আদৰ-সৎকাৰ – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Vecteezy

আদৰ-সৎকাৰ

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি

এদিন কিবা কাৰণ বসত ৰঙালী বিহুৰ আৰম্ভণি ক্ষণতে গাৱঁৰ আশা নামৰ ছোৱালী এজনী গুৱাহাটী মহানগৰীত যাবলগীয়া হল। সেয়েহে তাই নিজা ফেচবুকৰ চিনাকি ছোৱালী বান্ধৱী এজনীৰ ঘৰত সোমাই আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।আনফালে আশাৰ ফেচবুকৰ বন্ধৱী এলিছা এজনী উচ্চ ঘৰৰ ছোৱালী আৰু গুৱাহাটী মহানগৰীতে ঘৰ তাইৰ। কিন্তু আশা হল এনে সাধাৰণ দৰিদ্ৰ ঘৰৰ ছোৱালী। কিবা কাৰণ বসত দুয়োজনীৰ মাজত ফেচবুকৰ মাধ্যমৰে বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । আশা’ই গুৱাহাটী পায়েই প্ৰথমে নিজৰ কৰিব লগিয়া কামখিনি শেষ কৰি এলিছালৈ ফোনত সম্পৰ্ক সাধন কৰিলে। এলিছায়ে ফোনৰ জৰিয়তে নিজ ঘৰৰ ঠিকনাখিনি দি তাইৰ ঘৰলৈকে আহি যাবলৈ কলে। আশা’ই এলিছাৰ কথামতে চিটি বাছত বহি গণেশগুৰিত নামি তাতে থকা গণেশ মন্দিৰ খোজকাঢ়ি পাৰ হৈ মস্ত ডাঙৰ এটা ৰাজ অট্টালিকাৰ সন্মুখত এলিছায়ে কোৱাৰ মতে গৈ পালে। তাৰ পাছত ইফাল সিফাল চাই অবাক হৈ আকৌ এলিছালৈ ফোন লগালে। এলিছায়ে সিফালেদি অ’ তুমি আহি পাইছাহি নেকি ভিতৰলৈ গেট খুলি সোমাই আহা এই গোটেই বিলডিংটোৱে আমাৰ হয় আহি যোৱা সোমাই। আশা’ই এলিছা এজনী ধনী ঘৰৰ ছোৱালী হয় বুলি অনুমানে কৰিছিল কিন্তু ইমান ধনী ঘৰৰ ছোৱালী হব বুলি সপোনতো ভবা নাছিল। আশা’ই যেয়ে গেট খুলি আগুৱাই গৈছে তাইৰ চিন্তা বহু বাঢ়িবলৈ ধৰিছে। তাই মনে মনে ভাবিছে ৰাঙালী বিহুৰ এই সুন্দৰ ক্ষনত এলিছায়ে তাইক কিমান যে পিঠা, পনা,ন ,ন, পকোৱান,মিষ্টাংগ জা-জলপান, ভোজনৰ জৰিয়তে আদৰ-সৎকাৰ কৰিব তাৰ ঠিকনা নাই।কাৰণ তাইৰ বান্ধৱী এলা-পেচা ঘৰৰ ছোৱালী নহয়। আশা’ই লগতে মনে মনে অভিমানো কৰিছে যে তাই সঠিক ঠাইতে বন্ধুত্বৰ সম্পৰ্ক গঢ়িব পাৰিছে। এনেদৰে আশা’ই মনতে বহু কথা ভাবি ভাবি সোমাই থাকোতেই সিফালেদি একদম বগা,চিকচিকিয়া অপাৰ সুন্দৰী ছোৱালী এজনীয়ে মাত লগালে,অ’তুমিয়েই আশা নেকি । ফেচবুকত চিনাকি মুখ হলেও একেবাৰে ওচৰেদি প্ৰথম সাক্ষাৎ হৈ এলিছায়ে নিজ বান্ধৱীক ঘৰৰ ভিতৰলৈ সোমাই লৈ গল। এনেদৰে কিছুপৰ কথা,চথা পাতি আশাক ড্ৰইং ৰুমতে বহুৱাই এলিছা ঘৰৰ ভিতৰৰ কোঠত খুমাল। ইফালে আশাৰ কৌতূহল আৰু বেচিকৈ বাঢ়িছে কি হব,কি নাই, কি,কি বা বনাইছে খাবলৈ। ঘৰত বা কোনো কোনো আছে। এনেদৰে আশা’ই ভাবি থাকোতে এলিছা’ই ঘৰৰ ভিতৰেদি পানী এগিলাচ আনি আশাক খাবলৈ অনুৰোধ কৰিলে। আশা’ই লাহে লাহে পানী কেইঢোক মান খাই এলিছাক প্ৰশ্ন কৰিলে। তোমাৰ ঘৰত কোনো নাই নেকি ? নে তুমি অকলে থাকা ? এলিছা’ই লগে লগে নাই নাই মোৰ মা,দেউতা, দাদা,ভাইটি সকলো ওপৰফালে নিজ নিজ কামত ব্যস্ত হৈ আছে। তাতে আকৌ বিহুৰ কিছুদিন বন্ধ পাইছে সকলোৱে।ইয়াৰ ওপৰত প্ৰশ্ন কৰিবলৈ মন নগল আশাৰ। কিছুপৰ মৌনতাৰ পিছত এলিছায়ে আশাক কলে ,মোৰো অলপমান ওলাই যোৱা কাম আছে আৰু তোমাৰো চাগে দেৰি হবগৈ ঘৰলৈ ঘুৰি যাবলৈ বলা ওলাই যাওঁ আৰু। আশা’ই লগে লগে কলে ঠিক আছে তেন্তে মই আহোঁ দেই তুমি কেতিয়াবা বিশ্বনাথ চাৰিআলি আহোঁতে আমাৰ ঘৰলৈকে আহিবা ।

