বিধানসভাত উত্থাপন ইউচিচি

বিধানসভাত উত্থাপন ইউচিচি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাত উত্থাপন হ’ল বহুচর্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক, চমুকৈ ইউচিচি। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সদনত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্রী অতুল বৰাই সদনৰ মজিয়াত উত্থাপন কৰে দ্য ইউনিফর্ম চিভিল কউ আছাম বিল-২০২৬ অর্থাৎ সমৰূপ নাগৰিক সংহিতা, অসম-২০২৬ বিধেয়ক। বিধানসভাত দাখিল কৰা এই ইউচিচি বিধেয়কে সামাজিক ক্ষেত্রত নিধন কৰিলে একাধিক গুৰুত্বপূৰ্ণ নীতি-নিয়ম। উল্লেখ্য যে পঞ্চদশ বিধানসভাৰ অন্তিম সময়ত সদনতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত ইউচিচি অনা হ’ব বুলি ঘোষণা কৰিছিল। সেইমৰ্মে সোমবাৰে বিধানসভাত ইউচিচি দাখিলৰ পিছতে দেশত গোৱা, উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত ইউচিচি বলৱৎ কৰাৰ দিশে অগ্ৰসৰ হোৱা অসম চতুৰ্থ ৰাজ্য হিচাপে পৰিগণিত হ’ল। মুখ্যতঃ সকলো সম্প্ৰদায়ৰ মাজত ন্যায়ৰ সমতা অনাৰ লক্ষ্যৰে বিধানসভাত উত্থাপন কৰা ইউচিচি বিধেয়কখন সংশোধন আৰু দীঘলীয়া চৰ্চাৰ অন্তত আইনত পৰিণত হোৱাটো নিশ্চিত। মন কৰিবলগীয়া যে যোৱা ১৩ মে’ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকে ইউনিফর্ম চিভিল কোড (ইউচিচি) ৰ খচৰা বিধেয়কত অনুমোদন জনাইছিল। এই খচৰা বিধেয়কতে স্পষ্ট কৰা আছে যে অনুসূচিত জনজাতি (পার্বত্য) আৰু অনুসূচিত জনজাতি (ভৈয়াম)ৰ লোকসকল এই আইনৰ আওতাৰ পৰা বাহিৰত থাকিব। তদুপৰি পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানসমূহকো এই সমৰূপ নাগৰিক সংহিতাৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। আজি উত্থাপিত বিধেয়কখনে মুখ্যতঃ চাৰিটা বিষয়ক সামৰি লৈছে। এই বিষয়কেইটা হ’ল- বিবাহৰ ন্যূনতম বয়স, বহুবিবাহ নিষেধ, পৈতৃক সম্পত্তিৰ ওপৰত কন্যাৰ সম-অধিকাৰ আৰু বিবাহ-বহির্ভূতভাৱে বসবাস কৰা লিভ-ইন ৰিলেচন। সদনত দাখিল হোৱা ইউচিচি বিধেয়কৰ জৰিয়তে সামাজিক ন্যায় আৰু সমতা প্রদানৰ লক্ষ্য লোৱা হৈছে। বিবাহৰ ক্ষেত্রত ইউচিচিত এলানি কঠোৰ নিয়মাৱলী আৰোপ কৰা হৈছে। সেই অনুসৰি মিছা কথাৰে বিয়া পাতি আনিলে সাত বছৰপৰ্যন্ত কাৰাবাস হ’ব। বিধেয়কখনত বিবাহৰ ক্ষেত্ৰত পুৰুষৰ বাবে ২১ আৰু মহিলাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰাৰ লগতে কাজী, পুৰোহিতক বিবাহৰ পৰম্পৰা পৰিচালনাৰ কর্তৃত্ব প্ৰদান কৰা হৈছে। লক্ষণীয়ভাৱে ইউচিচিত স্পষ্ট কৰি দিয়া হৈছে যে যিকোনো বিবাহ সম্পন্ন হোৱাৰ দুমাহ অৰ্থাৎ ৬০ দিনৰ ভিতৰত পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। বিবাহ পঞ্জীয়নৰ কর্তৃত্ব দিয়া উপ-পঞ্জীয়কসকলে যদিহে হেমাহি কৰে তেন্তে বিধেয়কখনত কঠোৰ নিয়মাৱলী সন্নিৱিষ্ট কৰা হৈছে। এই অনুসৰি যিসকল উপ-পঞ্জীয়কে ইচ্ছাকৃতভাৱে ধাৰা ১৩ৰ উপধাৰা (২) অনুসৰি কাম কৰাত ব্যর্থ হয় তেওঁলোকে ২৫ হাজাৰ টকাৰ অনধিক জৰিমনাৰে দণ্ডনীয় হ’ব। ইফালে, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো নিৰ্ধাৰণ কৰা হৈছে আন এলানি গুৰুত্বপূৰ্ণ নিয়ম। বিবাহ বিচ্ছেদৰ সময়ত যদি দম্পতীটোৰ ৫ বছৰৰ তলৰ সন্তান থাকে, তেন্তে তেনে সন্তান মাকৰ সৈতে থাকিব। সকলো ধৰণৰ বিবাহ বিচ্ছেদ নিয়ম-বহির্ভূতভাৱে অন্ত পেলাব লাগিব অন্যথা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ইউচিচি বিধেয়কৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে লিভ-ইন ৰিলেচন। নৱপ্ৰজন্মৰ মাজত বৃদ্ধি পোৱা লিভ-ইন ৰিলেচনে অনা নানান আইনী বিতর্ক তথা এনে সম্পর্কই অনা সামাজিক খেলিমেলিৰ বাবে ইউচিচিক লিভ-ইন ৰিলেচনৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। লিভ-ইন ৰিলেচনশ্বিপত থকাত বাধা নাই যদিও এই ধৰণৰ সম্বন্ধ পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। বিবাহ অবিহনে ল’ৰা-ছোৱালী একেলগে থাকিব পাৰিব। কিন্তু এই সম্বন্ধ পঞ্জীয়ন হ’ব লাগিব। লিভ-ইন ৰিলেচন আৰম্ভ কৰাৰ লগে লগে ল’ৰা-ছোৱালীহালে উপ-পঞ্জীয়কক বিষয়টো অৱগত কৰিব লাগিব আৰু উপ-পঞ্জীয়কে লিভ-ইন ৰিলেচনৰ কথা স্থানীয় থানাক অৱগত কৰিব। যদি কোনো যুৱক-যুৱতীয়ে উপ-পঞ্জীয়কক নজনোৱাকৈ লিভ-ইন ৰিলেচন চলাই থাকে আৰু এই সম্পর্কই যদি এমাহ অতিক্রম কৰে, তেন্তে তেওঁলোক দোষী সাব্যস্ত হ’ব। কোনো এজন বিবাহিত হ’লে লিভ-ইন ৰিলেচনত থাকিব নোৱাৰিব। ইউচিচিৰ জৰিয়তে মুখ্যতঃ সংগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কঠোৰ নিয়মাৱলী বান্ধি দিয়া হৈছে। সমান্তৰালভাৱে সন্তানৰ পিতৃ-মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ বাবেও এই ব্যৱস্থা গ্রহণ কৰা হৈছে। লিভ-ইন ৰিলেচনত যদি সন্তান জন্ম হয়, তেন্তে সেই সন্তান বৈধ হ’ব। এই সম্বন্ধত থকাৰ পিছত যদি বিচ্ছেদ হয়, তেন্তে মহিলাগৰাকীয়ে ভৰণ-পোষণ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব। ৰাজ্যৰ বাহিৰত লিভ-ইন ৰিলেচনত থাকিলেও একে নিয়ম প্রযোজ্য হ’ব। লিভ-ইন ৰিলেচনৰ পঞ্জীয়ন নহ’লে ১০ হাজাৰ টকা জৰিমনাৰ লগতে তিনি মাহৰ কাৰাবাসৰো শাস্তি উল্লেখ কৰা হৈছে ইউচিচিত। আনহাতে ইউচিচিৰ জৰিয়তে বহুবিবাহ আৰু বাল্যবিবাহৰ ক্ষেত্ৰত কঠোৰ নিয়ম ধাৰ্য কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ধাৰা ৮২ৰ অধীনত বাল্য বিবাহ কৰা ব্যক্তিক দুবছৰ পর্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহাৰ নিয়ম ধাৰ্য কৰা হৈছে। একেদৰে বৈধ বিবাহ বিচ্ছেদৰ পদ্ধতি উলংঘা আৰু অবৈধভাৱে বিবাহ বিচ্ছেদ কৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা ৰখা হৈছে ইউচিচিত। বিশেষকৈ বহুবিবাহৰ ক্ষেত্ৰত বিধেয়কখনত ইউচিচিত বহুবিবাহ সম্পন্ন কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তি বিধান কৰা হৈছে। সমান্তৰালভাৱে বাল্যবিবাহৰ ক্ষেত্ৰতো বিধেয়কখনত স্পষ্ট কৰি দিয়া হৈছে