পদপথৰ চিঞৰ
বনজিত দাস
ৰিহাবাৰী , বজালী
মুখাৰ আঁৰৰ মুখা
মুখাৰ আঁৰৰ মুখাবোৰ সুলকিছিল
থিক সিদিনাই
হত্যা কৰা হৈছিল গণতান্ত্ৰিক অধিকাৰ
অনাহাৰলৈ ঠেলি
ভোকাতুৰ গ্ৰাহলৈ নিৰ্যাতন
হত্যা হৈছিল এদ’ল খুটি খোৱা মানুহ
ভাঙি দিয়া হৈছিল পথমুক্ত অজুহাতত
চুৰমাৰ কৰি দিয়া হৈছিল
কলিজাবোৰ
খুটি খোৱা মানুহৰ দোকানবোৰ
যাতে তাঁহাত থিয় হৈ খোজ কাঢ়িব নোৱাৰে
আঠুকাঢ়ি জীৱন নিৰ্বাহ
নিৰ্লজ্জ গোৰ
কাৰ ইমান চক্ৰান্ত
অধিকাৰবোৰ কাঢ়ি লোৱাৰ তাৰনা
মুখাৰ আঁৰৰ মুখা নেদেখা এখন মুখা
সিদিনাই সুলকিছিল
মুখাৰ আঁৰৰ মুখা ।
আকাশলৈ থুৱাই দিছিল
থুৱাইছিল মানৱতাৰ হত্যাকাৰীক
সন্তানবোৰে মুক্ত আকাশলৈ চাই
হাত দাঙিছিল
আমিও উৰিব খোজো
মুকলি আকাশত ।
মানুহবোৰ দৌৰিছিল পদ পথত
মাত্ৰ দৌৰিছিল
এটা নতুন পথৰ সন্ধানত
এখন মুক্ত আকাশ।
