গৰু বিহুৰ দিনা কৃষ্ণাই নৈত সলিল সমাধি দুই যমজ ভাতৃৰ
ৰঙিলী বাৰ্ত্তাসেৱা- হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে গৰু বিহুৰ দিনা কৃষ্ণাই নৈত গো-ধনক গা ধুৱাবলৈ গৈ নৱম শ্ৰেণীত অধ্যয়নৰত দুই যমজ ভাতৃৰ সলিল সমাধি। জানিব পৰামতে, জিলাখনৰ মৰনৈ থানাৰ অন্তৰ্গত টেঙাবাৰী গাঁওনিৱাসী অতি দৰিদ্ৰ পৰিয়াল নিশিমোহন নাথ আৰু জোনালী নাথৰ দুই যমজ সন্তান তথা দহিকটা ভোজমালা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ দীপাংকৰ নাথ (১৫) আৰু দেৱাশিস নাথ (১৫) গৰু বিহুৰ দিনা পুৱা ৭ মান বজাত পৰিয়ালৰ আত্মীয়ৰ সৈতে কৃষ্ণাই নৈত গৰু গা ধুৱাবলৈ গৈছিল। গৰু গা ধুৱাই থকাৰ সময়তে হঠাৎ নৈৰ মাজত থকা দ’ গাঁতত সোমাই যায় দুয়ো ভাতৃ। তাৰ পাছত ইজনে আনজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰে যদিও দুয়ো সাবটা সাবটিকে ধৰি পানীৰ তলত সোমোৱাই যায়। ইফালে সেই সময়ত ঘটনাস্থলীত দুই ভাতৃৰ ককাক নিবাৰণ নাথৰ বাদে আন কোনো উপস্থিত নাছিল। নাতি ল’ৰা দুটা নৈৰ পৰা উঠি ঘৰত যোৱাৰ কথা অনুমান কৰি ঘৰলৈ উভতি আহিছিল। পিছে বহু সময় ধৰি ঘৰৰ ল’ৰা ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ লোকে কোনো বন্ধুৰ ঘৰত দুয়ো যোৱাৰ সন্দেহ কৰি বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্র নাপায়। ফলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পিছত মৰনৈ আৰক্ষীক খবৰ দিয়াৰ লগতে স্থানীয় ৰাইজে নৈত জাল লৈ, পানীত ডুবি সন্ধান আৰম্ভ কৰে। পাছত এছডিআৰএফ বাহিনী উপস্থিত হৈ নৈত উদ্ধাৰ অভিযান চলাই মৃতদেহ দুটা উদ্ধাৰ কৰে।
