“ঘৰৰ কাম কেৱল মহিলাৰ দায়িত্ব নে?
পুৰুষেও সমানে সমানে ভাগ লোৱা উচিত?”
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
বিষয়টো দেখি হৃদয় স্পৰ্শ কৰিলে হাতত কলমটো উঠাই লৈছোঁ। এখন ঘৰ সুন্দৰ ভাবে পৰিচালনা কৰিবলৈ হ’লে পুৰুষ/মহিলা মানে স্বামী/স্ত্ৰীৰ সমান সহযোগিতা লাগে। ঘৰুৱা সকলো কাম অকল মহিলা গৰাকীয়ে কৰিব পুৰুষজনে পুৰুষত্বৰ মই মতালি কৰি থাকিলে তেনে ঘৰ নৰক সদৃশ হ’ব।
আগৰ দিনত পুৰুষসকলে ঘৰুৱা দায়িত্ব লোৱা নাছিল কেৱল মহিলাসকলে পালন কৰিছিল।কাৰণ ঘৰুৱা উপাৰ্জনৰ কাৰণে পুৰুষজন বাহিৰলৈ ওলাই যাব লগা হৈছিল। সেই সময়ত প্ৰায়ভাগ মহিলা যিহেতু ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ গতিকে ঘৰুৱা সকলো কাম মহিলা গৰাকীয়ে কৰিব লগা হৈছিল আৰু তেনেকৈয়ে সমিলমিলেৰে চলি গৈছিল।
বৰ্তমান যান্ত্ৰিকতাৰ যুগত সকলো সলনি হৈছে। এতিয়া পুৰুষজন আৰু মহিলাগৰাকী সমানে কৰ্ম কৰিব লাগে তেতিয়াহে ঘৰখন সুচাৰুৰূপে চলিব পাৰে।দুয়োগৰাকীয়ে একেলগে কৰ্মশীল হ’লেহে পৰিয়ালৰ ভৰণ পোষণ দিব পাৰে ।তাৰ কাৰণে দুয়ো সমানে সহযোগিতা কৰিব লগা হয় ঘৰুৱা কামতো ।এয়া কোনো বেয়া কথা নহয়। পুৰুষ আৰু প্ৰকৃতিৰ সংমিশ্ৰণ হ’লেহে পৰিপূৰ্ণ হয় ঠিক তেনেকৈ এজনে আনজনৰ সহায় ল’ব লাগিব তেতিয়াহে ঘৰখন স্বৰ্গৰ অমৰাৱতীলৈ ৰূপান্তৰিত হ’ব।সন্তানৰ দায়িত্ব , বজাৰ সমাৰ ,আলহী অতিথি ,বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব সকলো কৰিব লাগিলে স্বামী-স্ত্ৰী মানে পুৰুষ /মহিলা সহযোগ গুৰুত্বপূৰ্ণ।
