বৰথল দলৈগাঁৱত “অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ”ৰ উদ্যোগত সজাগতা সভা

বৰথল দলৈগাঁৱত “অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ”ৰ উদ্যোগত সজাগতা সভা

বৰথল দলৈগাওঁ,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ বৰথল দলৈগাঁও গাঁও পঞ্চায়তত নিৰ্মাণ শ্ৰমিকসকলৰ সৰ্বাংগীণ কল্যাণৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। লাহৰীঘাট, মৈৰাবাৰী আৰু ভূৰাগাঁও আঞ্চলিক কমিটিৰ সভাপতি শ্বাহজাহান বাদশ্বাহ আৰু সম্পাদক নুৰুজ্জামানৰ বিশেষ উদ্যোগত তথা দলৈগাঁও গাঁও পঞ্চায়ত কমিটিৰ সহযোগত এই সভাখনি সফলতাৰে সম্পন্ন হয়।

চৈয়দ মেহদী আলম (নিকু)ৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AITUC-ৰ ৰাজ্যিক সভাপতি মুনিন মহন্ত। তেখেতে ভাষণ প্ৰসংগত “অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ”ৰ অধীনত শ্ৰমিকসকলে লাভ কৰিব পৰা চৰকাৰী সা-সুবিধাসমূহৰ বিষয়ে বিতং বাখ্যা আগবঢ়ায়। ইয়াৰোপৰি নিৰ্মাণ শ্ৰমিক সন্থাৰ জিলা সম্পাদক ডম্বৰু দাস আৰু মৰিগাঁও জিলাৰ প্ৰাক্তন সম্পাদক গণেশ ডেকাই শ্ৰমিকসকলক নিজৰ অধিকাৰৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়।

সভাত উপস্থিত শ্ৰমিকসকলক পৰিষদৰ তৰফৰ পৰা আগবঢ়োৱা বিভিন্ন চৰকাৰী সা সুবিধা তথা শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰৰ বিষয়ে অৱগত কৰা হয়, যাৰ ভিতৰত উল্লেখযোগ্য সুবিধা সমূহ হ’ল:

চিকিৎসা আৰু দুৰ্ঘটনা সাহায্য: জৰুৰীকালীন চিকিৎসাৰ বাবে আৰ্থিক অনুদান আৰু দুৰ্ঘটনাজনিত ক্ষতিপূৰণ।

শৈক্ষিক সাহায্য: শ্ৰমিকৰ সন্তানৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষালৈ (IIT/AIIMS ইত্যাদি) বৃত্তিৰ ব্যৱস্থা।

সামাজিক সুৰক্ষা: বিবাহ সাহায্য, মাতৃত্বকালীন সুবিধা, পেন্সন আৰু মৃত্যুজনিত আৰ্থিক সাহায্য।

গৃহ নিৰ্মাণ ঋণ: ঘৰ সাজিবলৈ বা ফ্লেট ক্ৰয় কৰিবলৈ বিশেষ ঋণৰ সুবিধা, ইত্যাদি।

সভাত স্থানীয় সাংবাদিক খালিদ আহমেদ চৰকাৰ আৰু সাহিত্যিক তথা সাংবাদিক এহিয়া আহমেদৰ লগতে দলৈগাঁও ৱাৰ্ডৰ কৰ্মকৰ্তা সকল ক্ৰমে— মাহিৰ উদ্দিন (১ নং ৱাৰ্ড), হাফিজুৰ ৰহমান (২ নং ৱাৰ্ড), মাহমুদুল হাছান (৩ নং ৱাৰ্ড), জুলফিকাৰ আলী (৫ নং ৱাৰ্ড), মকবুল হুছেইন (৬ নং ৱাৰ্ড), আনোৱাৰুল ইছলাম (৭ নং ৱাৰ্ড), ৰাহিদুল ইছলাম (৮ নং ৱাৰ্ড), শ্বহিদুল ইছলাম (৯ নং ৱাৰ্ড) আৰু তৌহিদুল আলম (১০ নং ৱাৰ্ড) উপস্থিত থাকে। শতাধিক নিৰ্মাণ শ্ৰমিক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা এই সভাখনিৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ সুফল তৃণমূল পৰ্যায়ৰ শ্ৰমিকৰ ওচৰলৈ লৈ যোৱাৰ সংকল্প গ্ৰহণ কৰা হয়।