বসন্তৰ ঋতুৰ বর্ণিল বিচিত্র  ৰূপ – দুলুমণি দেৱী

Pc Flowers of India

বসন্তৰ ঋতুৰ বর্ণিল বিচিত্র  ৰূপ

দুলুমণি দেৱী ,মাকুম

বসন্তৰ ঋতুৱে ন’কুঁহিপাতৰ ন আৱৰণে প্রকৃতিক অনন্য এক মাত্রা প্রদান কৰিছে ৷ নতুনকৈ ওলোৱা গছৰ পাত‌বোৰৰ মিঠা সুৱাসে চৌদিশে সুন্দৰ সুগন্ধি বিয়পাই ৷এখিলা দুখিলাকৈ যেতিয়া হাজাৰখিলা পাতেৰে গছজোপা ভৰি পৰে এনে লাগে যেন গছ গছনিৰ মাজত উলাহৰ মাদল বাজিছে৷ফাগুণ চ’ত মাহত শুকান হৈ ধুলিৰে পোত গৈ থকা গছবোৰলৈ ৰসৰ নতুনকৈ সঞ্চাৰ ঘটে ৷ সেয়ে বহাগ যেন কেৱল এটি ঋতুৱে নহয় এটি নতুন প্রভাত ৷

গছৰ পাতবোৰে আকাশলৈ যেতিয়া চাই ৰয় অনন্য আমেজসনা চাৱনিয়ে নীল আকাশৰ বর্ণিল ৰংবোৰেও লুকাফাকু খেলে ৷ বর্ণিল ৰংবোৰে ধৰাৰ বুকুত এনে এক পৰিবেশৰ সৃষ্টি য’ত নেকি আত্মীক সম্পর্কবোৰো সুদৃঢ় হৈ পৰে ৷ কপৌফুলৰ মিচিকিয়া হাঁহিয়ে হেঁপাহৰ দলিচা তৈয়াৰ কৰে যি  নেকি ডেকা গাভৰুৰ মন জয় কৰিব পাৰে ৷ আলসুৱা আলফুলীয়া হাতেৰে খোপাত গুজি লোৱা কপৌফুলে সেউজবুলীয়া তৰংগৰ চানেকি বাচি ভালপোৱাৰ সেউজ উপত্যকা পোহৰাই ৰাখে ৷ প্রকৃতিৰ সেই অনন্য মাদকতাৰ মাজত কুলি কেতেকীৰ মৌ সনা মাতে সোণত সুৱগা চৰায় ৷  গছৰ ডালত লুকাই থাকি ,প্রকৃতিৰ কোমলতাৰ আমেজ লৈ ধুনীয়াকৈ  প্রভাতী পক্ষীয়ে  যিটো মাত দিয়ে এনে লাগে যেন বিনন্দীয়া প্রকৃতিৰ যি মোহময় পৰিবেশ সেয়া সঁচাই অতুলনীয় ৷ তদুপৰি শুকুলা ডাৱৰ ভেদি নামি অহা বৰষুণজাকে গছলতিকা জীপাল কৰি তোলাৰ লগতে শিপাই শিপাই বৈ যোৱা পানীয়ে প্রকৃতিৰ মাজত অনাবিল ৰঙৰ নিজৰা বোৱাই দিয়ে ৷ কৃষকৰ মনাকাশ অনুপম কৰি তোলাৰ লগতে শস্যৰ বীজ সিঁচিবলৈ সকাহ প্রদান কৰে ৷বর্ণিল আকাশৰ বুকুত প্রকৃতিৰ নিভাঁজ ৰং বোৰে প্রশমিত কৰে মানুহৰ কষ্ট ,ক্লান্তি ,অৱসাদ ইত্যাদি ৷