যুদ্ধৰ শেষত – গকুল চৌধুৰী

Pc The New Yorker

যুদ্ধৰ শেষত

গকুল চৌধুৰী
হাকামা, ধুবুৰী

যুদ্ধভূমিৰ কবিতা এটা লিখাৰ
আগত
যুদ্ধভূমিত থিয় হৈ এদিন
মই সুধিছিলোঁ এজন
যুদ্ধৰত গুলীবিদ্ধ সৈনিকক
যুদ্ধৰ শেষত কি  ?
যুদ্ধৰ শেষত কি  ?
যুদ্ধভূমিত যুঁজি যুঁজি সিদিনা
শেষ নিশ্বাস ত্যাগ কৰাৰ
আগত তেওঁ কলে মোক
ইফালে
এখন অভিশপ্ত মৰিশালি
সিফালে
মৃতদেহৰ লানি নিচিগা
শাৰীত জীৱনৰ সমাধি  ৷
ইফালে
ধংসস্তুপত ধংসৰ চানেকি
সিফালে
তেজে ধুৱা ৰক্তাক্ত পৃথিৱী ৷
মই আকৌ সুধিছিলোঁ
যুদ্ধৰত গুলীবিদ্ধ সৈনিকক
যুদ্ধৰ শেষত আৰুনো কি ?
যুদ্ধৰ শেষত আৰুনো কি ?
তেওঁ কৈছিল মোক
মই শুনিছিলোঁ তেওঁক
যুদ্ধৰ শেষত হেনো
আৰু বহুত কিবা কিবি
যুদ্ধৰ শেষত হেনো
আৰু বহুত কিবা কিবি ৷
সামৰণি নোহোৱা অন্য এক
নতুন অধ্যায়ৰ পাতনি
যুদ্ধবিধস্ত প্ৰতিখন দেশত
ধংস সা – সম্পত্তি , স্তব্ধ
উন্নতি , ৰুদ্ধ প্ৰগতি , বিধস্ত
অৰ্থনীতি, প্ৰদুষণযুক্ত প্ৰকৃতি
দুৰ্ভিক্ষ,শান্তিৰ ঠাইত অশান্তি ৷
দিন ,মাহ ,বহু বছৰ ধৰি
বিভিষীকাময় পৰিস্থিতি
তাৰ মাজতে
তাৰ মাজতে এখন পুৰনি
যুদ্ধৰ সমাপ্তি আৰু এখন
নতুন যুদ্ধৰ আৰম্ভণি ৷
নিজৰ দেশৰ হকে যুদ্ধ কৰি
নিজৰ জন্মভূমিক ৰক্ষা কৰি
শ্বহীদ হ’বলৈ ওলোৱা
যুদ্ধৰত গুলীবিদ্ধ সৈনিকে
কোৱা যুদ্ধৰ হৃদয়বিদাৰক
ভয়াবহ গল্প – কাহিনী শুনি
মই জানিছিলোঁ
মই বুজিছিলোঁ
যুদ্ধ লগাৰ আচল কাৰণ কি ?
চিৰশত্ৰু দুখন দেশৰ মাজত
ৰাজনীতি অথবা কুটনিতী
নিজৰ বুলি দাবী কৰি চিৰশত্ৰু
দেশৰ ভূমি দখল কৰাৰ চেষ্টা  ৷
দেশৰ সীমাক লৈ অৰিয়া অৰি
প্ৰাকৃতিক সম্পদক লৈ টনা টনি
অস্ত্ৰ-সস্ত্ৰ বিক্ৰী কৰি ধনী হোৱাৰ
গুপ্ত পৰিকল্পনা ইত্যাদি ইত্যাদি ৷
যুদ্ধভূমিত থিয় হৈ যুদ্ধৰত
গুলীবিদ্ধ শ্বহীদক অভিবাদন
জনাই
যুদ্ধৰত গুলীবিদ্ধ শ্বহীদক
শ্ৰদ্ধাঞ্জলি যাচি মনৰ পৰা
প্ৰাৰ্থনা কৰিছিলোঁ যুদ্ধৰ শেষত
আৰু কোনোদিনে যুদ্ধ নহওক
যুদ্ধৰ শেষত যুদ্ধ শেষ হৈ
হওক চিৰদিন – চিৰকালৰ
বাবে ইতিহাস – বুৰঞ্জী  ৷