আশা’ই খানাপাৰাৰ পৰা বিশ্বনাথ চাৰিআলি অৰ্থাৎ ঘৰলৈকে অহা গাড়ীখনত বহি বহি চিন্তা কৰি কৰি আহি আছে। ভাবিছিলোঁ কিবাহে আৰু ভিতৰলৈ সোমাই দেখিলোঁ কিবাহে। বান্ধৱী হিচাপে গৈ পালোহি সিহতৰ ঘৰ । তাতে আকৌ কি খাইছা,কি নাখাইছা আদি সুধিবলৈ বাদে দিয়ক পৰিয়াল সদস্যবোৰো ওলাই নাহিল দেখা সাস্যাত কৰিবলৈ। ধনী মানুহবোৰে সচাকৈ মানুহক কেনেকৈ আদৰ-সৎকাৰ কৰিব লাগে নাজানে নেকি। তাই মনতে ভাবিলে যে তাইৰ বান্ধৱী যদি কিবা কাৰণ বসত সিহতৰ ঘৰলৈকে আহে তেন্তে তাই এলিছাক ইমানেই আদৰ-সৎকাৰ কৰিব যাতে তাই লাজ পায় যায়। এনেদৰে নানান কথাবোৰ ভাবি থাকোতেই আশাৰ গাড়ীৰ ভিতৰতে কেনেকৈ টোপনি গল গমকে নাপালে।

ৰাতিপুৱা ঠিক চাৰি মান বজাত গাড়ীৰ কণডাক্টৰে চিঞৰি আছে নামা,নামা চাৰিআলিৰ কোন,কোন আছা চাৰিআলি আহি পালে। ঠিক সেই চিঞৰটো শুনি লৰালৰিকৈ বেগ,চেগ লৈ আশা’ই গাড়ীৰ পৰা নামি নিজ ঘৰ অভিমুখে ৰাওনা হল। আশাৰ ঘৰত ৰাতিপুৱাই সকলোৱে উঠি আশা গৈ পোৱাৰ অপেক্ষা কৰি আছিল। আশা’ই ঘৰ পায়েই হাত, মুখ, ধুই মেলিই নিজ ভনীয়েকৰ হাতেৰে বনাই দিয়া চাহ একাপ লৈ মা,দেউতা আৰু ভনীয়েকৰ আগত গুৱাহাটীৰ সকলোবোৰ বিবৰন দি গল। লগতে নিজ ফেচবুকৰ মাধ্যমৰে চিনাকি হোৱা এলিছাৰো ঘৰৰ সকলো কথা কলে।

ৰঙালী বিহু মানেই বিশেষকৈ অসমৰ গাওঁ অঞ্চলত চহৰতকৈ বেছি আনন্দ, উল্লাখৰ দিন বুলি ধৰি ললে হল। সেয়েহে বহাগৰ মাহটো কেনেকৈ অতি সোনকালেই পাৰ হৈ যায় গমকে নাপাই। বহাগৰ সামৰণি অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিবলৈ এলিছা গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আহিব লগা হল। এনেতে তাইৰ আশা’লৈ মনত পৰি ফোন এটি কৰি চাওঁ বুলি ফোনতে সম্পৰ্ক সাধন কৰিলে। ইফালে বিহুৰ ব্যস্ততাৰ মাজতো এলিছা’ই ফোন কৰা দেখি আশা’ই ফোনটো উঠালে। এলিছায়ে বিহুৰ সামৰণি অনুষ্ঠান মৰ্মে তাতে গৈ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কথা কলে।লগতে কথা কথাত আশাৰো ঘৰত প্ৰথমে এবাৰ সোমাই আহিব বুলি কথা দিলে‌।

