অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চতম ন্য়ায়ালয়ৰ

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চতম ন্য়ায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৭ চনৰ ৩১ মে’ত হোজাই জিলাৰ যমুনামুখৰ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৫৮ বছৰীয়া অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত ধৰ্ষণ কৰি কপিলী নৈত পেলাই দিছিল দুৰ্বৃত্তই ৷ এই  লোমহর্ষক ধর্ষণ আৰু হত্যাৰ চাঞ্চল্যকৰ গোচৰত অভিযুক্তজনৈক মইনুল হকক উচ্চতম ন্যায়ালয়ে দোষমুক্ত কৰিছে। ন্যায়ালয়ে দিয়া ৰায়দানত কোৱা হৈছে যে অভিযুক্ত হকৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত কোনো নিশ্চিত প্রমাণাদি নাই আৰু আনকি তেওঁৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়াটোও আছিল সম্পূর্ণৰূপে ‘সন্দেহৰ আৱৰ্তত।’ ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে অসম চৰকাৰে জনোৱা আবেদন খাৰিজ কৰি মইনুল হকক ধর্ষণ তথা হত্যাৰ অভিযোগৰ পৰা মুক্তি দিয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান বাহাল ৰাখে। আনকি, ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধিৰ ২০১ ধাৰাৰ অধীনত তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগত তেওঁৰ ওপৰত আৰোপ কৰা দোষী সাব্যস্তকৰণকো খাৰিজ কৰে। লক্ষণীয়ভাৱে মইনুল হকে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রদান কৰা ৰায়দানৰ সেই অংশটোক প্রত্যাহ্বানো জনোৱা নাছিল। যোৱা ১৬ এপ্রিলত প্ৰদান কৰা ৰায়দানৰ শুনানি প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা চিন্ময় প্রদীপ শৰ্মা অংশ হোৱাৰ বিপৰীতে জ্যেষ্ঠ অধিবক্তা পি ভি দিনেশে হকৰ হৈ ন্যায়ালয়ক এমিকাছ কিউৰীয়া (ন্যায়ালয়ৰ বন্ধু) হিচাপে সহায় কৰে। চাঞ্চল্যকৰ এই গোচৰটো অসমৰ হোজাই জিলাৰ এলাছি দেউৰী এল পি স্কুলৰ ৫৮ বছৰীয়া প্ৰধান শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত আছিল। ২০১৭ চনৰ ৩১ মে’ত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত বৰাক আক্ৰমণ কৰা হৈছিল। তেওঁক ধর্ষণ কৰি হত্যা কৰাৰ লগতে তেওঁৰ মৃতদেহ কপিলী নদীত পেলাই দিয়া হৈছিল- যিটো অপৰাধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ খলকনিৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত ৰাজ্যখনত অন্যতম ভয়ংকৰ অপৰাধজনিত ঘটনা হিচাপে চিহ্নিত হৈছিল। প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীয়ে কৰা তদন্তৰ অন্তত ২০১৮ চনত এখন নিম্ন আদালতে হকক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল। আনহাতে, সহ-অভিযুক্ত হিচাপে জনৈক চেলিম উদ্দিনক লঘু অপৰাধৰ বাবে দোষী সাব্যস্ত কৰি ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে ২০২২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে হকৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত নিৰ্ভৰযোগ্য প্ৰমাণৰ অভাৱ দর্শাই তেওঁৰ দোষী সাব্যস্তকৰণ তথা মৃত্যুদণ্ড বাতিল কৰিছিল। উচ্চতম ন্যায়ালয়ে প্রদান কৰা ৰায়দানত উচ্চ ন্যায়ালয়ৰ সৈতে সহমত ব্যক্ত কৰি কোৱা হৈছে যে পাৰিপাৰ্শ্বিক প্ৰমাণৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা গোচৰত দোষী সাব্যস্ত কৰিবলৈ প্রয়োজনীয় নিৰ্ভৰযোগ্য শৃংখল স্থাপন কৰাত চৰকাৰী পক্ষ ব্যর্থ হৈছে। ন্যায়ালয়ে তদন্তত থকা ভয়ানক বিসংগতি আৰু ত্রুটিসমূহ আঙুলিয়াই দি হকৰ গ্ৰেপ্তাৰকে ধৰি গোচৰটোৰ মৌলিক দিশবোৰত সন্দেহৰ সৃষ্টি কৰা বুলিহে ৰায়দান কৰিছে। ন্যায়ালয়ে অভিযুক্ত হকক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰো নিৰ্দেশ জাৰি কৰে।