ব’হাগ বিহুৰ
দৰ্শিতা নেওগ।
যোৰহাট,অসম।
ব’হাগ বিহু অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ উৎসৱসমূহৰ ভিতৰত অন্যতম। এই উৎসৱক “ৰঙালী বিহু” বুলিও কোৱা হয়। ব’হাগ বিহু সাধাৰণতে এপ্ৰিল মাহত উদযাপন কৰা হয় আৰু ইয়াৰ জৰিয়তে অসমীয়া নতুন বছৰৰ আৰম্ভণি হয়। বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিৰ সাল সলনি হয়, যেনে: গছে নতুন কুঁহিপাত মেলে , ফুল ফলেৰে ভৰি পৰে আৰু সজীৱ হৈ উঠে, আৰু মানুহৰ মনো উল্লাসেৰে ভৰি পৰে। সেয়ে বহাগ বিহু কেৱল এটা উৎসৱ নহয়, ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু জীৱনধাৰাৰ এক জীৱন্ত প্ৰতিফলন।
ব’হাগ বিহুৰ মূল বৈশিষ্ট্য হৈছে আনন্দ, উল্লাস আৰু একতাৰ অনুভূতি। এই বিহুটিত অসমীয়া তথা অসমৰ সকলোৱে নতুন কাপোৰ পিন্ধে , ঘৰে ঘৰে ঘিলাপিঠা, তিলপিঠা, নাৰিকল লাৰু আদি পৰম্পৰাগত খাদ্য তৈয়াৰ কৰে। পৰিয়ালৰ সকলো সদস্য একেলগে বহি আনন্দ উপভোগ কৰে। বিশেষকৈ ডেকা-গাভৰুৱে বিহু নাচ আৰু বিহু গীত গাই এই উৎসৱটিক অধিক মনোমোহা কৰি তোলে। বিহু গীতত প্ৰেম, প্ৰকৃতি আৰু জীৱনৰ বিভিন্ন দিশ প্ৰকাশ পায়। এই গীত আৰু নৃত্য অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ।
ব’হাগ বিহুৰ সময়ত “হুচৰি” নামৰ এক বিশেষ প্ৰথা দেখা যায়। ডেকাসকলে দল বান্ধি গাঁৱৰ ঘৰে ঘৰে গৈ বিহু গীত গাই আৰু গৃহস্থক আশীৰ্বাদ দিয়ে। গৃহস্থসকলে তেওঁলোকক মান-সন্মান দিয়ে আৰু কেতিয়াবা খাদ্য বা ধনো আগবঢ়ায়। এই প্ৰথাই সমাজত মিলন আৰু ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰে।
এই উৎসৱটি ৭ বিধ (গৰু বিহু,মানুহ বিহু,গোসাঁই বিহু,কুতুম বিহু,চেনেহী বিহু,মেলা বিহু আৰু চেৰা বিহু ) কিন্তু মুখ্য ভাগ তিনিটাহে —গৰু বিহু, মানুহ বিহু আৰু গোঁসাই বিহু। গৰু বিহুত গৰুবোৰক নদী বা পুখুৰীত স্নান কৰোৱা হয় আৰু সিহঁতক যত্ন লোৱা হয়। গৰু কৃষিকাৰ্য্যৰ বাবে অতি প্ৰয়োজনীয়, সেয়ে সিহঁতক এই দিনটোত সন্মান জনোৱা হয়। মানুহ বিহুত মানুহে স্নান কৰি নতুন কাপোৰ পিন্ধে আৰু ডাঙৰসকলৰ পৰা আশীৰ্বাদ লয়। সৰুসকলক মৰম কৰা হয় আৰু উপহাৰ দিয়া হয়। গোঁসাই বিহুত দেৱ-দেৱীক পূজা কৰা হয় যাতে ঘৰখনত শান্তি আৰু সমৃদ্ধি সৃষ্টি হয়।
বহাগ বিহুৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াৰ সামাজিক আৰু সাংস্কৃতিক মূল্য। এই উৎসৱে সকলো মানুহক একেলগে বান্ধি ৰাখে। ধৰ্ম, জাতি বা বৰ্ণৰ পাৰ্থক্য নাৰাখি সকলোয়ে একে আনন্দেৰে এই উৎসৱ পালন কৰে। ইয়াৰ জৰিয়তে অসমীয়া মানুহে নিজৰ পৰম্পৰা ৰক্ষা আৰু সংস্কৃতিক সংৰক্ষণ কৰে আৰু নতুন প্ৰজন্মলৈ আগবঢ়াই দিয়ে।
অৰ্থনৈতিক দিশতো ব’হাগ বিহুৰ গুৰুত্ব আছে। এই বিহুৰ আগে আগে বজাৰত নতুন কাপোৰ, গামোচা, হস্তশিল্প সামগ্ৰী আদিৰ চাহিদা বৃদ্ধি পায়। বিশেষকৈ তাঁত শিল্পীসকলে গামোচা আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন লাভ কৰে। সেয়ে ব’হাগ বিহুৱে অসমৰ অৰ্থনৈতিক জীৱনলৈও এক ইতিবাচক প্ৰভাৱ পেলায়।
শেষত ক’ব পাৰি যে ব’হাগ বিহু অসমৰ আত্মা স্বৰূপ। এই উৎসৱে আনন্দ, একতা, প্ৰেম আৰু সংস্কৃতিৰ সমন্বয় ঘটায়। ই মানুহক পুৰণি দুখ-কষ্ট পাহৰিবলৈ সহায় কৰে আৰু নতুন আশাৰে জীৱন আৰম্ভ কৰিবলৈ প্ৰেৰণা দিয়ে। সেয়ে ব’হাগ বিহু আমাৰ বাবে কেৱল এটা উৎসৱ নহয়, ই আমাৰ গৌৰৱ আৰু পৰিচয়।
