুলি উল্লেখ কৰি চাড্ডাই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে । তেওঁ কয় যে কিছুমানে তেওঁক কৈছিল যে তেওঁ ভুল দলত আছে ।  উল্লেখ্য যে চলিত মাহৰ প্ৰথম ভাগত ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা আঁতৰাই দিয়া হৈছিল ৰাঘৱক। তেতিয়াৰে পৰাই আপ সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনা তুংগত উঠিছিল। সেই সময়ত ৰাঘৱৰ ঠাইত অশোক মিট্টলক ৰাজ্যসভাৰ উপ-দলপতি পদত নিযুক্ত কৰা হয়।