জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে পুৱা জম্মুত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়। ৰামনগৰৰ পৰা উধামপুৰ অভিমুখে গৈ থকা এখন যাত্রীবাহী বাছ নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা প্ৰায় ১০০ মিটাৰ তললৈ বাগৰি পৰে।খবৰ অনুসৰি, এই মর্মান্তিক দুর্ঘটনাত ২১ জন লোকে প্রাণ হেৰুৱাইছে আৰু ৫০ জনকৈয়ো অধিক যাত্রী গুৰুতৰভাৱে আহত হৈছে। পুৱা প্রায় ১০ বজাত সংঘটিত এই দুর্ঘটনাৰ সময়ত বাছখনত প্রায় ৫০ জন যাত্রী আছিল। ইয়াৰে বেছিভাগেই আছিল ৰামনগৰৰ পৰা উধামপুৰলৈ দৈনন্দিন কামৰ বাবে যোৱা সাধাৰণ লোক। দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে খাৱৈত বাগৰি পৰাৰ ফলত বাছখনৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে চূর্ণ বিচূর্ণ হৈ পৰে। ফলত ১৫ জন যাত্রীয়ে থিতাতে প্রাণ হেৰুৱায়। আনহাতে, গুৰুতৰভাৱে আহত আন ৬ জন লোকে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়। ১০০ মিটাৰ তললৈ বাগৰি পৰাৰ পূৰ্বে তীব্রবেগী বাছখনে এখন অটো-ৰিক্সাকো মহতিয়াই নিয়ে। বিষয়াসকলে জানিবলৈ দিয়া মতে, অটোখনৰ যাত্রীসকল আহত হয় যদিও সৌভাগ্যক্রমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে।মৃতসকলৰ ভিতৰত আছে, তিলো ৰাম, প্ৰেম নাথ, কৰ্তাৰ চান্দ, সোম ৰাজ, ৰাম চান্দ, গীতা দেৱী, ৰোমাল সিং, শাৰদা দেৱী, ছানী, বিশালী দেৱী, পুষ্প ৰাজ, ৰামলো ৰাম, গুলাবো দেৱী, জলম সিং, কেশৰ সিং, কান্তা দেৱী আৰু অনিতা দেৱী। দুর্ঘটনাৰ লগে লগে সেই পথেৰে গৈ থকা ভাৰতীয় সেনাৰ এটা কনভয়ে ততাতৈয়াকৈ উদ্ধাৰ অভিযানৰ দায়িত্ব ক্ষিপ্ৰতৰ কৰি তোলে। পৰৱৰ্তী সময়ত এখন হাইড্র ‘লিক ক্ৰেনৰ সহায়ত দুর্ঘটনাগ্রস্ত বাছখন উঠাই অনা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে মৃত লোকসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো মৃতসকলৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে।