এলানি কঠোৰ নির্দেশনা। বিবাহৰ ক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ ন্যূনতম বয়স নির্ধাৰণ কৰি দিয়াৰ লগতে বিবাহ পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। ইউচিচি বলবৎ হ’লেই অসম মুছলমান বিবাহ-বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন অধিনিয়ম ২০২৪ বাতিল হ’ব। ইফালে, সদনত বিধেয়কখন উত্থাপনৰ পিছত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়- আমাৰ ৰাজ্যত বিভিন্ন জাতি, ধৰ্ম, ভাষাভাষীৰ লোক আছে। ইউচিচিৰ মূল উদ্দেশ্য হৈছে দেশৰ সকলো নাগৰিককে এখন আইনত সামৰি লোৱা। দেশত থকা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত পৃথক পৃথক আইন পৰিচালিত হৈ আছে। এনে ধৰণৰ আইনে সমাজত অসমতাৰ সৃষ্টি কৰিছে, বৈষমতাৰ সৃষ্টি কৰিছে, বিভাজনৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বৰ কাৰ্যকালতে ইউচিচি আইন আনিব বুলি ঘোষণা কৰিছিল। সেইমৰ্মে নতুন চৰকাৰ গঠন হোৱাৰ প্ৰথমটো বিধানসভা অধিৱেশনতে ইউচিচি উত্থাপন হ’ল। বিধেয়কখন পাৰিত কৰাৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যা নহ’ব। বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ ওচৰত ১০২জন বিধায়ক আছে। গতিকে, অনায়াসে এই বিধেয়কখন বিধানসভাত অনুমোদিত হ’ব। এই বিধেয়কখনৰ জৰিয়তে মহিলাসকলে ন্যায় পোৱাটো নিশ্চিত। কিছুমান ধর্মভিত্তিক আইনৰ বাবে মহিলাসকল বঞ্চিত হৈ আছে। একেদৰে সম্পত্তি তথা ভূমি অধিকাৰ, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো থকা কিছুমান নিয়ম এই ইউচিচি বিধেয়কে নস্যাৎ কৰি ইয়াক সমতালৈ অনাৰ প্ৰয়াস কৰিছে। এই বিধেয়কখন গৃহীত হ’লে মহিলাসকলে পৰিয়ালৰ অন্য লোকৰ দৰে সম-অধিকাৰ লাভ কৰিব। ইয়াৰ জৰিয়তে সংবিধানত যি সমতাৰ কথা উল্লেখ কৰা আছে, ধৰ্মনিৰপেক্ষতাক সম্মান জনোৱা হ’ব। ইফালে,  বিধানসভাত ইউচিচি বিধেয়ক উত্থাপনৰ পিছতে ইয়াৰ বিৰোধিতাত সৰৱ হ’ল কংগ্রেছ বিধেয়ক।  অতুল বৰাই বিধেয়কখন উত্থাপনৰ পিছতে লগে লগে আপত্তি দর্শায় বিৰোধী কংগ্রেছে। বিধেয়কখন সদনত উত্থাপনৰ পূৰ্বে চৰকাৰে কিয় আলোচনা নকৰিলে বুলি প্রশ্ন তোলে বিৰোধীয়ে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বিধেয়কখনৰ সন্দৰ্ভত কয়- বিধেয়কখন সদনত অনাৰ পূৰ্বেই ৰাইজৰ মতামত লোৱাৰ প্ৰয়োজন আছিল, দল-সংগঠনৰ লগত আলোচনা কৰিব লাগিছিল। আনহাতে জ্যেষ্ঠ নেতা বাজেদ আলী চৌধুৰীয়ে ইউচিচিত থকা লিভ-ইন ৰিলেচনৰ প্ৰসংগত কয়- এই সম্বন্ধ সমাজে ভাল নাপায় আৰু ইয়াক সমর্থনো নকৰে। এই সম্বন্ধ সম্পূৰ্ণৰূপে বন্ধ হ’ব লাগে। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে চৰকাৰে কোৱা ধৰণে যদি ইউচিচি বিধেয়ক সমাজৰ বাবে ভাল, তেন্তে ৰাজ্যখনৰ জনতাৰ লগত বিধেয়কখন অনাৰ আগতে আলোচনা নকৰিলে কিয়? অখিল গগৈয়েও ইয়াৰ বিৰোধিতা কৰি কয়- ইউচিচিত নতুনত্ব একো নাই। মাত্ৰ ৰাজনৈতিক এজেণ্ডাৰে এই বিধেয়কখন অনা হৈছে।