এলিছা গুৱাহাটীৰ পৰা বিশ্বনাথ পোৱাৰ কিছুপৰ পূৰ্বে আশা গৈ বিশ্বনাথৰ বাচষ্টেছনত গৈ ৰখি আছিল। তেতিয়া ৰাতিপুৱাৰ প্ৰায় পাঁচটা মান বাজিছে। এলিছায়ে সেইদিনা দিনযোৰা কাৰ্যসূচী হাতত লৈ চাৰিআলিলৈ আহিছে।ৰাতিকে আকৌ গুৱাহাটী অভিমুখে ৰাওনা হব তাই। আশা’ই এলিছা বাছৰ পৰা নামি অহা দেখি তাইৰ ওচৰলৈকে গৈ তাইক আলিংগন কৰি ই-ৰিস্কা এটাত দুয়োজনীয়ে উঠি আশাৰ ঘৰৰ দিশে আগুবাঢ়ি নানান ধৰণৰ কথা বতৰাৰ মাধ্যমৰে কিছুপৰ যোৱাৰ পিছত ই-ৰিস্কায়ে আনি আশাৰ ঘৰৰ সন্মুখত ৰখাই দিলে। এলিছা হতবম্ভ হৈ পৰিল।কাৰণ সৰুকৈ এখনি বাঁহ আৰু খেৰৰ জৰিয়তে সজা এখন জুপুৰি ঘৰত কেনেকৈ থাকে মানুহ ইয়াত বুলি মনে মনে ভাবিবলৈ ধৰিলে। এনেতে আশা’ই বেয়া নাপাবা সুমাই আহা আমি এইখন ঘৰতে থাকো আৰু এইয়াই আমাৰ বাবে ৰাজ অট্টালিকা। ঘৰৰ বাহিৰৰ পৰাই আশা,আশাৰ ভনীয়েক লগতে আশাৰ মা,দেউতাকে আহি এলিছাক আদিৰ ঘৰৰ ভিতৰলৈ সোমোৱাই নিছে। ঘৰৰ ভিতৰত চকী এখন পাৰি দিলে আৰু এলিছাক বহিবলৈ অনুৰোধ কৰিলে। ইয়াৰ লগে লগে আশাৰ ভনীয়েকে ভিতৰৰ পৰা পানী এগিলাচ লৈ আনি এলিছাক খাবলৈ আগবঢ়াই দিলে। এনেদৰে কিছুসময় কথা বতৰাৰ পিছত আশাৰ দেউতাকে আশাক উদ্দেশ্য কৰি কলে ,মাইনাক ভিতৰলৈ লৈ যোৱা বিহুৰ বতৰত আমাৰ ঘৰলৈ অতিথিৰূপে গোসাঁইৰ আগমন ঘটিছে গতিকে পিঠা,পনা,লাৰু, জা-জলপান আদি যিহকে আছে সেইবোৰকে ভালদৰে আনন্দমনে আগবঢ়াই দি আদৰ-সৎকাৰ কৰাহি আকৌ। আশা’ই দেউতাকৰ কথা মতে এলিছাক ৰান্ধনী খালতে পিৰা এখন পাৰি নানান প্ৰকাৰৰ পিঠা, পনা,চিৰা, দৈ,মিষ্টাংগ লগতে মাছে-মঙহে,ৰুচি আদি আগবঢ়াই দি খাবলৈ অনুৰোধ কৰিলে। এলিছা’ই কিছুদিন পূৰ্বে আশা তাইৰ ঘৰলৈ যাওঁতে যি একেবাৰে নিন্দনিয় ব্যৱহাৰৰ কৰিছিল তাৰ বিপৰীতে আশাহতে যদিও জুপুৰি ঘৰখনত থাকে তথাপিও পৰিয়ালৰ মানুহৰ আদৰ-সৎকাৰ দেখি লাজতে মুখখন ৰঙা পৰি গল। এলিছা’ই একেবাৰে নিজকে লৈ লজ্জিত হৈ ভাবিলে যে আমি কেৱল ধনৰে ধনী আছোঁ। কিন্তু আশাহত ধনেৰে ধনী নহয় যদিও মনেৰে তেওঁলোকৰ পৰিয়াল আমাতকৈ বহু ধনী। আনফালে বহি আশায়েও মনে মনে ভাবিছে, আমাৰ ককা,আজুককাহতে ঠিকেই কৈছিল কথাষাৰ,” ধনীৰ ঘৰত গৈ ৰং চাবা আৰু দুখীয়াৰ ঘৰত খাবলৈ যাবা “।