আদালতৰ ৰায়দানকলৈ অসন্তুষ্ট অভি-নীলৰ পিতৃ

আদালতৰ ৰায়দানকলৈ অসন্তুষ্ট অভি-নীলৰ পিতৃ

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে নগাঁও জিলা সত্র আদালতে বহুচর্চিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত অৱশেষত চূড়ান্ত ৰায়দান কৰে।  সুদীর্ঘ ৮ বছৰৰ মূৰত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান কৰি ২০জন অভিযুক্তক দোষী সাব্যস্ত কৰি ৰায়দান দিয়ে আৰু আন ২৫জনক দোষমুক্ত কৰে। গোচৰত দোষী সাব্যস্ত হোৱা অভিযুক্তসকলৰ শাস্তি কি হ’ব তাক আদালতে ২৪ এপ্ৰিলে ঘোষণা কৰিব। ইফালে, নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ক লৈ সন্তুষ্ট নহয় অভি-নীলৰ পৰিয়াল। আদালতে ৰায়দান কৰাৰ পিছত বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অভি-নীলৰ পিতৃ ক্রমে অজিত চন্দ্ৰ নাথ আৰু গোপাল চন্দ্র দাসে কয় যে আদালতৰ এই ৰায়ৰ ওপৰত তেওঁলোক সম্পূর্ণ সুখী নহয়। আদালতে আধাতকৈ বেছি অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে। আমি বিচাৰোঁ সকলো অভিযুক্তই দৃষ্টান্তমূলক শাস্তি পাওক। আধাতকৈ বেছি অভিযুক্ত দোষী হোৱা হ’লে আমি সুখী হ’লোঁহেঁতেন। যিবিলাকে পৰোক্ষ সাক্ষী দিছিল তেওঁলোকৰ বাবেই এইসকল অভিযুক্ত সাৰি গ’ল। এতিয়া ২০জনৰ ভিতৰত যিসকল ৩০২ ধাৰাত দোষী সাব্যস্ত হ’ল তেওঁলোকক দৃষ্টান্তমূলক শাস্তি হিচাপে ফাঁচী দিব লাগে বুলিও তেওঁলোকে মন্তব্য কৰে। তেতিয়াহে তেওঁলোকৰ পৰিয়ালে আদালতক ধন্যবাদ জনাব বুলিও মন্তব্য কৰে দুয়ো অভিভাৱকে। তেওঁলোকে লগতে কয় যে ২৫জন দোষমুক্ত হোৱা বিষয়টো আমি গভীৰভাৱে পৰ্যালোচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্রহণ কৰিম। উচ্চ ন্যায়ালয়ৰ কাষ চপাৰো তেওঁলোকে ইংগিত দিয়ে। ইপিনে, আদালতত উপস্থিত থকা চৰকাৰী পক্ষৰ অধিবক্তা জিয়াউল কামাৰ আৰু আচামী পক্ষৰ অধিবক্তা মানস শৰণীয়ায়ো নিজ নিজ প্রতিক্রিয়া প্রকাশ কৰে। চৰকাৰী পক্ষৰ অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কয়- অহা ২৪ তাৰিখে দোষী সাব্যস্ত হোৱাসকলক ফাঁচী দিব লাগে নে নালাগে তাক নির্ধাৰণ কৰিব পৰা হ’ব। আদালতে দিয়া ৰায়টো চালেহে ক’ব পাৰিম যে ইয়াত ফাঁচী দিব পাৰি নে নোৱাৰি। কাৰণ, দোষীক ফাঁচী দিয়াটো বিৰলতকৈও বিৰল গোচৰত দিয়া হয়। যদি গোচৰটো বিৰল বুলি প্ৰমাণ কৰিব পাৰোঁ, তেন্তে দোষীসকলক ফাঁচীৰ নিৰ্দেশনাৰ বাবে আবেদন বা প্রার্থনা কৰিম। যদি প্ৰমাণ কৰিব নোৱাৰোঁ তেন্তে ই যাবজ্জীবন কাৰাদণ্ড হ’ব। আনহাতে, অভি-নীলৰ পিতৃয়ে গোচৰৰ ৰায়দানৰ প্ৰতিলিপি অধ্যয়নৰ পিছত প্রয়োজন হ’লে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰিব বুলিও কয় জিয়াউল কামাৰে। উল্লেখ্য যে উপযুক্ত প্ৰমাণৰ অভাৱত আদালতে দোষমুক্ত কৰা অভিযুক্তসকল হ’ল বিজু বসুমতাৰী, ধনদা মেছ, সৰুকণ স্বর্গীয়াৰী, ৰাম স্বর্গীয়াৰী, উমেশ খাখলাৰী, সঞ্জয় টেৰাং, বৰসিং ক্ৰ’, মনাসিং বে’, বিষুষ্ণৰাম বড়ো, প্রেমজন ইংতি, ভাগ্যৰাম খাখলাৰী, বিনোদ লহকৰ, মিলন খাখলাৰী, শচীন ওৰফে সুছেন বড়ো, বিজয় স্বর্গীয়াৰী, বুবাই ৰাভা, অকণ দৈমাৰী, প্রতাপ ক্ৰ’, ৰবীন মেছ, পিটৰ ইংতি, লংছন টিমুং, ৰাজু ক্ৰ’, চাছথেনেছ টিমুং, জন ইংতি আৰু বিপুল খাখলাৰী।