সুৰ বিহীন ব’হাগ
মীনাক্ষী গোস্বামী
সুৰ বিহীন ব’হাগ যেন এটি আধৰুৱা স্বপ্ন
বিষাদেৰে ভৰি উঠা
প্ৰতিটো মুহূৰ্তই উকা উকা—
এতিয়া কেউকাষে কেৱল নিস্তব্ধ বেদনা.,
অনূভৱী মনবোৰে নীৰৱে উচুপি উঠে .”
—হঠাতেই হেৰাল আমাৰ চোতাল ৰ জোনাক”।
হৃদয় কঁপাই নামি আহে
এটি বিষণ্ণ, হুমুনিয়াহ ।
অশ্ৰুসিক্ত আকাশ আজি শব্দহীন, বাকৰূদ্ধ।
প্ৰতিটো পলে বিচাৰি ফুৰে হেৰোৱা সেই মৰমৰ কন্ঠ।
