পশ্চিমবংগৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিয়ামঃ মুখ্যমন্ত্ৰী ড° শর্মা

Pc Telegraph India

পশ্চিমবংগৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিয়ামঃ মুখ্যমন্ত্ৰী ড° শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- ২৩ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে । পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দিন চমু-চাপি অহাৰ সময়তে আকর্ষণীয় হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান।  এনে ৰাজনৈতিক পৰিৱেশৰ মাজতে চুবুৰীয়া ৰাজ্যখনৰ কালিম্পং, দিনহাটা আৰু সীতাই বিধানসভা সমষ্টিত তিনিখনকৈ বিশাল নির্বাচনী সভাত মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বাংলাদেশীৰ ৰক্ষক বুলি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্রত্যক্ষ অভিযোগ তুলি দার্জিলিঙৰ কালিম্পঙত মুখ্যমন্ত্রী ড° শর্মাই কয়-  পশ্চিমবংগত এতিয়া বাংলাদেশীপ্রীতি দেখুৱাই মমতা বেনাৰ্জীৰ নীতি হৈছে আপোনালোক পশ্চিমবংগলৈ আহক, মই বাধা নিদিওঁ। কিন্তু আপোনালোকে মোক ভোট দিব লাগিব। মুখ্যমন্ত্ৰীৰ শৰ্মাৰ মন্তব্য- ভোটৰ বাবে মমতা বেনার্জীয়ে দেশক বিক্ৰী কৰি পেলাইছে। বাংলাদেশীক পশ্চিমবংগলৈ বিনাবাধাই আহিবলৈ দিয়াৰ এটাই মাত্র চর্ত- তেওঁলোকে তৃণমূল কংগ্রেছক ভোট দিব লাগিব। মমতা বেনাৰ্জীৰ এনে চৰ্তৰ বিপৰীতে বাংলাদেশীৰ চর্ত হ’ল- ভোট তৃণমূল কংগ্রেছকে দিম, কিন্তু পশ্চিমবংগৰ ভূমি আমাক দিব লাগিব, পশ্চিমবংগৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত কৰিব দিব লাগিব। মমতা বেনার্জীয়ে বাংলাদেশীৰ এই চৰ্ত মানি লৈছে।  মমতা বেনাৰ্জীক পুনৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- পশ্চিমবংগ চৰকাৰখন অবৈধ অনুপ্ৰৱেশকাৰীৰ সুৰক্ষাৰ বাবেহে। এই চৰকাৰখনে সীমান্তত ফেঞ্চিং নিৰ্মাণ কৰিব নিদিয়ে। যাৰ ফলত প্রতিদিনে বাংলাদেশৰ পৰা মুছলমান অনুপ্ৰৱেশকাৰী ৰাজ্যখনত প্ৰৱেশ কৰি আছে। যাৰ ফলত পশ্চিমবংগত ২৭ শতাংশ বাংলাদেশী মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে। অসমতো কংগ্ৰেছৰ শাসনকালত একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল। বাংলাদেশীয়ে জনবিন্যাসৰ পৰিৱৰ্তন ঘটাই সনাতনত হিন্দু সমাজক নিশ্চিহ্ন কৰিব খুজিছে। কিন্তু এতিয়া অসমত বাংলাদেশী প্ৰৱেশৰ পথ বন্ধ কৰা হৈছে। কিন্তু পশ্চিমবংগত বাংলাদেশী মুছলমানৰ প্ৰৱেশৰ পথ মমতা বেনাৰ্জীয়ে খোলা ৰাখিছে। সেয়েহে মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা আমি আঁতৰাব লাগিব। নহ’লে পশ্চিমবংগ বাংলাদেশী মুছলমানে লৈ যাব। চৰকাৰ সলনিৰ পোষকতা কৰি তেওঁ প্রতিশ্রুতি দি কয়- বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিলে আমি এই অঞ্চলৰ পৰা সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াম। লগতে তেওঁ কয় যে যদি বিজেপি ক্ষমতালৈ আহে তেন্তে গোর্খালেণ্ড সমস্যাৰ সাংবিধানিক সমাধান বিচাৰি উলিয়াব আৰু গোর্খাসকলক ন্যায় প্রদান কৰিব। ইফালে দিনহাটাত জনসমাৱেশত টিএমচিৰ প্রাক্তন বিধায়ক তথা আম জনতা উন্নয়ন পাৰ্টিৰ প্রতিষ্ঠাপক হুমায়ুন কবীয়ে বংগত বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অসমত যদি এনে চেষ্টা কৰা হ’লহেঁতেন তেন্তে তেওঁ কঠোৰ ব্যৱস্থা গ্রহণ কৰি তেনে লোকক কাৰাগাৰত ভৰাই থ’লোঁহেঁতেন।