লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্রী ড° শৰ্মাৰ

লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্রী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– মহিলাৰ বাবে আসন সংৰক্ষণৰ লক্ষ্যৰে সংসদত উত্থাপন হোৱা নাৰীশক্তি বন্দন অধিনিয়ম বিধেয়কখন লোকসভাত গৃহীত নোহোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে এই বিধেয়কৰ বিৰুদ্ধে থিয় দি ইয়াৰ অনুমোদনত বাধাৰ সৃষ্টি কৰাক লৈ যথেষ্ট সৰৱ হৈ পৰিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। পশ্চিমবংগত নির্বাচনী প্ৰচাৰ অভিযানৰ মাজতে বিধেয়কখন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- পবিত্ৰ সংসদৰ মজিয়াত মহিলাৰ প্ৰতি ৰাহুল গান্ধী আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দেশৰ নাৰীশক্তিক যি অপমান কৰিলে,সেয়া দেশৰ নাৰীসমাজে কেতিয়াও নাপাহৰে। নাৰীয়ে সমাজত আগুৱাই যোৱাটো তেওঁলোকে কেতিয়াও নিবিচাৰে, এয়া পুনৰ প্ৰমাণ হ’ল।দেশৰ মাতৃ-ভগ্নীৰ প্ৰতি থকা তেওঁলোকৰ আক্রোশৰ বহিঃপ্রকাশ ঘটা দেখা গ’ল। এই আক্রোশৰ বাবেই এদিন কংগ্রেছ নিশ্চিহ্ন হৈ যাব। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- যদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নহয়, তেন্তে দেশৰ মহিলাসকলে কিদৰে ক্ষমতা লাভ কৰিব? গতিকে আসন বৃদ্ধি কৰিবই লাগিব। স্বাধীনতাৰ সময়ৰে পৰা সংসদত ৫৪২খন আসন আছে। সেই আসন বৃদ্ধি কৰাটো আইনবিৰুদ্ধ কথা হ’ব নোৱাৰে। আসন বৃদ্ধি কৰাত বিৰোধীৰ সমস্যা ক’ত? আনহাতে সামাজিক মাধ্যম এক্স যোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয়,”১৭ এপ্ৰিলক সদায় ক’লা দিৱস হিচাপে স্মৰণ কৰা হ’ব । কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে প্ৰমাণ কৰিছে যে তেওঁলোক নাৰী বিৰোধী, ই লজ্জাজনক ।”  উল্লেখ্য যে সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে দাখিল কৰা বিধেয়ককেইখন আছিল ক্রমে নাৰীশক্তি বন্দন অধিনিয়ম (লোকসভা-বিধানসভাত মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ বাবে ১৩১সংখ্যক সংবিধান সংশোধনী বিধেয়ক) , লোকসভাৰ আসন পুনৰ বিন্যাস বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত লোকসভা-বিধানসভাৰ আসন বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক। প্রথমখন বিধেয়ক গৃহীত নোহোৱাত বাকী দুখন বিধেয়কৰ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত নহ’ল। বিৰোধীৰ মতে, মহিলাৰ বাবে আসন সংৰক্ষণৰ অচিলা লৈ কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ আসন বৃদ্ধিৰহে পৰিকল্পনা কৰিছে।