সুদীৰ্ঘ ৮ বছৰৰ অন্তত অভি-নীল হত্যাকাণ্ডত ২০ জনক দোষী সাব্যস্ত আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ প্ৰায় ৮ বছৰৰ অন্তত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে সমগ্র দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰে। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ৭ বছৰৰো অধিক কাল চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে বহু প্রতিক্ষীত নৃশংস হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান কৰে। আদালতে ছেছন (টি- ১) ৫৩ (এন)/১৮ নম্বৰৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ২০জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫জনক দোষমুক্ত ঘোষণা কৰে। হত্যাকাণ্ডৰ লগত মুঠ ৪৮জন অভিযুক্তৰ নাম সাঙোৰ খাইছিল যদিও ৩জনক আদালতে নাবালক হিচাপে ঘোষণা কৰিছিল। মুঠ ৪৫জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰ চলি আছিল। আদালতে গোচৰত ৭১গৰাকী লোকৰ সাক্ষ্য গ্রহণ কৰিছিল। শেহতীয়াকৈ প্রায় দুমাহ ধৰি গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হোৱাৰ পিছত সোমবাৰে আদালতে ৰায় ঘোষণা কৰে। দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে আদালতে ২৪ এপ্রিলত শাস্তি ঘোষণা কৰিব। আদালতে দোষী সাব্যস্ত কৰা ২০জন হ’ল বিশ্বৰাম স্বর্গীয়াৰী, আলফজাছ টিমুং, পানথেং বসুমতাৰী, ইনোচেন ইংতি, ৰায়কম টিমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেকটে, এনছ টিমুং, প্ৰেছ টিমুং, ৰূপসিং ক্র’, ধন মেছ, বাবুসিং ক্র’, বিক্রম হানচে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যাসিং ৰংপি, মেনসিং ক্র’, দীপজ্যোতি বসুমতাৰী, ওৱাৰেশ ৰংপি আৰু ওন্দা মেচ। দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে ১৪৩, ১৪৭, ৩০২/১৪৯, ১৮৬/১৪৯ আৰু ৩৩২/১৪৯ ধাৰা সন্নিৱিষ্ট হৈছে। উল্লেখ যে ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী যুৱক অভিজিত নাথ আৰু নিলোৎপল দাসক হত্যা কৰিছিল। সেইদিনা প্রকৃতিপ্রেমী দুই যুৱক পাণজুৰি গাঁৱৰ নাতিদূৰৈৰ কাৰ্বি পাহাৰৰ নৈসর্গিক শোভা উপভোগৰ বাবে আহিছিল। নৈসর্গিক শোভা উপভোগ কৰি গুৱাহাটীলৈ ওভতাৰ পথত সোপাধৰাৰ সন্দেহত সেইদিনা সন্ধিয়া পাণজুৰি গাঁৱৰ এদল উন্মত্ত লোকে প্রকৃতিপ্রেমী যুৱক দুজনৰ ওপৰত জপিয়াই পৰে। দুয়োজন যুৱকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো দলটোৱে তেওঁলোকক ৰেহাই দিয়া নাছিল। ফলত, দুই যুৱকে নৃশংসতাৰ বলি হৈ কৰুণ মৃত্যুক সাবটি লয়। অভি-নীলৰ নিৰ্মম হত্যাকাণ্ডৰ সমগ্র ঘটনা সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ বিভিন্ন স্থানত ইয়াৰ প্ৰতিবাদ হৈছিল আৰু এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছিল। অসমৰ উজনি-নামনি সর্বত্র অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল ৰাইজে। পৰৱৰ্তী সময়ত ডকমকা থানাই এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত ক্ষিপ্ৰতৰ কৰি ৪৮জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ঘটনা সন্দৰ্ভত ৮০০ পৃষ্ঠাৰ এখন অভিযোগনামা ডকমকা থানাৰ তদন্তকাৰী বিষয়াই কাৰ্বি আংলং জিলাৰ ডিফু আদালতত দাখিল কৰে। আনহাতে, অভি-নীলৰ পিতৃ-মাতৃয়ে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা স্থানান্তৰ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এখন লেখ আবেদনৰ ভিত্তিত ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত নগাঁও আদালতলৈ প্ৰেৰণ কৰে। উক্ত ৪৮জন অভিযুক্তৰ ভিতৰত প্ৰথম অৱস্থাত এজন আৰু পৰৱৰ্তী সময়ত আন দুজন নাবালক বুলি প্রমাণিত হোৱাত তেওঁলোকৰ বিচাৰ প্রক্রিয়া জুবেইনাল আদালতলৈ স্থানান্তৰ কৰা হয়। তেতিয়াৰ পৰা নগাঁও আদালতত ৪৫জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছিল। তদুপৰি, অভিযুক্তসকল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল।
