লক্ষ্ণৌক ৪০ ৰানত পৰাস্ত ৰাজস্থানৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে লক্ষ্ণৌত অনুষ্ঠিত আইপিএলৰ মেচখনত ৰাজস্থান ৰয়েলছৰ বলাৰৰ নিয়ন্ত্ৰিত বলিঙত তিষ্ঠিব নোৱাৰি ৪০ ৰানত পৰাস্ত হয় ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। এয়া লক্ষ্ণৌ দলটোৰ একেৰাহে চতুৰ্থখন মেচত পৰাজয়। ইফালে, ৰাজস্থানে দুখন মেচত ধাৰাবাহিক পৰাজয়ৰ পাছত বুধবাৰে পুনৰ জয়েৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়। মেচখনত প্রথমে বেটিং কৰি ৰাজস্থানে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৯ ৰান সংগ্ৰহ কৰিছিল। দলটোৰ দুয়োগৰাকী অপেনাৰ আৰু টপ অৰ্ডাৰ বেটছমেনসকল ব্যর্থ হোৱা পৰিলক্ষিত হয়। অপেনাৰ জয়ছোৱালে ২২ আৰু সূৰ্যবংশীয়ে ৮ ৰানত বিদায় লোৱাৰ পিছত ক্ৰীজলৈ অহা ধ্রুব জুৰেলো শূন্যতে আউট হয়। ইফালে, চলিত ছিজনত ফর্মহীনতাত ভুগি থকা অধিনায়ক ৰিয়ান পৰাগেও ২০ ৰান কৰি পেভিলিয়নমুখী হয়। ছিমৰন হেটমায়াৰে ২২ ৰান, দোনোভান ফেৰেইৰাই ২০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰবীন্দ্র জাডেজাই ২৯টা বলত সৰ্বাধিক ৪৩ ৰানেৰে দলীয় স্ক’ৰ ১৫৯ লৈ উন্নীত কৰে। ইফালে, ইমপেক্ট খেলুৱৈৰ শুভম ডুবেই ১১টা বলত ১৯ ৰানৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ মহম্মদ ছামী, প্রিন্স যাদৱ আৰু মহছিন খানে দুটাকৈ উইকেট দখল কৰে। ঘৰুৱা সমৰ্থকৰ সুযোগ লৈ কম স্ক’ৰৰ খেলখনত লক্ষ্ণৌৱে সহজেই জয়ী হ’ব বুলি ক্রীড়াপ্রেমীৰ মাজত চর্চা চলিছিল যদিও ৰাজস্থানৰ বলাৰসকলে আৰম্ভণিৰ পৰা দুৰ্দান্ত বলিঙেৰে প্রতিপক্ষৰ বেটাৰসকলক চাপত ৰাখিবলৈ সক্ষম হয়। অপেনাৰ মিছেল মাৰ্শ্বৰ অর্ধশতৰানৰ বাহিৰে প্ৰথম তিনিগৰাকী টপ অৰ্ডাৰ বেটছমেনক শূন্যতে আউট কৰি ৰাজস্থানে খেলখনত দমনীয় প্ৰদৰ্শন কৰে। দলটোৰ হৈ নিকোলাছ পুৰানে ২২ ৰান আৰু ইমপেক্ট খেলুৱৈ হিম্মৎ সিঙে ১৫ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰে দহকৰ ঘৰো অতিক্রম কৰিবলৈ সক্ষম নহ’ল। ফলত দলটো ১১৯ ৰানতে স্তব্ধ হৈ পৰে। ৰাজস্থানৰ হৈ জফ্ৰা আৰ্চাৰে ৪ অভাৰত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নন্দ্ৰে বাৰ্গাৰ আৰু ব্রিজেছ শৰ্মাই দুটাকৈ উইকেট দখল কৰে। দলটোৰ দুগৰাকী স্পীনাৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবি বিষ্ণৱে এটাকৈ উইকেট দখল কৰে।
