দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে  প্রথম টি-২০ত পৰাস্ত ভাৰত

Pc Newsonair

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে  প্রথম টি-২০ত পৰাস্ত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে ডাৰবানত অনুষ্ঠিত প্রথমখন টি-২০ মেচত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ঘৰুৱা দল দক্ষিণ আফ্ৰিকাৰ হাতত ৬ উইকেটত পৰাস্ত হয়। মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দলটোৱে ৫খনীয়া টি-২০ মেচৰ শৃংখলাটোত ১-০৩ অগ্রগতি লাভ কৰিছে। ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ১৫৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়িকা লউৰা ব’লভাৰ্ডৰ দৰ্শনীয় ৫১ আৰু এন্নেৰী ডেকছেনৰ অপৰাজিত ৪৪ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই ১৯.১ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ভাৰতীয় দলটোৰ হৈ শ্রেয়াংকা পাটিলে সর্বাধিক দুটা উইকেট লাভকৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি অধিনায়িকা হৰমন প্ৰীতৰ অপৰাজিত ৪৭, জেমিমা ৰ’ড্রিগুৱেজৰ ৩৬ আৰু শেফালী বাৰ্মাৰ ৩৪ ৰানৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। স্মৃতি মান্ধানাই ১৩ আৰু ৰিচা ঘোষে ৫ ৰান কৰি বিদায় লয়।